যোধপুৰ কাৰাগাৰৰ পৰা মুকলি হ'ল সোনম ৱাংচুক

Story by  atv | Posted by  [email protected] • 14 h ago
যোধপুৰ কাৰাগাৰৰ পৰা মুকলি হ'ল সোনম ৱাংচুক
যোধপুৰ কাৰাগাৰৰ পৰা মুকলি হ'ল সোনম ৱাংচুক
 
যোধপুৰ
 
কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্দিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত শনিবাৰে জলবায়ু কৰ্মী সোনম ৱাংচুকক যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।
 
লেহৰ জিলা দণ্ডাধীশে জাৰি কৰা এক নিৰ্দেশৰ ভিত্তিত ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (National Security Act) অধীনত আটক কৰা হৈছিল। আইন অনুসৰি নিৰ্ধাৰিত আটকৰ সময়সীমাৰ প্ৰায় আধা সময় তেওঁ ইতিমধ্যে কাৰাগাৰত কটাইছে।
 
দীনেশ লাখাৱটে কয়, "কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি দিনৰ প্ৰায় ১.৩০ বজাত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।"
 
ৱাংচুকৰ মুকলি সম্পৰ্কীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ কৰিবলৈ তেওঁৰ পত্নী গীতাঞ্জলি আংমো কাৰাগাৰত উপস্থিত আছিল।
 
লাডাখক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীত লেহত হোৱা তীব্ৰ প্ৰতিবাদৰ দুদিন পিছতেই এইগৰাকী জলবায়ু কৰ্মীক আটক কৰা হৈছিল।
 
এই প্ৰতিবাদৰ সময়ত ২২ গৰাকী আৰক্ষীকে ধৰি ৪৫ জনতকৈও অধিক লোক আহত হৈছিল।
 
ৰাজহুৱা আইন-শৃংখলা বজাই ৰাখিবলৈ কৰ্তৃপক্ষই ৱাংচুকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰিছিল আৰু ইয়াৰ পিছতেই তেওঁক যোধপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।