অমৰনাথ যাত্ৰা ২০২৩: পবিত্ৰ গুহা অভিমুখে ৰাওনা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল

Story by  atv | Posted by  [email protected] • 10 Months ago
অমৰনাথ গুহা অভিমুখে ৰাওনা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল
অমৰনাথ গুহা অভিমুখে ৰাওনা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল
 
গণ্ডাৰবল (জম্মু-কাশ্মীৰ)

জম্মু-কাশ্মীৰৰ গণ্ডাৰবলৰ বাল্টাল বেছ কেম্পৰ পৰা অমৰনাথ গুহা অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ লগে লগে শনিবাৰৰ পৰা বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হয়। বাল্টাল বেছ কেম্পত শ্ৰী অমৰনাথ দেৱোত্তৰ ব’ৰ্ডৰ উচ্চপদস্থ বিষয়া আৰু আৰক্ষীৰ উপস্থিতিত উপায়ুক্ত শ্যামবীৰে আনুষ্ঠানিকভাৱে এই যাত্ৰা উদ্বোধন কৰে।
 
তীৰ্থযাত্ৰীসকলক সম্বোধন কৰি উপাযুক্ত শ্যামবীৰে কয়, "আজি আমি ইয়াৰ পৰাই প্ৰথমটো গ্ৰুপৰ যাত্ৰীক অমৰনাথ গুহালৈ পঠিয়াইছো। সকলোকে নিৰাপদ আৰু আনন্দময় যাত্ৰা কামনা কৰিলোঁ। যাত্ৰীসকলক দিয়া সকলো সা-সুবিধা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বৰ্তমান প্ৰায় ৭,০০০ৰ পৰা ৮,০০০ যাত্ৰী আছে, আৰু পঞ্জীয়ন এতিয়াও চলি আছে। যাত্ৰীসকলক সহায় কৰিবলৈ আমাৰ স্বেচ্ছাসেৱকসকল সকলো সময়তে উপলব্ধ হৈ থাকিব।"
 
উল্লেখ্য যে, ৩১ আগষ্টত সামৰণি পৰিব এই ৬২ দিনীয়া তীৰ্থযাত্ৰা। বেছ কেম্পৰ পৰা প্ৰায় ১৩ হাজাৰ ফুট উচ্চতাত দক্ষিণ কাশ্মীৰ হিমালয়ত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা মন্দিৰলৈ ১২ কিলোমিটাৰ ট্ৰেকিং কৰি তীৰ্থযাত্ৰীসকলে ভগৱান শিৱৰ চৰণত উপস্থিত হ'ব।
 
অমৰনাথ গুহা অভিমুখে যাত্ৰা আৰম্ভ কৰা একাংশ ভক্ত
 
শুকুৰবাৰে গণ্ডাৰবলৰ বাল্টাল বেছ কেম্পত উপস্থিত হোৱা প্ৰথমটো গোটৰ তীৰ্থযাত্ৰীক জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ টিক্ৰিৰ কালী মাতা মন্দিৰত জিলা প্ৰশাসনে উষ্ম আদৰণি জনায়। প্ৰতি বছৰে অনুষ্ঠিত অমৰনাথ যাত্ৰাৰ বাবে দুটা পথ ব্যৱহাৰ কৰা হয়। ইয়াৰ এটা হৈছে গণ্ডাৰবল জিলাত অৱস্থিত বলতাল আৰু আনটো হৈছে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম পথ।
 
শুকুৰবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰাৰ প্ৰথমটো তীৰ্থযাত্ৰীক ফ্লেগ অফ কৰে।
 
যাত্ৰাৰ প্ৰস্তুতিৰ বাবে বুধবাৰৰ পৰা তিনিদিন আগতীয়াকৈ বিভিন্ন "লংগৰ" সমিতিয়ে তীৰ্থযাত্ৰীসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। উধামপুৰ জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কমিটীসমূহে আশ্ৰয় শিবিৰ, ৰন্ধা-বঢ়াৰ সুবিধা, আৰু প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰে। এইবাৰ ঘাইপথ (NHW-44)ৰ বিভিন্ন স্থানত মুঠ ২২ টা লংগৰ স্থাপন কৰা হৈছে।
 
বৃহস্পতিবাৰে শ্ৰী অমৰনাথ দেৱোত্তৰ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ভাগৱতী নগৰত যাত্ৰী নিৱাস পৰিদৰ্শন কৰি তীৰ্থযাত্ৰীসকলৰ বাবে সাজু কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। তেওঁ খাদ্য, থকাৰ ব্যৱস্থা, নিৰাপত্তা, যুটীয়া নিয়ন্ত্ৰণ কক্ষৰ কাৰ্য্যকলাপ, পঞ্জীয়ন কাউণ্টাৰ, বিদ্যুৎ আৰু পানী যোগান, স্বাস্থ্য সেৱা, অনাময়, পৰিবহণ, কৰ্মচাৰী নিয়োগ, ভ্ৰাম্যমাণ শৌচাগাৰ, অগ্নিনিৰ্বাপক নিবিদা, আৰু জৰুৰীকালীন সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।
লেফটেনেণ্ট গৱৰ্ণৰে বিষয়াসকলক স্বাস্থ্য, অনাময়, আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ বাবে কৰ্মশক্তি বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী অমৰনাথ জী তীৰ্থযাত্ৰাৰ বাবে যাত্ৰী নিৱাসত উপস্থিত হোৱা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলক তেওঁ উষ্ম আদৰণি জনায়। এই আদান-প্ৰদানৰ সময়ত উপ-ৰাজ্যপালগৰাকীয়ে উপলব্ধ সুবিধাসমূহৰ বিষয়েও সোধা-পোছা কৰে।
 
জম্মুৰ সংমণ্ডল আয়ুক্ত ৰমেশ কুমাৰে উপ-ৰাজ্যপালক অৱগত কৰে যে যোৱা বছৰৰ তুলনাত ছাম্বা আৰু কাঠুৱাত তীৰ্থযাত্ৰীৰ ৰখাৰ ক্ষমতা বৃদ্ধি কৰা হৈছে, আৰু গুৰুত্বপূৰ্ণ তীৰ্থস্থানত অতিৰিক্ত বাছ স্থাপন কৰা হৈছে।