বাবৰী মছজিদ ধ্বংস আৰু অসমৰ সম্প্ৰীতি

Story by  Ariful Islam | Posted by  Munni Begum • 4 Months ago
হাজোৰ মণিকূট উৎসৱ'ৰ সমন্বয় শোভাযাত্ৰাৰ এক দৃশ্য
হাজোৰ মণিকূট উৎসৱ'ৰ সমন্বয় শোভাযাত্ৰাৰ এক দৃশ্য
 
আৰিফুল ইছলাম /  হাজো
 
আজিৰে পৰা তিনিটা দশক পূৰ্বে বাবৰী মছজিদ ধ্বংস কৰা হৈছিল। সেই ঘটনা ভাৰতবৰ্ষ তথা পৃথিৱীৰ ইতিহাসত এক কলা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ'ব। বাবৰী মছজিদ ধ্বংসৰ পিছতে ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে ধৰ্মীয় সংঘাত, বিশেষকৈ হিন্দু-মুছলমানৰ মাজত ব্যাপক সংঘাত হৈছিল। কিন্তু সমগ্ৰ দেশতে হৈ থকা ধৰ্মীয় বিবাদৰ সময়তে অসমে দাঙি ধৰিছিল ইয়াৰ এক সুকীয়া পৰিচয়। আৰু এই পৰিচয় আছিল  শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ।  
 
১৯৯২ চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ সমন্বয়ৰ তীৰ্থনগৰী হাজোত মণিকূট উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম, ভাষাৰ লোকক সমবেত কৰি পোৱামক্কাৰ প্ৰবেশদ্বাৰৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণলৈ সমন্বয় শোভাযাত্ৰা আৰম্ভ হৈছিল। প্ৰায় তিনিটা দশকৰ পিছতো মণিকূট উৎসৱত আয়োজিত সমন্বয় শোভাযাত্ৰা সুকলমে অনুষ্ঠিত হৈ আছে। আৰু এমাহ পিছতে এই মণিকূট উৎসৱত হাজোত পুনৰ অনুষ্ঠিত হ'ব। সমাজৰ বিভেদকামী শক্তিসমূহক প্ৰত্যেক বছৰৰ পহিলা মাঘৰ দিনা হাজোবাসীয়ে দেখুৱাই দিয়ে যে অসম সদায় অনক্যৰ মাজত ঐক্য। মণিকূট উৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা সমন্বয় শোভাযাত্ৰাত পোৱামক্কাৰ খাদিম আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈও অংশগ্ৰহণ কৰে আৰু ইজনে সিজনক শুভেচ্ছাঁ জনায়।
 
তীর্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্রীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহ
 
ধর্মীয় সংকীর্ণতাৰ ঊধর্বত শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ মহান আদর্শ মানৱ সমাজত বিলাই দিবলৈ প্ৰত্যেক মাঘৰ ১ তাৰিখৰ পৰা  তীর্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্রীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এমাহজোৰা মহামিলনৰ পৰম্পৰাগত উৎসৱ ক্রমে ‘উৰুচ মেলা’ আৰু ‘মাঘী মেলা’ তথা ‘মণিকূট’ উৎসৱ৷
 
মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা সন্দৰ্ভত আৱাজ-দ্য ভইচ'ৰ আগত  হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ গৰাকীয়ে কয়; "আমাৰ হাজোৰ যি সমন্বয় আছে, সেয়া আজিৰ নহয়, বহু পুৰণি। আমাৰ ইয়াত কোচ ৰজা, মোগল আৰু আহোমেও ৰাজত্ব কৰিছিল। সেই ৰাজত্বৰ সময়ৰ পৰাই আমাৰ সমন্বয়টো আছে। সদৌ অসম ছাত্ৰসন্থাই ১৯৯২ চনত বাবৰী মছজিদ ধ্বংসৰ সময়ত যি সমন্বয় শোভাযাত্ৰা আৰম্ভ কৰিলে, সেয়া আৰু অধিক ভাল হ'ল। আমাৰ ইয়াৰে যিটো সমন্বয় শোভাযাত্ৰা হয়, এই শোভাযাত্ৰাৰ পৰা সমগ্ৰ পৃথিৱীতে এক ধনাত্মক বাৰ্তা যায়। অসমৰ সমন্বয় আৰু ভাতৃত্ববোধৰ পৰিচয় দিয়ে এই মণিকূট আৰু সমন্বয় শোভাযাত্ৰাই।
 
"হাজোৰ যিটো নিদৰ্শন এই নিদৰ্শন যাতে সমগ্ৰ ভাৰতবৰ্ষতে মানি লয়। আমি সদায় ধৰ্মৰ উৰ্ধত থাকোঁ আৰু আছোঁ। আমাৰ ইয়াতে কোনোদিনেই ধৰ্মকলৈ বিভেদ সৃষ্টি হোৱা নাই আৰু কেতিয়াও নহয় বুলি মই ভাবোঁ। আমি খিলঞ্জীয়া হিন্দু-মুছলমানসকলোৱে ইয়াত মিলাপ্ৰীতিৰে বসবাস কৰি অহিছোঁ। বাহিৰৰ পৰা কোনোবা পমুৱা বা অন্য শক্তিয়ে আমাৰ খিলঞ্জীয়া হিন্দু-মুছলমানৰ ভাতৃত্ববোধত আঘাত হানিব নোৱাৰিব। আমি সদায় আগৰ পৰাই একেলগে আছোঁ আৰু আগলৈও একেলগে আগুৱাই যাম", দলৈ গৰাকীয়ে কয়।
 
লোকে লোকাৰণ্য হৈ পৰিছে হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ বাবে 
 
পোৱামক্কা দৰগাহৰ খাদিম তথা সভাপতিয়ে কয়; "মোৰ কবলৈ ভাষা নাই। মণিকূট উৎসৱে আমাৰ ইয়াতে আগৰ পৰাই এক সুকীয়া ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰি আহিছে। মণিকূট উৎসৱ উপলক্ষে যি সমন্বয় শোভাযাত্ৰা আয়োজন কৰা হয়, তাৰবাবে আমি সদৌ অসম ছাত্ৰসন্থাৰ ওচৰত  চিৰকৃতজ্ঞ। হাজোৰ এই সমন্বয়ক আচলতে সকলোৱে অনুসৰণ কৰা উচিত। যাতে আমি সকলোৱে সদায় ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰো।"
 
উল্লেখযোগ্য যে, প্ৰতিবছৰে অনুষ্ঠিত বর্ণিল শোভাযাত্রাত অংশগ্রহণ কৰা উত্তৰ-পূর্বাঞ্চলৰ কেইবাটাও বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰি হাজো অঞ্চলৰ ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে মূল পথৰ দুয়োকাষে দুশাৰী হৈ জিকিৰ-জাৰি পৰিৱেশন কৰি, গায়নে বায়নে খোল-তাল লৈ আয়তীসকলে নাম কীর্তন কৰি, বিহুৱা দলে নাচিবাগি, চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য, বড়ো জনগোষ্ঠীয় বাগৰুম্বা-খেৰাই নৃত্য, জয়ৰাম দাসৰ ‘সতী জয়মতী আৰু জেৰেঙা পথাৰ’ নামৰ বাহনত উপবিষ্ট জীৱন্ত প্রতিকৃতি, একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ যোৱা মনোৰম দৃশ্যই পথৰ দুয়োকাষে অধীৰ আগ্রহেৰে ৰৈ থকা ৰাইজৰ মন মুহিত কৰে৷ শোভাযাত্রাত অংশগ্রহণকাৰী হাজাৰ হাজাৰ লোকক প্রতিটো পৰিয়ালে পদূলিমুখত ৰৈ দুহাত জোকাৰি আদৰণি জনাই থকা দৃশ্য সঁচাকৈয়ে অপূর্ব৷