সমৃদ্ধিৰ আৱাহনী উছৱ বিহু; বুঢ়ালুইতৰ দুয়োপাৰে সমস্বৰে বাজি উঠিছে সম্প্ৰীতিৰ গান

Story by  atv | Posted by  [email protected] • 15 d ago
ৰঙালীৰ ৰঙেৰে আলোড়িত ৰাজ্য
ৰঙালীৰ ৰঙেৰে আলোড়িত ৰাজ্য
 
মনজিত কলিতা

বিহুৰ সংজ্ঞা কেৱল উৎসৱভিত্তিক নহয়৷ অৰ্থাৎ বিহু অসমৰ বাবে কেৱল আনন্দ উদযাপনৰ সময়ো নহয়৷ ৰঙালীৰ সময়ে সকলোকে সোঁৱৰাই দিয়ে কৰ্তব্যবোধ৷ যদিও আধুনিক সমাজে উছৱৰ আধুনিকীকৰণ কৰিছে, তথাপি প্ৰাচীনত্বহে বিহুৰ যথাৰ্থ পৰিচয়৷ বিহুৱে প্ৰতিনিয়ত সোঁৱৰাই দিয়ে মানৱীয় দায়িত্ববোধৰ কথা৷ 

কৃষিকাৰ্যৰে পেট প্ৰৱৰ্তনৰ পৰা জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধলৈ সকলোৰে বিষয়ে বিহুৱে চেতনা জাগ্ৰত কৰে৷ প্ৰস্তৰখণ্ডৰ দৰে নিশ্চল সমাজক জগাই তুলিবলৈ বিহু আৱাহনী মন্ত্ৰ৷

অসমৰ বিহুৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক যিমান গভীৰ, ধৰ্মীয় সংযোগ সিমানেই নগণ্য৷ সমাগত বাৰিষাৰ কথা সুঁৱৰি হৰিধ্বনি দিয়া ৰাইজে ব’হাগতে বান্ধি লয় সম্প্ৰীতি ৰক্ষাৰো পণ৷ বিহু কোন ধৰ্মাৱলম্বীৰ সেই আলোচনাও আচলতে অনৰ্থক, কাৰণ প্ৰকৃতিৰ উপাসক সকলোৰে বাবেই বিহু পৱিত্ৰ উছৱ৷ আধুনিকতাই প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক কমাই পেলালেও বিহুৰ দৰে উছৱেই সোঁৱৰাই দিয়ে সাৰস্বতঃ প্ৰাকৃতিক সান্নিধ্যৰ মাধূৰ্যৰ কথা৷
 
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু, স্থান ধকুৱাখনা  (ছবি: চামচুল হুদা পাটগীৰি)

দিন হিচাপে আজি পহিলা ব’হাগ৷ মানুহ বিহু উদযাপন কৰিছে ৰাইজে৷ প্ৰচলিত প্ৰথা অনুসৰিয়েই পুৱা মাহ-হালধিৰে গা ধুই গোসাঁই সেৱা-গুৰু সেৱা কৰিছে ৰাইজে৷ তদুপৰি সংক্ৰান্তিৰ শুভফল কামনাৰে জ্যেষ্ঠজনৰ আশীৰ্বাদ বিচাৰি সেৱা লয় অসমীয়াই৷ ৰাইজখনৰ লগতে ৰাজ্যৰ কুশল-মংগল কামনাৰে নামঘৰত শৰাই-শলিতা আগবঢ়াই অদৃষ্টৰ জয়ধ্বনি দিয়ে ৰাইজে৷ সত্ৰসমূহতো দেখা যায় অনুৰূপ পৰিৱেশ৷

গৰু বিহুৰ দিনা গধূলি গাঁৱৰ মুখিয়ালৰ ঘৰত আৰম্ভ কৰা হুঁচৰিযোৰাও আজিয়েই গৃহস্থৰ কুশলৰ অৰ্থে বুলি ঢোলত চাপৰ মাৰি ঘৰৰ চোতাল পায়হি৷

আহোম ৰাজত্বত ৰংঘৰৰ বাকৰিলৈ উঠা গছৰ তলৰ বিহুৱে চোতাল গৰকি মঞ্চ পালেহি৷ অৱশ্যে ঠাইভেদে ব’হাগৰ পহিলা দিৱসৰ নাম বেলেগ৷ নামনি অসমত এইদিনটো বৰ দোমাহী বোলে। নতুন বছৰৰ উপলক্ষত উপহাৰ প্ৰদানৰ পৰম্পৰাও দায়বদ্ধতাৰে সংকেত৷ অসমীয়া সমাজত বিহুৰ উপলক্ষত সততে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। 
 
দেউৰী সকলৰ বুকা বিহুৰ এক দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)

আনহাতে বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে ১ ব’হাগত বৰ্ষফল গণনা কৰা হয়৷ ৰাজ্যৰ ভূত-ভৱিষ্যৎ সত্ৰৰ কাঠিত ৰাজহুৱাকৈ ঘোষণা কৰে গণকে৷ ব্যক্তিগতভাৱেও বৰ্ষফল গণনা কৰি একাংশ লোকে দান-দক্ষিণা কৰে৷ অসমত ব’হাগ মানেও প্ৰকৃতাৰ্থত ভোগৰ বতৰ৷ শস্য-মৎস্যৰে উভৈনদী ৰাজ্যত ঘৰে ঘৰে বিহু উপলক্ষে জা-জলপান, পিঠা-পনাৰ যোগাৰ থাকেই৷ 

আগমন হয় আলহী-অতিথিৰো৷ ইঘৰ-সিঘৰলৈ গৈ বিহু জা-জলপান খোৱা হয়৷ সমৃদ্ধিৰ আৱাহনী উছৱত উখল-মাখল হৈ পৰে লুইতৰ দুয়োপাৰ৷ বুঢ়ালুইতৰ দুয়োপাৰে সমস্বৰে বাজি উঠে সম্প্ৰীতিৰ গীত৷ এটা জাতি জীয়াই থাকিবলৈ আচলতে বিহুৰ দৰে উছৱেই হ’ব পাৰে সঞ্জীৱনী শক্তি৷ মকৰধ্বজৰ দৰে বিহুৱেই বিহৰ পৰা আঁতৰাই ৰাখিব পাৰে অসমীয়াক৷

আনহাতে অসমীয়া সমাজখনত বিহুকেন্দ্ৰিক লোকাচাৰ কিন্তু সৰ্বাধিক৷ বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি থাকিব পাৰি তাৰ বাবে নতুন বছৰৰ প্ৰথম দিনাই নাহৰ পাতত ‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’- মন্ত্ৰ লিখি ঘৰৰ চালত গুজি থোৱাটো প্ৰচলিত নিয়ম৷
 

ৰঙালী বিহুৰ সময়ত বৈচাশী বা বিচু উদযাপনৰ দিনা বড়ো সম্প্ৰদায়ৰ সমূহীয়া বাগৰুম্বা নৃত্যৰ এক মনোমোহা দৃশ্য কোকৰাঝাৰত (ছবি: চামচুল হুদা পাটগীৰি)
 
বিহুৰ দিনাই পুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থোৱা হয়৷ জনবিশ্বাস মতে প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়৷ কাৰণ বিহুৰ পাছতে হাল-কোৰ লৈ পথাৰলৈ ওলায় কৃষকসকল৷ সমাগত বাৰিষাৰ কথা সোঁৱৰাই দিয়া বিহুৱে গঞাক দি যায় সমৃদ্ধিৰ মন্ত্ৰ৷ অসমৰ সাংস্কৃতিক ভিন্নতাৰো প্ৰতিফলন হয় বসন্ত উৎসৱতে৷ কিন্তু বৈচিত্ৰৰ মাজতো যে ঐক্যই সাৰ সেয়াও বসন্তৰে মূলমন্ত্ৰ৷ 

ব’হাগৰ উছৱমুখৰ সময়ছোৱাত পূব গোৱালপাৰাত উদযাপিত হয় বিষুৱা৷ কোচ-ৰাজবংশীসকলে গৰু বিহুৰ পৰাই সাদিন বিষুৱা উদযাপন হয়৷ ৰাভা জনগোষ্ঠীয়ে পালন কৰে বিছুৱা আৰু বায়খো৷ বাইখ’ দুদিনৰ পৰা সাদিন পৰ্যন্ত উদযাপন কৰা হয়৷ সাধাৰণতে দেও, বুধ বা শুকুৰবাৰে বাইখ’ পূজা আৰম্ভ হয়৷ শস্য প্ৰাপ্তি আৰু বৰষুণৰ কামনাই এই উছৱৰ সাৰ৷

আনহাতে বড়োসকলে বৈশাগু উদযাপন কৰে৷ ব’হাগ বিহুৰ সৈতে একেলগে বৈশাগু আৰম্ভ হয়৷ সাদিনীয়াকৈ বড়োসকলে এই উৎসৱ উদযাপন কৰে৷ বাথৌ পূজা বৈশাগুৰ অন্যতম অংগ৷
 

ৰঙালী বিহুৰ সময়ত বড়োসকলৰ খেৰাই নৃত্য কোকৰাঝাৰত (ছবি: চামচুল হুদা পাটগীৰি)

 
একেদৰে দেউৰীসকলৰ বাসন্তী পূজা আৰু দেউৰী বিহু, সোণোৱাল-কছাৰীসকলৰ নৰাছিগা উৎসৱ আৰু বাথ্ৰৌ ব্ৰাই বাইথ পূজা, হাজংসকলৰ বিছুৱৌ, খামতিসকলৰ পয়-চাংকেন আৰু ল'ন চি তাপং উৎসৱ, ডিমাছাসকলৰ বাঈশাগী আৰু গেৰবা, ৰাজিনী গাবাৰা, হৰণী গাবাৰা, ঠেঙাল-কছাৰীসকলৰ তৰাছিৰা বা বাৱি বিহু, তিৱাসকলৰ ছগ্ৰামিছাৱা উৎসৱ, চাহ জনগোষ্ঠীৰ চড়ক পূজা, মংলা আৰু চাডুল পূজা আদি বসন্তকালীন উৎসৱ।

উচৱৰ বৈচিত্ৰক অনন্য ৰূপ প্ৰদান কৰি নামনি অসমত ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা হয় ভঠেলি উৎসৱ৷ বসুমতীক শস্যসম্ভৱা কৰি তোলাই ভঠেলিৰ মূল উদ্দেশ্য৷

যদি বিহু নাথাকে তেন্তে অসমৰ পৰিৱেশ হৈ পৰিব বিহু সমতুল্য৷ বৰঅসমৰ কংকালত এতিয়া বিহুৱেই জাতিক দিছে প্ৰাণৱন্ত হৈ পৰাৰ সঞ্জীৱনী৷ কোনো বিশেষজ্ঞই ক’ব নালাগে- কিন্তু উদযাপনৰ ৰীতিয়েই কয়- বিহু কোনো বিশেষ ধৰ্মাৱলম্বীৰ নহয়৷ বিহু অসমীয়াৰ, বিহু অসমৰ৷

(লেখক এগৰাকী সাংবাদিক আৰু ব্ল’গাৰ)