নতুন দিল্লী
ধৰ্মগুৰু দালাই লামাই তেওঁৰ ভৱিষ্যতৰ উত্তৰাধিকাৰীক স্বীকৃতি দিয়াৰ একক কৰ্তৃত্ব এটা ট্ৰাষ্টৰ হাতত থাকিব বুলি দাবী কৰাৰ দুদিন পাছতে শুকুৰবাৰে ভাৰত চৰকাৰে কয় যে ধৰ্মীয় বিশ্বাস আৰু অনুশীলন সম্পৰ্কীয় বিষয়ত ভাৰতে কোনো স্থিতি গ্ৰহণ কৰা নাই বা কোনো কথা কোৱা নাই কিন্তু ধৰ্মীয় স্বাধীনতাক ভাৰতে সদায় সমৰ্থন কৰি থাকিব।
ভাৰতৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুয়ে দালাই লামাই নিজৰ ইচ্ছামতে কাম কৰিব লাগে বুলি কৰা মন্তব্যক লৈ চীনে আপত্তি দৰ্শোৱাৰ কেইঘণ্টামানৰ পিছতে ভাৰতৰ ফালৰ পৰা এই কথা স্পষ্ট কৰা হৈছে। চীনে ভাৰতক তিব্বত সম্পৰ্কীয় বিষয়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে যাতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাত ইয়াৰ প্ৰভাৱ নপৰে।
উল্লেখ্য যে, ২ জুলাইত চতুৰ্দশ দালাই লামা টেঞ্জিন গিয়াটছ'ই ঘোষণা কৰিছিল যে দালাই লামাৰ প্ৰতিষ্ঠান আগন্তুক সময়তো অব্যাহত থাকিব। কিন্তু চীনে দাবী কৰিছিল যে দালাই লামাৰ উত্তৰাধিকাৰীয়ে চীনৰ অনুমোদন লাভ কৰিব লাগিব। ইয়াৰ এদিন পিছত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে দালাই লামাৰ সিদ্ধান্তক সমৰ্থন কৰি কৈছিল যে তিব্বতৰ আধ্যাত্মিক নেতাজনৰ বাহিৰে আন কাৰো এই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই।
আনহাতে, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে সংবাদমেলত কয় যে ভাৰতে চতুৰ্দশ দালাই লামাৰ চীনৰ বিচ্ছিন্নতাবাদী মনোভাৱৰ পৰা আঁতৰি থাকিব লাগে আৰু তিব্বত সম্পৰ্কীয় বিষয়ত নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগে।
বেইজিংয়ে ভাৰতক নিজৰ কথা আৰু কাৰ্যত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু তিব্বত সম্পৰ্কীয় বিষয়ত চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বন্ধ কৰিবলৈ আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত আৰু বিকাশত প্ৰভাৱ নেপেলাবলৈ আহ্বান জনায়। বিদেশ মন্ত্ৰ্যালয়ে কয় যে তেওঁলোকে দালাই লামাৰ বক্তব্যৰ সৈতে সম্পৰ্কিত প্ৰতিবেদনবোৰ প্ৰত্যক্ষ কৰিছে।
"ভাৰত চৰকাৰে ধৰ্মৰ বিশ্বাস আৰু অনুশীলন সম্পৰ্কীয় বিষয়ত কোনো স্থিতি গ্ৰহণ নকৰে বা কথা নকয়। ভাৰতে সকলো লোকৰ বাবে ধৰ্মীয় স্বাধীনতাক সদায় সমৰ্থন কৰি আহিছে আৰু আগলৈও কৰি থাকিব", বিদেশ মন্ত্ৰ্যালয়ে কয়।