গুড ফ্ৰাইডে: মানৱ সমাজৰ হিতৰ বাবে যিশুখ্ৰীষ্টৰ জীৱন ত্যাগৰ স্মৰণ

Story by  Aasha Khosa | Posted by  [email protected] • 29 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আছা খোছা/নতুন দিল্লী
 
বিয়াৰ আগতে মই গুড ফ্ৰাইডেৰ (Good Friday) গুৰুত্ব ভালদৰে উপলব্ধি কৰা নাছিলো। কিন্তু যেতিয়া মই কেৰালাত মোৰ ছিৰিয়ান কেথলিক শহু-শাহুৰ লগত আছিলো, তেতিয়া মই ইয়াৰ তাৎপৰ্য্য উপলব্ধি কৰিলোঁ। 
 
 
আমাৰ দৰে বেছিভাগ হিন্দুৰে এই ধাৰণা নাই যে গুড ফ্ৰাইডে শোক পালনৰ দিন। মই আগতে ভাবিছিলোঁ যে এইটো মাত্ৰ এটা দিন যেতিয়া যীশুক ক্ৰুচত দিয়া হৈছিল আৰু তেওঁৰ অনুগামীসকলে যীশুৰ বলিদানৰ স্মৃতি ৰোমন্থন কৰিছিল। 
 
কিন্তু কেৰালাত, বিশেষকৈ কাঞ্জিৰাপালিত, য’ত ৰোমান কেথলিক বহুত আছে, গুড ফ্ৰাইডেৰ পৰিৱেশ যথেষ্ট সুকীয়া। প্ৰকৃততে গুড ফ্ৰাইডে হৈছে মৌনতা আৰু প্ৰাৰ্থনাৰ দিন। আনকি চৰাইবোৰো সেইদিনা নিস্তব্ধ হৈ থকা যেন লাগে। মৌনতাই আপোনাক নিজৰ কথা ভাবিবলৈ বাধ্য কৰিব পাৰে, আৰু সেই মৌনতাক মই গভীৰভাৱে অনুভৱ কৰিলোঁ। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
মৌনতা হৈছে নিজৰ মন আৰু আত্মাক পৰিষ্কাৰ কৰাৰ এক শক্তিশালী অস্ত্ৰ; সেইদিনা মই অনুভৱ কৰিলোঁ যে সকলোতে বিয়পি পৰা সংযুক্ত নিস্তব্ধতাই মোক আত্ম-আত্মপৰীক্ষাও কৰিবলৈ বাধ্য কৰালে। দিল্লীৰ প্ৰখ্যাত লটাছ মন্দিৰ পৰিভ্ৰমণৰ সময়তো মোৰ একেধৰণৰ অভিজ্ঞতা হৈছিল, য’ত মৌনতা বাধ্যতামূলক।
 
ল’ৰা-ছোৱালীবোৰকে ধৰি ঘৰত সকলোৱে সেইদিনা মৌন হৈ প্ৰাৰ্থনা কৰে। তেওঁলোকে দিনটোক আত্মচিন্তা আৰু ভুল স্বীকাৰৰ দিন হিচাপে পালন কৰে। গুড ফ্ৰাইডেৰ দিনাই গীৰ্জাত খ্ৰীষ্টানসকলৰ বাবে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুশীলন অনুষ্ঠিত হয়, যাৰ নাম হৈছে স্বীকাৰোক্তি। সেইদিনা মোৰ স্কুললৈ যোৱা ছোৱালীজনীয়ে সম্পূৰ্ণ শান্ত হৈ ফাদাৰ (পুৰোহিত)ৰ আগত স্বীকাৰোক্তি দি দেউতাকৰ সৈতে উভতি অহাৰ কথা মোৰ এতিয়াও মনত আছে।
 
কিছুদিনলৈ তাই নিজৰ সাধাৰণ দুষ্টামিবোৰ কৰা নাছিল আৰু তাই ডাঙৰকৈ কথাও কোৱা নাছিল। তাই কেইবাবাৰো ধ্যান কৰি “হেইল মেৰী” প্ৰাৰ্থনা কৰিছিল। এজন হিন্দু হিচাপে মই ইয়াক শিশুৰ চৰিত্ৰ গঠনৰ বাবে এটা ভাল মানসিক ৰেচিপি বুলি ভাবিছিলো। 

সেইদিনা জ্যেষ্ঠ আৰু শিশুসকলে বহু সময় ধৰি আঁঠু লৈ প্ৰাৰ্থনা কৰে, যাতে তেওঁলোকে যীশু খ্ৰীষ্টই ক্ৰুচত দিয়াৰ সময়ত সন্মুখীন হোৱা শাৰীৰিক বিষ অনুভৱ কৰিব পাৰে। কিছুমানে সেইদিনা তিতা খাদ্যও খায়। আনকি কিছুমান লোকে যীশুৰ দুখ-কষ্ট স্মৰণ কৰিবলৈ পিঠিত ক্ৰুচ লৈ পাহাৰত উঠি যায়।
 
ইতিহাসৰ মাজলৈ চালে উপলব্ধি হয় যে গুড ফ্ৰাইডে বিশ্বৰ সকলো খ্ৰীষ্টানৰ বাবে অতি তাৎপৰ্যপূৰ্ণ। এই দিনটোত যীশুখ্ৰীষ্টক বন্দী কৰি নিৰ্মমভাৱে মৃত্যুদণ্ড দিয়া হৈছিল। যীশুখ্ৰীষ্টৰ এই ত্যাগক স্মৰণ কৰি সেই দিনটোক গুড ফ্ৰাইডেৰ হিচাপে পালন কৰা হয়। 
 
খ্ৰীষ্টানসকলে গীৰ্জাত মৌনভাৱে প্ৰাৰ্থনা কৰে। আগতে যীচুৰ জীৱনৰ আধাৰত বিভিন্ন মনোগ্ৰাহী নাটক পৰিৱেশন কৰা হৈছিল যদিও এতিয়া মহামাৰীৰ বাবে সেইবোৰ বন্ধ হৈ গৈছে।
 
আন এটা উল্লেখনীয় বিষয় হ'ল যে, বহুতো অ-খ্ৰীষ্টান লোকে গুড ফ্ৰাইডেক দুখৰ দিন বুলি নাজানে আৰু সেয়ে তেওঁলোকে খ্ৰীষ্টানসকলক “গুড ফ্ৰাইডেৰ শুভকামনা” (Happy Good Friday) দিয়া দেখা যায়। এয়া প্ৰকৃততে খ্ৰীষ্টানসকলৰ বাবে অস্বস্তিকৰ হ’ব পাৰে। খ্ৰীষ্টানসকলে যীশু খ্ৰীষ্টৰ পুনৰ জনমৰ স্মৃতিত ইষ্টাৰ উদযাপন কৰে আৰু ই হৈছে তেওঁলোকেৰ আনন্দৰ উৎসৱ।