৮০ বছৰ বয়সতো মানৱসেৱাৰ প্ৰতি আকৰ্ষণঃ হাফিজুৰ ৰহমানৰ মিছন জীৱন

Story by  atv | Posted by  Munni Begum • 10 h ago
 হাফিজুৰ ৰহমান
হাফিজুৰ ৰহমান
 
কুতুব আহমেদ / নাদিয়া
 
পিছপৰা শ্ৰেণীৰ ছোৱালীক সহায় আৰু সবলীকৰণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যক্তিৰ নাম হৈছে হাফিজুৰ ৰহমান। নিজৰ সামাজিক সংগঠন লক্ষ্মীগাচা জনকল্যাণ সংঘ (Lakshmigachha Janakalyan Sangha)ৰ জৰিয়তে তেওঁ এই মহান কাম অব্যাহত ৰাখিছে। 
 
কলকাতাৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নাদিয়া জিলাৰ চাপৰা থানাৰ অন্তৰ্গত তেওঁৰ জন্ম গাঁও লক্ষ্মীগাচাত তেওঁক মৰমেৰে হাফিজুৰ চাহাব নামেৰে জনা যায়। বছৰ বছৰ ধৰি তেওঁ তৃণমূল পৰ্যায়ত দৃঢ়তা আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতীক হৈ পৰিছে। এতিয়া ৮০ বছৰীয়া হাফিজুৰ ৰহমানে সেৱা আগবঢ়োৱা লোকসকলৰ ওচৰত থাকি এক সাধাৰণ জীৱন যাপন কৰি আহিছে। নম্ৰতা, অধ্যৱসায় আৰু দৃঢ় মনোভাৱৰ সহায়ত  তেওঁ চৌপাশৰ সকলোৰে পৰা গভীৰ সন্মান আৰু প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে।
 
মহিলা প্ৰশিক্ষাৰ্থীৰ সৈতে হাফিজুৰ ৰহমান
 
এদিন পুৱা লক্ষ্মীগাচা বাছ ষ্টেণ্ডত হাফিজুৰ ৰহমানক লগ পাওঁতে তেওঁ নাতিৰ লগত হাতে হাত ধৰি থিয় হৈ মোক উষ্ম হাঁহিৰে সম্ভাষণ জনায় আৰু নিজৰ ঘৰলৈ লৈ যায়। খোজ কাঢ়ি গৈ থাকোঁতে গাওঁলীয়া পথবোৰত সৰু সৰু জুপুৰি আৰু স্থায়ী ঘৰবোৰ লক্ষ্য কৰিলোঁ। অঞ্চলটো মুছলমান প্ৰধান, যদিও কেইটামান হিন্দু পৰিয়ালো তাত শান্তিপূৰ্ণভাৱে বাস কৰে। বংগৰ গ্ৰামাঞ্চলত দেখিবলৈ পোৱা সাম্প্ৰদায়িক সম্প্ৰীতিৰ এয়া এক চিৰস্থায়ী উদাহৰণ।
 
সাধাৰণ ঘৰ এটাত থকা হাফিজুৰ চাহাবে নিজৰ অসাধাৰণ যাত্ৰাৰ কথা ক’বলৈ আৰম্ভ কৰিলে। লক্ষ্মীগাচা জনকল্যাণ সংঘ প্ৰতিষ্ঠা কৰাটো তেওঁৰ বাবে কোনোপধ্যে সহজ কথা নাছিল। তেওঁ ভোক সহ্য কৰিছিল, এমুঠি চাউলৰ বাহিৰে একো নাপাই ছিলডা ষ্টেচনত শুইছিল আৰু অগণন প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল। তথাপিও বঞ্চিত মুছলমান ছোৱালীক—বিশেষকৈ বিধৱা, বিবাহ বিচ্ছেদ হোৱা আৰু পৰিত্যক্ত পত্নীসকলক আগুৱাই নিয়াৰ সংকল্প কেতিয়াও আপোচ কৰা নাছিল।
 
এটা সময়ত তেওঁ আনকি নিজৰ কৃষিভূমি বিক্ৰী কৰি চিলাই মেচিন কিনিছিল যাতে যুৱতীসকলে দক্ষতা বিকাশ কৰিব পাৰে আৰু স্বাধীন জীৱন গঢ়ি তুলিব পাৰে। বছৰ বছৰ ধৰি হাফিজুৰে তেওঁৰ পাৰ্ক ষ্ট্ৰীটৰ কাৰ্যালয়ত বিখ্যাত উদ্যোগপতি আৰু দানবীৰ মুস্তাক হোছেইনক লগ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰিছিল। 
 
চিলাই প্ৰশিক্ষণ কেন্দ্ৰত মহিলা প্ৰশিক্ষাৰ্থীৰ সৈতে এগৰাকী প্ৰশিক্ষক
 
প্ৰায় আঠ বছৰীয়া অধ্যৱসায়ৰ অন্তত তেওঁৰ এই প্ৰচেষ্টাই অৱশেষত ফল দিলে। হোছেইনে লক্ষ্মীগাচা জনকল্যাণ সংঘৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ ১৫ লাখ দান কৰাই নহয়, চিলাই মেচিন আৰু অন্যান্য সম্পদৰ ব্যৱস্থা কৰি ভৱিষ্যতেও হাফিজুৰক অবিৰত সহায়ৰ আশ্বাস দিয়ে।
 
১৯৯৫ চনত হাফিজুৰ ৰহমানে ছুৰাবুদ্দিন বিশ্বাসকে ধৰি ছয়জন ঘনিষ্ঠ সহযোগীৰ সৈতে লক্ষ্মীগাচা জনকল্যাণ সংঘ স্থাপন কৰে। চাপৰাৰ এটা সৰু ভাড়া কোঠাৰ পৰা তেওঁলোকে আৰম্ভ কৰিছিল, আৰু যুৱতীসকলক চিলাইৰ প্ৰশিক্ষণ দিয়া হৈছিল। নিয়মীয়াকৈ পুঁজি নথকাৰ বাবে হাফিজুৰে প্ৰায়ে নিজৰ খেতিপথাৰৰ চাউল বিক্ৰী কৰি খৰচ বহন কৰিছিল। কেতিয়াবা প্ৰশিক্ষাৰ্থীসকলক পকেটৰ ধনো দিছিল যাতে তেওঁলোকে শিকি থাকিব পাৰে। পিছলৈ ছোৱালীকেইজনীৰ হাতেৰে নিৰ্মিত সামগ্ৰী বিক্ৰীয়ে সংস্থাটোক জীয়াই থকাত সহায় কৰিছিল।
 
১৯৯৫ চনৰ পৰা ২০২০ চনত কভিড-১৯ লকডাউনৰ ভিতৰত সংঘই প্ৰায় ২০০০ গৰাকী কন্যাক প্ৰশিক্ষণ দিছিল। আজি তেওঁলোকৰ বেছিভাগেই আত্মনিৰ্ভৰশীল আৰু পৰিয়াল পোহপাল দি মৰ্যাদাৰে জীৱন নিৰ্বাহ কৰি আছে। সংগঠনটোৱে ৬০ গৰাকী অভাৱগ্ৰস্ত ছোৱালীক চিলাই মেচিনৰ ব্যৱস্থা কৰি মুছলমান আৰু হিন্দু উভয় হিতাধিকাৰীক সুযোগ প্ৰদান কৰে। মুস্তাক হোছেইনৰ সহায়ত সংঘই সেউজীয়া আৰু পুখুৰীৰে আগুৰি থকা এক সুন্দৰ পৰিৱেশত নিজাকৈ এখন প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। এই মনোমোহা দৃশ্যই শান্তিনিকেতনৰ কথা মনত পেলাই দিয়ে। মহামাৰীৰ ফলত সৃষ্টি হোৱা দীৰ্ঘদিনীয়া বিৰতিৰ পিছত ২০২৪ চনত পুনৰ মুকলি কৰা হয় এই কেন্দ্ৰটো।
 
হাফিজুৰ ৰহমানৰ দ্বাৰা পৰিচালিত সংঘত মহিলা প্ৰশিক্ষাৰ্থী
 
আজি ইয়াত ৪০ টা চিলাই মেচিন আছে আৰু আজমা খাতুন, নাছৰিনা খাতুন বিশ্বাস, ছেৰেনা বিবি, ছম্পা মণ্ডল, পাৰ্মিতা কৰ্মকাৰৰ দৰে বহু যুৱতীৰ নতুন দল এটাই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰে কিছুমান শিক্ষাৰ্থীয়ে নিজৰ শিক্ষাৰ বাবে ধন উলিয়াইছে, আৰু আন একাংশই ঘৰুৱা দায়িত্ব পৰিচালনা কৰে—কিন্তু সকলোৱেই আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখে।
 
তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ হাফিজুৰে ৩০ বছৰৰ অভিজ্ঞতাসমৃদ্ধ আৰু ছেইণ্ট ষ্টিফেনছ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ডিগ্ৰী অৰ্জন কৰা অতি অভিজ্ঞ প্ৰশিক্ষক অচিন্ত্য খানক (বিষুবাবু) আনিছিল। তেওঁৰ নিৰ্দেশনাত ছোৱালীকেইজনীয়ে কেৱল চিলাই শিকাই নহয়, দীৰ্ঘকালীনভাৱে সফল হ’বলৈ প্ৰয়োজনীয় অনুশাসন আৰু পেছাদাৰীতাও গঢ়ি তুলিছে।
 
সংঘৰ মিছন কেৱল বৃত্তিমূলক প্ৰশিক্ষণতে সীমাবদ্ধ নহয়। প্ৰতি মাহৰ শেষৰ দেওবাৰে চিকিৎসকে কেন্দ্ৰটোলৈ গৈ স্বাস্থ্য পৰীক্ষা, চকুৰ পৰীক্ষা, বিনামূলীয়া ঔষধ বিতৰণ কৰে। হাফিজুৰে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰো সপোন দেখে, যাতে তেওঁলোকে কামৰ সন্ধানত গাঁও এৰি যাব নালাগে। 
 
বঁটা লাভ কৰি থকা অৱস্থাত হাফিজুৰ ৰহমান
 
হাফিজুৰ ৰহমানৰ পৰিয়ালে এসময়ত তেওঁ কৰা ত্যাগবোৰৰ বাবে চিন্তিত হৈছিল—মাটি বিক্ৰী কৰা, ব্যক্তিগত আৰাম ত্যাগ কৰা আৰু প্ৰতিটো সম্পদ সমাজ সেৱাৰ বাবে উৎসৰ্গা কৰা। কিন্তু হাফিজুৰ কেতিয়াও বিচলিত হোৱা নাছিল। ভোক আৰু কষ্টৰ মুহূৰ্তত তেওঁ হজৰত মহম্মদ (ছঃ)ৰ জীৱনৰ পৰা শক্তি আহৰণ কৰিছিল।
 
বছৰ বছৰ ধৰি তেওঁ পলাশীৰ বাছিৰ চাহাব, বিশ্বকোষ পৰিষদৰ পাৰ্থ চেনগুপ্ত, মিৰাতুন নাহৰ, চতুৰাংগাৰ আব্দুৰ ৰাউফকে ধৰি বহু সন্মানীয় ব্যক্তিৰ সৈতে মত বিনিময় কৰি আহিছে। পুঁজিৰ ব্যৱস্থা অহৰহ প্ৰত্যাহ্বানৰ বিষয় হৈ আছে যদিও হাফিজুৰে মুস্তাক হোছেইনৰ দৰে অতীতৰ সমৰ্থকসকলৰ উদাৰতাৰ ওপৰত আশা বিচাৰি পায় আৰু প্ৰয়োজন সাপেক্ষে ৰাজহুৱা অৱদানৰ বাবে মুকলি হৈ থাকে।
 
কোৰাণ (চুৰা আল-কাহফ, আয়াত ১০৬ আৰু চুৰা লুকমান, আয়াত ২৭) আৰু চুন্নাহৰ দ্বাৰা পৰিচালিত হৈ হাফিজুৰ ৰহমানে পোহৰৰ পথত অক্লান্ত যাত্ৰী হিচাপে খোজ কাঢ়ি গৈ আছে। বিশ্বাস, ত্যাগ আৰু সেৱাই কেৱল ব্যক্তিকে নহয়, সমগ্ৰ সম্প্ৰদায় এটাকো কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে তাৰ প্ৰমাণ হিচাপে তেওঁৰ জীৱন পৰিগণিত হৈছে।