ধৰ্মীয় ঘৃণাৰ মাজতো মিলনৰ সন্ধান কৰা সাহিত্যিক ৰহমত তাৰিকেৰে

Story by  atv | Posted by  [email protected] • 11 h ago
ৰহমত তাৰিকেৰে, এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ
ৰহমত তাৰিকেৰে, এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ
 
ছানিয়া আঞ্জুম / বেংগালুৰু
 
বৰ্তমান সময়ত বহুলোকে আত্ম-প্ৰচাৰ কৰাত গুৰুত্ব দি আহিছে, যদিও আমাৰ সমাজত এনে বহু লোক আছে যিসকল প্ৰচাৰ বিমুখ। তেনে এগৰাকী ব্যতিক্ৰমী ব্যক্তি হৈছে কৰ্ণাটকৰ ৰহমত তাৰিকেৰে। যেতিয়া মই ৰহমতৰ কাহিনীৰ প্ৰকাশ কৰাৰ বাবে তেওঁৰ ওচৰলৈ গৈছিলো, তেতিয়া তেওঁ দ্বিধাবোধ কৰি কোমল মাতেৰে মোক কৈছিল যে, মই কেনেকৈ মোৰ নিজৰ বিষয়ে ক'ব পাৰিম? মইতু কোনো পৰিৱৰ্তনকাৰী নহয়!, কিন্তু মই তেওঁৰ নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিলে বহু লোক অনুপ্ৰাণিত হ’ব পাৰে বুলি তেওঁক বুজনি দিবলৈ দুগুণ চেষ্টা কৰিবলগীয়া হৈছিল।
 
সেই সময়ত মই এটা গুৰুত্বপূৰ্ণ কথা উপলব্ধি কৰিছিলো যে, এইগৰাকী কানাড়া পণ্ডিত, কবি আৰু চিন্তাবিদে ৩০ খন গ্ৰন্থ লিখিছে আৰু সদায় অসহিষ্ণুতাৰ বিৰুদ্ধে নিৰ্ভীকভাৱে স্থিতি গ্ৰহণ কৰি আহিছে। কিন্তু তেওঁৰ কৰ্মই তেওঁৰ বিনয়ী স্বভাৱতকৈ অধিক উচ্চস্বৰে কয় যে, তেওঁ এজন নীৰৱ বিপ্লৱী, যি বিভক্ত পৃথিৱীখনলৈ বহুত্ববাদ কঢ়িয়াই আনিছে।
 
১৯৫৯ চনৰ ২৬ আগষ্টত কৰ্ণাটকৰ তাৰিকেৰে তালুকৰ এখন সৰু চহৰ সমতলাত জন্মগ্ৰহণ কৰিছিল ৰহমত তাৰিকেৰে। আৰম্ভণিৰে পৰা বৈচিত্ৰ্য তেওঁৰ বাবে কেৱল এক ধাৰণা নাছিল, ই জীৱনৰ এক বাস্তৱ অংশ আছিল। ৰহমতৰ পিতৃ লোৰ সামগ্ৰী প্ৰস্তুত কৰা কমাৰ আছিল আৰু মাতৃ এগৰাকী আৰবী বিষয়ৰ শিক্ষয়িত্ৰী আছিল। তেওঁলোকে ৰহমতক শ্ৰমিক শ্ৰেণীৰ চুবুৰী এটাত ডাঙৰ-দীঘল কৰিছিল, য'ত হিন্দু, মুছলমানৰ লগতে অন্য সম্প্ৰদায়ৰ লোকসকলে ওচৰে-পাজৰে বাস কৰিছিল।
 
বাবাবুডাংগিৰি পাহাৰত গিৰীশ কৰ্ণাদ, বানু মুস্তাক, আৰু গৌৰী লংকেশৰ সৈতে ৰহমত তাৰিকেৰে
 
ধৰ্ম, ভাষা আৰু সংগ্ৰামৰ এই মিশ্ৰণে ৰহমতৰ চিন্তাধাৰাক গঢ় দিছিল। তেওঁ স্মৰণ কৰি কয়, "মই এনে এটা পথত ডাঙৰ হৈছো, য’ত সকলো ধৰ্মৰ মানুহ একেলগে বাস কৰিছিল।" তেওঁৰ এই স্মৃতিটোৱেই হৈ পৰিছিল বহুত্ববাদৰ প্ৰতি তেওঁৰ আজীৱন দায়বদ্ধতাৰ ভেটি।  ৰহমতক কানাড়া মাধ্যমৰ স্কুললৈ পঠোৱাৰ পিতৃ সিদ্ধান্তই তেওঁৰ জীৱন সলনি কৰি পেলাইছিল।
 
যাৰ ফলত ৰহমতৰ মনত কানাড়া ভাষাৰ প্ৰতি এক আবেগ জাগি উঠিছিল। যিয়ে পৰৱৰ্তী সময়ত কানাড়া সাহিত্য আৰু সংস্কৃতিৰ পৰিসৰক পুনৰ সংজ্ঞায়িত কৰিবলৈ বাধ্য কৰাইছিল। এই বিনম্ৰ আৰম্ভণিৰ পৰাই এগৰাকী পৰিৱৰ্তনকাৰী হিচাপে ৰহমতৰ ব্যতিক্ৰমী যাত্ৰাৰ আৰম্ভ হৈছিল। ৰহমতে বিশ্বাস কৰে যে, একতা শক্তিৰ পৰা নহয়, বৰং মানৱীয় অভিজ্ঞতাৰ পৰাহে বৃদ্ধি হয়।
 
১৯৯২ চনত বাবৰি মছজিদ ধ্বংস কৰা ঘটনাই ৰহমতক গভীৰভাৱে হতবাক কৰি তুলিছিল। সেই সময়ত তেওঁ কানাড়া সাহিত্যৰ ওপৰত মনোনিবেশ কৰা এগৰাকী যুৱ পণ্ডিত আছিল। তেওঁ নিজকে সুধিছিল, এই ধৰ্মীয় ৰোগৰ কোনো ঔষধ আছে নেকি? তেওঁ ভাবিছিল যে, যুক্তিবাদ আৰু সাংবিধানিক মূল্যবোধৰ দৰে ধাৰণাবোৰে প্ৰকৃততে ধৰ্মীয় ঘৃণাক নিৰাময় কৰিব পাৰে নেকি?
 
২০২৩ চনত ষ্টেনফৰ্ডত অতিথি অধ্যাপক হিচাপে বক্তৃতা দি থকা ৰহমত তাৰিকেৰে
 
এই সংকটে তেওঁৰ গৱেষণাৰ দিশ সলনি কৰি পেলাইছিল। বিশুদ্ধ শৈক্ষিক কামেৰে আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে ৰহমতে কৰ্ণাটকৰ জনসাধাৰণৰ জীৱন্ত দৰ্শনসমূহ ক্ৰমে চুফীবাদ, নাথীবাদ, শাক্তিবাদ আৰু লোক পৰম্পৰাক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। এইবোৰ কেৱল কিতাপৰ তত্ত্ব নাছিল; সেইবোৰ আছিল যুগ যুগ ধৰি সম্প্ৰদায়সমূহক একত্ৰিত কৰি ৰখা এক জীৱন্ত অনুশীলন।
 
তেওঁৰ ক্ষেত্ৰভিত্তিক কামে তেওঁক কৰ্ণাটকৰ বহু গাঁৱলৈ লৈ গৈছিল। য'ত তেওঁ ইছলামিক ব্যক্তিত্ব হাছান, হুছেইন আৰু ফাতিমাৰ দৰে হিন্দু ব্যক্তিত্ব সীতা আৰু ৰামৰ কাহিনী কোৱা দ্বিভাষিক কবিসকলক লগ পাইছিল। তেওঁ লগতে এইটোও প্ৰত্যক্ষ কৰিছিল যে, কৰ্ণাটকৰ মহৰম অন্য ৰাজ্যৰ তুলনাত এক অনন্য পৃথক সাংস্কৃতিক অনুষ্ঠান আছিল। য’ত সম্প্ৰদায়সমূহে ধৰ্মীয় সীমা অতিক্ৰম কৰি সংগীত আৰু নৃত্যৰ জৰিয়তে একত্ৰিত হৈছিল।
 
এই গভীৰ অনুসন্ধানে তেওঁৰ কৰ্ণাটকড়া চুফিগালু, কৰ্ণাটকৰ নাথিবাদ, কৰ্ণাটকৰ শক্তিবাদ আৰু কৰ্ণাটকৰ মহৰমকে ধৰি ৩০ খন গ্ৰন্থ মূল বিষয়বস্তু হৈ পৰিছিল। ইয়াৰে ভিতৰত তেওঁৰ ৪খন গ্ৰন্থই ৰাজ্যিক সাহিত্য অকাডেমী বঁটা লাভ কৰিছে আৰু ইয়াৰে এখন গ্ৰন্থ কট্টিয়ানচিনা দাৰীয়ে ২০১০ চনত সন্মানীয় কেন্দ্ৰীয় সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
 
নতুন দিল্লীৰ হজৰত নাছিৰুদ্দিন চিষ্টি দৰগাহৰ মুৰব্বীৰ সৈতে ৰহমত তাৰিকেৰে
 
তাৰিকেৰেৰ শৈক্ষিক বিকাশ তেওঁৰ সাংস্কৃতিক অধ্যয়নৰ দৰেই আকৰ্ষণীয় আছিল।  শিমোগাৰ সহ্যদ্ৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মাইছুৰু বিশ্ববিদ্যালয়ৰ পৰা কানাড়া সাহিত্যত  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। য'ত তেওঁ প্ৰথম স্থান লাভ কৰি সাতটা সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল। পিছত তেওঁ পিএইচডি সম্পূৰ্ণ কৰি হাম্পীৰ কানাড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
তেওঁৰ এই কৃতিত্বই তেওঁক কানাড়া সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত অগ্ৰণী ব্যক্তি হিচাপে পৰিগণিত কৰিছিল। কিন্তু তেওঁ কেতিয়াও কোনো কাৰ্যালয়ত আৱদ্ধ হৈ থকা এজন পৰম্পৰাগত শিক্ষাবিদ নাছিল। তেওঁ কৰ্ণাটকৰ মিশ্ৰিত সাংস্কৃতিক পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাংস্কৃতিক অধ্যয়ন আৰু আন্তঃধৰ্মীয় বুজাবুজিৰ বাবে কানাড়া সাহিত্যৰ অধ্যয়ন সম্প্ৰসাৰিত কৰিছিল।
 
ষ্টেনফৰ্ডত অধ্যাপক আন্না বিগেলোৰ সৈতে চুফীবাদৰ বিষয়ে আলোচনা কৰি থকা মুহূৰ্তত ৰহমত তাৰিকেৰে
 
তেওঁৰ শ্ৰেণীকোঠাত নতুন ধাৰণাৰ সৃষ্টি হৈছিল। তেওঁ বহুতো যুৱ গৱেষকক পথ প্ৰদৰ্শন কৰিছিল আৰু লোককবি, ছুফী সন্ত আৰু নাথপন্থী ধৰ্মগুৰুৰ দৰে প্ৰান্তীয় গোটসমূহৰ কণ্ঠক উজ্জ্বল কৰি তুলিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল। সাহিত্য সমালোচনা আৰু সাংস্কৃতিক অধ্যয়নৰ সমন্বয় সাধন কৰি তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে, কানাড়া সাহিত্য কেৱল এক আঞ্চলিক বিষয় নহয় বৰঞ্চ বহুত্ববাদী ধাৰণাৰে ভৰা এক সমৃদ্ধ আৰু বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰ।