বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হব চৰাইদেউ মৈদাম

Story by  atv | Posted by  Munni Begum • 1 Years ago
চৰাইদেউ মৈদাম
চৰাইদেউ মৈদাম
গুৱাহাটী
 
চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে চৰাইদেউ মৈদামখনৰ সকলো খচৰা নথি-পত্ৰ ইউনেস্ক'ৰ পেৰিছত থকা মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য কমিটীৰ পৰৱৰ্তী বৈঠকত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱটো সন্দৰ্ভত বিবেচনা কৰা হ'ব। 
 
উল্লেখযোগ্য যে কিছু বছৰ পূৰ্বে অসম চৰকাৰে আহোম যুগৰ চৰাইদেউ মৈদামখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো পৰীক্ষা কৰিবলৈ কেতবোৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই অনুসৰি অসম চৰকাৰে পৰৱৰ্তী সময়ত চৰাইদেউ মৈদামৰ সকলো যাৱতীয় নথি-পত্ৰ প্রস্তুত কৰিবলৈ এখন কমিটী গঠন কৰি দিয়ে। 
সাংস্কৃতিক বিশেষজ্ঞ ড° কে চি নাউৰিয়াল, পুৰাতত্ত্ব সঞ্চালক দিপিৰেখা কৌলি, উপ-সঞ্চালক ড° নৱজিৎ দেউৰী, কাৰিকৰী বিষয়া ছাবিনা হুছেইন, ৰাজ্যিক পুৰাতত্ত্ব অভিযন্তা অজিত কুমাৰ বৰা, জ্যেষ্ঠ সংৰক্ষণ বিষয়া কংকণজ্যোতি শ‍ইকীয়াক এই কমিটীত ৰখা হয়। পৰৱৰ্তী সময়ত কমিটীয়ে মৈদামখন সন্দৰ্ভত এশ পৃষ্ঠাজোৰা এক খচৰা নথি-পত্ৰ প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে। 
জানিব পৰামতে সাংস্কৃতিক মন্ত্ৰালয়ে কমিটীৰ এশ পৃষ্ঠাজোৰা নথি-পত্ৰ অধ্যয়ন কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু চৰাইদেউ মৈদামৰ উক্ত নথি-পত্ৰ ইউনেস্ক'ৰ পেৰিছত থকা মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে। 
 
দিছপুৰৰ এক সূত্রই জানিবলৈ দিয়ামতে অসম চৰকাৰে অচিৰেই মৈদামখনৰ চূড়ান্ত নথি-পত্ৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ জৰিয়তে ইউনেস্ক লৈ প্ৰেৰণ কৰিব। উল্লেখযোগ্য যে ৫৭৮ বিঘা ভূমিৰ চৰাইদেউ মৈদামখন আহোম ৰজা চাউলুং চুকাফাৰ ৰাজত্বকালত (১২৫৩ চন) আহোমৰ ৰাজধানী হিচাপে স্থাপন কৰা হৈছিল।