অসমৰ চাহ জনগোষ্ঠী-আদিবাসীসকল: ঐতিহাসিক প্ৰেক্ষাপট আৰু সমসাময়িক সমস্যা

Story by  atv | Posted by   Imtiaz Ahmed • 3 Years ago
অসমৰ চাহ বাগিচাএখনত পাত তুলা  দৃশ্য
অসমৰ চাহ বাগিচাএখনত পাত তুলা দৃশ্য
  ডঃ কমল কুমাৰ তাঁতী
 
১৯০৬ চনত প্ৰকাশিত হোৱা ‘The Romantic East: Burma, Assam and Kashmir’-শীৰ্ষক গ্ৰন্থখনৰ ১১১ নং পৃষ্ঠাত ইউৰোপীয় ভ্ৰমণকাৰী তথা লেখক ৱাল্টাৰ ডেল মাৰে ঔপনিৱেশিক অসম, আদিবাসী মূলৰ চাহ-শ্ৰমিকসকল আৰু (পণ্য-সামগ্ৰী হিচাপে) চাহ-পাতৰ মাজত থকা একমাত্ৰ সম্পৰ্কটো সঠিকভাৱেই একেটা বাক্যতে উদঙাই দেখুৱাইছিল – “The romance of Assam is a romance of commerce, the history of a savage country brought under civilised rule through the cultivation, by alien labour, of a single product”৷ বিশিষ্ট ইতিহাসবিদ ডঃ বোধিসত্ত্ব কৰে ৱাল্টাৰ ডেল মাৰৰ এই উক্তিটোৰ কথা উল্লেখ কৰি “Energizing Tea, Enervating Opium: Culture of Commodities in Colonial Assam”- শীৰ্ষক তেওঁৰ বিখ্যাত গৱেষণা-পত্ৰখনত সঠিকভাৱেই মন্তব্য কৰিছে এইবুলি – “the truth of a territory can be expressed as the fact of a commodity”৷ 
 
প্ৰকৃতপক্ষে ঔপনিৱেশিক-সাম্ৰাজ্যবাদী ব্ৰিটিছ ব্যৱসায়িক শক্তিসমূহৰ সৈতে অসমৰ চাহপাত-কেন্দ্ৰিক ব্যৱসায়িক সম্পৰ্ক স্থাপন হয় ১৮৩৯ চনৰ ১০ জানুৱাৰীৰ দিনা – কিয়নো সেইদিনাই পোন প্ৰথমবাৰৰ বাবে লণ্ডনত ‘Assam Tea’ অৰ্থাৎ অসমৰ চাহ-পাতৰ নিলাম কৰা হয় ৷ 
 
উল্লেখযোগ্য যে, কৃষিভিত্তিক এই জটিল ব্যৱসায়িক সম্পৰ্কসমূহৰ পাতনি মেলে স্কটলেণ্ডৰ ব্যৱসায়ী ৰবাৰ্ট ব্ৰুছে ৷ ১৮২৩ চনত ভাৰতৱৰ্ষলৈ অহা ৰবাৰ্ট ব্ৰুছৰ মূল উদ্দেশ্য আছিল – অসমৰ এটা খিলঞ্জীয়া জনজাতি চিংফৌসকলৰ মূল ব্যক্তি বিচা গামক সাক্ষাৎ কৰাৰ লগতে চিংফৌসকলে খেতি কৰা চাহ-পাতৰ কেইবাটাও প্ৰজাতিৰ বিষয়ে জ্ঞান আহৰণ কৰি, পৰ্যায়ক্ৰমে সেইবোৰৰ খেতি-বাতি আৰম্ভ কৰা৷ ১৮২৪ চনৰ মাজভাগতে হঠাতে ৰবাৰ্ট ব্ৰুছৰ মৃত্যু হয় ৷ মৃত্যুৰ আগে আগে তেওঁ নিজ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছক চিংফৌসকলৰ পৰা চাহপাত সম্পৰ্কে তেওঁ অৰ্জন কৰা জ্ঞানখিনি বিশদভাৱে অৱগত কৰি থৈ যায় আৰু লগতে এইবুলিও কৈ থৈ যায় যে – কেৱল মাত্ৰ অসমতেই এনে প্ৰজাতিৰ চাহপাতৰ ব্যৱসায়িক খেতি সম্ভৱপৰ ৷ ইয়াৰ প্ৰায় এটা দশকৰ পিছতহে ব্ৰিটিছ চৰকাৰে চীন দেশৰ সলনি অসমত চাহ-খেতি ব্যৱসায়িকভাৱে আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কেন্দ্ৰীভূত কৰিবলৈ সিদ্ধান্ত লয়৷
 
প্ৰাৰম্ভিক দিনবোৰত অসমত চাহ খেতি
 
১৮৩৪ চনৰ আৰম্ভণিতে ব্ৰিটিছ চৰকাৰে এখন ‘চাহ সমিতি’ (Tea Committee) গঠন কৰি দিয়ে৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়িকভাৱে চাহ-খেতি আৰম্ভ কৰাৰ বাবে কোনটো অঞ্চলক নতুন উদ্যোগ ক্ষেত্ৰ হিচাপে বাচি লৈ ইয়াৰ সকলো শক্তি কেন্দ্ৰীভূত কৰিব, সেই বিষয়ে এই সমিতিৰ জৰিয়তে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ব্ৰিটিছ সামৰিক বাহিনীৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পিছত ‘চাহ সমিতি’য়ে সিদ্ধান্ত গ্ৰহণ কৰে যে – ব্যৱসায়িকভাৱে চাহ-খেতি কৰাৰ বাবে অসমেই হৈছে সবাতোকৈ উপযুক্ত অঞ্চল ৷ চাহ সমিতিৰ ছুপাৰিশ মতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্যোগত ১৮৩৯ চনত ‘আছাম কোম্পানী’ৰ গঠন কৰা হয় আৰু অসমত ব্যৱসায়িকভাৱে চাহ-খেতিৰ পাতনি মেলা হয় ৷
 
স্থানান্তৰত মই ইতিমধ্যেই মত প্ৰকাশ কৰিছোঁ যে, সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটাই অসমত প্ৰকৃত অৰ্থৰ ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ সূচনা কৰা হয় - অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিছাবোৰত কাম কৰোৱাবলৈ তদানীন্তন ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ (Forced Migration) জৰিয়তে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সূচনা হয় ‘শ্ৰমিক আৰু শ্ৰম’ৰ ‘বলপূৰ্বক স্থানান্তৰিতকৰণ’ৰ (Forced Displacement of Labour and Labourer) জৰিয়তে৷
ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰ আৰু বিদেশী ঔপনিৱেশিক পূঁজিপতি মহলে ভাৰতৱৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰ পৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলত: আদিবাসী লোকসকলক অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰোৱাইছিল ৷ ঐতিহাসিক তথ্য-পাতিসমূহে এই কথা প্ৰমাণিত কৰিছে যে এই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷
 
১৮৬০ ৰ দশকত অসমৰ এখন চাহ বাগিচা
 
১৮৬৩ চনত ব্ৰিটিছ চৰকাৰে প্ৰথমখন ‘শ্ৰমিক আইন’ ব্ৰিটিছ সংসদত গৃহীত কৰে, যাৰ জৰিয়তে বলপূৰ্বক প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়াটো সুচল কৰি তোলা হয় ৷ এই আইনযোগে ভাৰতৱৰ্ষৰ বিভিন্ন প্ৰদেশৰপৰা শ্ৰমিক আমদানি কৰাৰ বাবে ‘আড়কাঠী’-সকলক (লাইচেন্সপ্ৰাপ্ত নিয়োগকৰ্ত্তা) প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হয় ৷ পুনৰ ১৮৭০ চনত এই আইনখনৰ সংশোধনী ঘটাই শ্ৰমিক আমদানিৰ প্ৰক্ৰিয়াটো আৰু অধিক সুচল কৰি তুলিবলৈ ‘চৰ্দাৰী ব্যৱস্থা’কো প্ৰয়োজনীয় অনুমতি দিয়া হয় ৷
 
১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ-বাগিছাসমূহত ২২,৮০০ জন আমদানিকৃত শ্ৰমিক আৰু ১১,৬৩৩ জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল৷ ১৮৮০ চনৰ পৰৱৰ্ত্তী সময়চোৱাত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত শ্ৰমিক আমদানিৰ  জৰিয়তে হোৱা এই ‘বলপূৰ্বক প্ৰব্ৰজন’ প্ৰবলৰূপে বৃদ্ধি পায়৷ ইয়াৰ পৰিণামস্বৰূপে, ১৯০১ চনৰ Census of India-ৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলত: আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০ জন৷
ভাৰতৰ বিশিষ্ট সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেলে তেওঁৰ কেইবাখনো বিখ্যাত গৱেষণা-পত্ৰত এই ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷ ‘Coolies, Recruiters and Planters: Migration of Indian Labour to the Southeast Asian and Assam Plantations during Colonial Rule’-শীৰ্ষক এখন বিখ্যাত গৱেষণাপত্ৰত তেওঁ উল্লেখ কৰামতে, ১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়ছোৱাত অসমলৈ বলপূৰ্বকভাৱে আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০ জন (প্ৰায় ৩৩ লাখ)৷  অৰ্থাৎ ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ  মুহূৰ্তত অসমৰ চাহ-বাগিছাসমূহত প্ৰায় ৩৩ লাখ আদিবাসী-চাহ শ্ৰমিক কৰ্মৰত আছিল৷  
 
ব্ৰিটিছ শাসনকালত শ্ৰমিকসকলে অসমৰ এখন চাহ বাগিচাত কাম কৰিছে
 
উল্লেখযোগ্য যে, এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়ছোৱাত বহু আদিবাসী লোক স্ৱতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুছি আহে৷ গতিকে ১৯৪৭ চনত, অসমলৈ বলপূৰ্বকভাৱেই হওঁক অথবা নিজ ইচ্ছাতেই হওঁক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷ 
 
ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ আজি ৬৮ বছৰৰ পিছত এই ৪০-৪৫ লাখ পূৰ্বজ আদিবাসী লোকৰ পা-পৰিয়াল বাঢ়ি আৰু ভাৰতৱৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ সৈতে সংগতি ৰাখি, সম্প্ৰতি অসমত স্থায়ীভাৱে বসবাস কৰা আদিবাসী-চাহ জনগোষ্ঠীয় লোকৰ সংখ্যা এক কোটিৰ কম নিশ্চয় নহ’ব৷ সেই হিচাপমতেই, মই অসমৰ আদিবাসী-চাহ জনগোষ্ঠীয় ৰাইজৰ সৰ্বমূঠ সংখ্যাটো প্ৰায় এক কোটি বুলি ধৰি লৈছোঁ ৷
ভাৰতৱৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী চাহ-শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০-ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ উল্লেখযোগ্য যে, এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল ৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেছ’(দেশ) বুলি সাৱটি লৈ, অসমীয়া ভাষাকে নিজৰ মূখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্ত্তী সময়ছোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগবঢ়ালে ৷ 
 
 
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ আৰু (সোঁফালে) সমাজ-বিজ্ঞানী ৰাণাপ্ৰতাপ বেহেল
 
সম্ভৱত: এই কথাটো বহু আগতীয়াকৈ নিজস্ব দূৰদৃষ্টিৰে অনুধাৱন কৰিব পাৰিছিল কাৰণেই চাগৈ, ঊনবিংশ শতিকাৰ দ্বিতীয়টো ভাগত সেই  সময়ত নতুনকৈ গঢ় লোৱা অসমীয়া মধ্যবিত্তসকলৰ একাংশই আদিবাসী শ্ৰমিকসকলৰ এই বলপূৰ্বক প্ৰব্ৰজনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৷ আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট অসমীয়া লোকে এই সম্পৰ্কে সহমত প্ৰকাশ কৰাৰ লগতে এই কথাটোত পতিয়ন গৈছিল যে, এনেবোৰ প্ৰব্ৰজন অবিহনে অসমৰ অৰ্থনৈতিক প্ৰগতি সম্ভৱপৰ নহ’ব আৰু সেয়ে তেওঁলোকে ব্ৰিটিছ চৰকাৰক অনুৰোধ জনাইছিল - যাতে অসমলৈ এনে প্ৰব্ৰজন অব্যাহত ৰখা হয় ৷
 
কিন্তু ইয়াৰ বিপৰীতে গৈ তদানীন্তন চিফ কমিছনাৰ হেনৰী হপকিন্সনে মত প্ৰকাশ কৰিছিল যে, অসমলৈ আদিবাসী চাহ-শ্ৰমিকসকলৰ প্ৰব্ৰজনক উৎসাহিত কৰি থকাটো উচিত নহ’ব - কিয়নো দিনে দিনে বৃদ্ধি পাই গৈ থকা জনসংখ্যাৰ বাবে প্ৰয়োজনীয় যথেষ্ট পৰিমাণৰ খাদ্য শস্য অসমত উৎপাদিত নহয় অথবা সেই বৃহৎ পৰিমাণৰ খাদ্য শস্য উৎপাদন কৰিব পৰাকৈ অসমৰ তদানীন্তন জনসমষ্টি সক্ষম নহয়৷ সেয়েহে  আদিবাসীসকলৰ পৰিৱৰ্তে, অসমৰ পতিত মাটিসমূহত বিভিন্ন ধৰণৰ খাদ্য শস্যৰ খেতি-বাতি কৰিবলৈ কোনো পৰম্পৰাগত কৃষক সম্প্ৰদায়কহে অসমলৈ প্ৰব্ৰজন কৰোৱাব লাগে৷ এনেবোৰ কাৰণতেই প্ৰকৃততে ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত অসমলৈ পূৰ্ববংগীয় কৃষক সমাজ, বিশেষকৈ মৈমনসিঙীয়া মুছলমান কৃষক ৰাইজৰ প্ৰব্ৰজনে পাতনি মেলিছিল৷ (এই প্ৰসংগত এই লেখাটোত সবিশেষ আলোচনা কৰাৰ অৱকাশ নাই বাবে প্ৰসংগটো ইয়াতে সামৰিছোঁ।)
 
অসমত চাহ সম্প্ৰদায়ৰ ঝুমুৰ নৃত্য
 
সি যি কি নহওক, সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু জনসংখ্যাগত পৰিস্থিতিৰ দিশৰপৰা অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠীয় জনগণ অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম মূল মেৰুদণ্ডত পৰিণত হৈছে৷ যোৱা শতিকাৰ কেইবাটাও দশকত আৰু এতিয়াও বিভিন্ন সময়ত অসমৰ আদিবাসী ৰাইজে বিভিন্ন ধৰণেৰে এই কথা প্ৰমাণো কৰি থৈছে ৷ কিন্তু ইতিহাসৰ কি পৰিহাস, যিটো জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াত অন্যতম মূল অৱদান আগবঢ়াই থৈছে, যিটো জনগোষ্ঠীয়ে অসমীয়া ভাষাক আকোঁৱালি লোৱাৰ কাৰণেই আজিও অসমত অসমীয়া ভাষী লোক সংখ্যা গৰিষ্ঠ হৈ আছে, সেই জনগোষ্ঠীটোৰ গণতান্ত্ৰিক অধিকাৰবোৰৰ হকে মাত মাতিবলৈ আজি কোনোৱেই নাই ৷ ই নিতান্তই দূখৰ কথা যে, কেইজনমান সচেতন লেখক-বুদ্ধিজীৱী আৰু কিছুমান স্বাৰ্থান্বেষী, ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ বাহিৰে এই সম্পৰ্কত কোনেও মাত মতা নাই, অথবা ইচ্ছাকৃতভাৱে নিশ্চুপ হৈ আছে।
এই কথা সকলোৱেই মানি ল’ব যে, বৃটিছৰ সাম্ৰাজ্যবাদী শাসন-আগ্ৰাসনৰ সময়ৰেপৰা আৰ্থ-সামাজিক-ৰাজনৈতিক দিশৰপৰা ভাৰতৱৰ্ষৰ সকলোতকৈ আৰু সৰ্বতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত জনসমষ্টিটো হৈছে আদিবাসীসকল আৰু পৰৱৰ্তী সময়ত অসমলৈ প্ৰব্ৰজন কৰা আদিবাসীমূলীয় চাহ-জনগোষ্ঠীৰ লোকসকল ৷ সাম্প্ৰতিক কালৰ অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ পক্ষত থিয় হৈ আৰু তাৰ লগে লগে অসমৰ সমূহ গণতান্ত্ৰিক ৰাইজৰ সপক্ষে মাত মাতিবলৈ গৈ এই কথাটো ইতিমধ্যেই কৈছোঁ যে, ক্ৰমাৎ অসম আৰু অসমীয়া জাতি বুলি যিটো সমূহ আছে, সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু জনসংখ্যাগত পৰিস্থিতিৰ পিনৰ পৰা, অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠী জনগণ তাৰ অন্যতম মূল মেৰুদণ্ডত পৰিণত হৈছে ৷ ইয়াৰ লগে লগে এজন অসমীয়া হিচাপে, এজন আদিবাসী হিচাপে, মনৰ অন্ত:কৰণৰ পৰা মোৰ বিশ্বাস হৈছে যে, সম-অধিকাৰ, সম-মৰ্যাদা আৰু সম-সহাৱস্থানৰ ভিত্তিত, অসমৰ প্ৰত্যেকটো জনগোষ্ঠী, জনজাতি আৰু সম্প্ৰদায়সমূহৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদিকে ধৰি সকলো ধৰণৰ অধিকাৰ সুষমভাৱে, গণতান্ত্ৰিকভাৱে বিতৰণ কৰাটোৱেই হৈছে অসমৰ সাম্প্ৰতিক জ্বলন্ত পৰিস্থিতিসমূহৰ সমাধানৰ একমাত্ৰ উপায়৷
এইকথা মই আগতেও কৈছোঁ যে, সৰ্বভাৰতীয় আদিবাসী জাতীয়তাবাদৰ এটা বিৰল অথচ ঐতিহাসিক অস্তিত্ত্ব আৰু প্ৰয়োজন আছে; ই অসমীয়া জাতীয়তাবাদকৈও বহু পুৰণি আৰু গাঢ়৷ কিন্তু, অসমৰ আদিবাসী জাতীয়তাবাদে অসমৰ বুকুত এই সৰ্বভাৰতীয় আদিবাসী জাতীয়তাবাদৰ পথতকৈ প্ৰায় সম্পূৰ্ণ পৃথক এটা পথ বাছি ল'লেও, সাংস্কৃতিকভাৱে ইয়াৰ সৈতে নিশ্চিতভাৱে সংপৃক্ত হৈ থকাৰ বহুখিনি প্ৰমাণ আছে৷
 
অসমত চাহ সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ
 
মোৰ ধাৰণা, অসমৰ আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ মাজত প্ৰকট হোৱা আদিবাসী জাতীয়তাবোধ সকলো ধৰণেৰে অসমীয়া, অসমৰ সাৰুৱা ভূমিত সৃষ্ট আৰু প্ৰায় সময়তে ইয়াৰ মূল অনুপ্ৰেৰণা হৈছে বৃহত্তৰ অসমীয়া গণ জীৱন, প্ৰচণ্ড জাতীয়তাবোধ আৰু জাতীয় ঐক্য৷ অসমৰ আদিবাসী-চাহ জনগোষ্ঠী ৰাইজ অসমৰ মূলসূঁতিৰ ৰাইজৰ সৈতেহে এক বৃহত্তৰ জাতীয় ঐক্য গঢ়ি তোলাত অধিক আগ্ৰহী৷ বৃহত্তৰ অসমীয়া জাতীয়তাবাদ যিদৰে অসমীয়া ভাষা-কেন্দ্ৰিক, সেইদৰে অসমৰ আদিবাসী জাতীয়তাবাদো অসমীয়া ভাষা-কেন্দ্ৰিকেই৷ কিন্তু অসমীয়া ভাষাৰ লগে লগে নিজস্ব আদিবাসী মূলৰ ভাষাসমূহৰ উত্তৰোত্তৰ উন্নতিৰ প্ৰসংগটোও এই প্ৰসংগত এক অন্যতম গুৰুত্বপূৰ্ণ বিষয়৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, অসমৰ চাহ-জনগোষ্ঠী, প্ৰাক্তন-চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ মাজত প্ৰচলিত কোনো এটা ভাষা-উপভাষাই চৰকাৰ অথবা বৃহত্তৰ অসমীয়া জাতিৰ পৰা কোনো মান্যতা পোৱা নাই ৷ অসমত কোনো এটা আদিবাসী ভাষা-উপভাষাই চৰকাৰীভাৱে স্বীকৃত ভাষা নহয়৷ তদুপৰি অসমৰ কোনো এখন বিদ্যালয়-মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়তে আদিবাসী ভাষা-উপভাষাসমূহৰ চৰ্চা, অধ্যয়ন অথবা গৱেষণাৰ কোনো প্ৰাতিষ্ঠানিক ব্যৱস্থা বা অনুমোদন নাই৷ এনে পৰিস্থিতিত অসমত যোৱা দুটা শতিকা ধৰি বাস কৰি অহা আদিবাসী-চাহ-জনগোষ্ঠীয় লোকসকলৰ মূল ভাষা-উপভাষাসমূহ আনুষ্ঠানিক চৰ্চা আৰু অধ্যয়নৰ অভাৱত প্ৰচণ্ড সংকটৰ গৰাহত পৰিছে৷ 
অসমত আদিবাসী আৰু চাহ-জনগোষ্ঠী সমন্বিতে সমগ্ৰ জনসমষ্টিটোৱে অসমীয়া ভাষাটোকে নিজৰ বুলি নিৰ্বিবাদে আকোঁৱালি লৈছে আৰু অসমীয়া ভাষাটোৰ জৰিয়তেই নিজৰ পঢ়া-শুনা আৰু ভাৱ-বিনিময় কৰিব লাগিছে আৰু তাৰ লগে লগে ইয়াৰ বিকাশ আৰু উন্নতিত হাত উজান দিছে ৷ এই কথাটোত কোনো এজন সচেতন আদিবাসী বা চাহ-জনগোষ্ঠীয় লোকৰে কোনো বিৰোধিতা নাই ৷ থাকিব নোৱাৰেও; কিয়নো সাম্প্ৰতিক পৰিস্থিতিত এইটো কথাও ঠিক যে, অনাগত শতিকাবোৰত অসমীয়া ভাষাটো জীয়াই থাকিব নে নাথাকে, নে সময়ৰ লগে লগে ইয়াৰ শ্ৰীবৃদ্ধি হ’ব, সেই কথাটো বহুলাংশে নিৰ্ভৰ কৰিছে অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয়, প্ৰাক্তন-চাহ জনগোষ্ঠীয় ৰাইজৰ ওপৰত ৷ নিশ্চিতভাৱে আমি সমূহ আদিবাসী জনতাই অসমীয়া ভাষাৰ পক্ষ লৈ অসমীয়া ভাষাটোক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰি ইয়াৰ উত্তৰোত্তৰ বিকাশৰ বাবে মৰণপণ প্ৰচেষ্টা চলাই যাম ৷
 
কিন্তু ইয়াৰ পিছতো আমি এই কথাটো ক’বই লাগিব যে, অসমীয়া ভাষা-চৰ্চাৰ সমান্তৰালভাৱে, অসমৰ আদিবাসী আৰু চাহ-জনগোষ্ঠীয় লোকসকলে নিজস্ব ভাষা-উপভাষা আৰু ডাইলেক্টসমূহৰ চৰ্চা, অধ্যয়ন আৰু বিকাশৰ অৰ্থে আৰু এইবোৰৰ প্ৰসাৰ, প্ৰচাৰ আৰু লগতে আনুষ্ঠানিক আৰু চৰকাৰী স্বীকৃতি আদায় কৰাৰ বাবে সাৰ্বিক প্ৰচেষ্টা হাতত লোৱাৰ এক উচিত সময় আহি পৰিছে৷ ই প্ৰকৃততে আমাৰ সকলোৰে বাবে এক আনুষ্ঠানিক আৰু সামাজিক দ্বায়বদ্ধতা; আৰু লগতে সমগ্ৰ আদিবাসী জাতিটোৰ প্ৰতি আমাৰ এক গুৰুত্বপূৰ্ণ দ্বায়িত্ব আৰু কৰ্তব্য৷ 
 
(লেখক এজন সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ বিজয়ী কবি-প্ৰবন্ধকাৰ-সমালোচক আৰু পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক-গৱেষক)