নতুন দিল্লী
ভাৰতৰ মোগল শাসনৰ আৰু মধ্য প্ৰাচ্যত ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ প্ৰতিষ্ঠাৰ মাজত বহুতো সাদৃশ্য বা পাৰ্থক্যৰ কথা উল্লেখ কৰা এজন এক্স ব্যৱহাৰকাৰীক উভতে ধৰে প্ৰখ্যাত গীতিকাৰ তথা লেখক জাভেদ আখতাৰে। ব্যৱহাৰকাৰীজনে এইদৰে এটা সংক্ষিপ্ত আৰু ব্যংগাত্মক পোষ্ট দিছিল যে, "যিহুদীসকল জেৰুজালেমত দখলকাৰী কিন্তু মোগলসকল মথুৰাৰ স্থানীয় বাসিন্দা, এয়া জিহাদি লজিক"। এইদৰে তেওঁ স্পষ্টকৈ ক'ব বিচাৰিছিল যে যদি ইহুদীসকলক দখলকাৰী বুলি কোৱা হয়, তেন্তে মোগলকো সেইদৰে কোৱা উচিত।
জাভেদ আখতাৰে ইয়াৰ উত্তৰত ব্যৱহাৰকাৰীজনক কয়, "আপুনি কেৱল ইতিহাসৰেই নহয়, গণিতৰো খুব বেয়া ছাত্ৰ আছিল। জাভেদ আখতাৰে কয়, "আপুনি কেৱল ইতিহাসতে নহয়, গণিততো খুব বেয়া ছাত্র আছিল। এই দুয়াটা কালৰ মাজত এক বৃহৎ পার্থক্য আছে। যদি আপুনি মধ্যযুগৰ প্ৰায় ৩.৫ শতিকা আৰু বিংশ শতিকাৰ ৭৫ বছৰৰ মাজৰ পাৰ্থক্য বিচাৰি নাপায়, তেন্তে আপুনি স্কুললৈ ঘূৰি যাওক।
আখতাৰে ব্যৱহাৰকাৰীজনক সোঁৱৰাই দিয়ে যে ১৮ শতিকাৰ মাজভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আগমন পৰ্যন্ত মোগলসকলে ভাৰতীয় উপমহাদেশৰ বৃহৎ অংশত প্ৰায় ৩০০ বছৰ ধৰি শাসন কৰিছিল। ইয়াৰ বিপৰীতে, ইজৰাইল ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল ১৯৪৮ চনতহে আৰু তেতিয়াৰ পৰা কেইবাটাও যুদ্ধৰ ফলত ইজৰাইলৰ ভূখণ্ড বিস্তাৰিত হৈছে। শেহতীয়া সংঘৰ্ষত দুটা প্ৰধান পেলেষ্টাইনী অঞ্চল ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপ জড়িত, যি এতিয়াও স্বায়ত্তশাসিত হৈ থাকিবলৈ চেষ্টা কৰি আছে।
আখতাৰে এক্স ব্যৱহাৰকাৰীজনৰ মন্তব্যৰ সাম্প্ৰদায়িক দিশটোলৈও আঙুলিয়াই দিয়ে। তেওঁ সেই ব্যক্তিজনক কয় যে তেওঁলোকক ধৰ্মনিৰপেক্ষতাৰ বিষয়ে কিছু পাঠৰ প্ৰয়োজন আছে, যাৰ অৰ্থ হৈছে সকলো ধৰ্মৰ প্ৰতি নিৰপেক্ষ আৰু ন্যায্য হৈ থকা। কিন্তু তাৰ বাবে সাহসৰ প্ৰয়োজন।
সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে কথা কোৱাৰ বাবে জনাজাত জাভেদ আখতাৰে হিন্দু আৰু মুছলমান উভয় পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়। অৱশ্যে তেওঁ নিজৰ স্থিতিত অটল থাকে আৰু সদায় ধৰ্মনিৰপেক্ষ আৰু যুক্তিসংগত মূল্যবোধৰ কথা কয়।