সাহিত্য-সংস্কৃতিৰ মাধ্যমেৰে জাতি-ধৰ্মক একত্ৰিত কৰাৰ প্ৰয়াস ইছমাইল হোছেইনৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
ইছমাইল হোছেইন
ইছমাইল হোছেইন
মুকুট শৰ্মা / গুৱাহাটী 
 
শংকৰ-আজানৰ দেশত বিভিন্ন জাতি-ধৰ্মৰ মাজত একতা আৰু সম্প্ৰীতিৰ সেঁতু গঢ়াৰ অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, গৱেষক আৰু শিক্ষাবিদে। শংকৰী কলা-সংস্কৃতিক লৈ ১৯ খন, অসমীয়াৰ প্ৰাণৰ আপোন বিহুক লৈ ১০ খন, অসমৰ চৰ-চাপৰিৰ লোক-সাহিত্য আৰু সংস্কৃতিক লৈ ৮ খন, হিন্দু-মুছলিমৰ সমন্বয়ক লৈ ২ খন, হজৰত আজানপীৰক লৈ ২ খন, বড়ো-মিচিং-চুতিয়া আৰু কোচ ৰাজবংশীক লৈ ১খন, ভাওনা-বাটৰ নাটক লৈ ১ খন, শৰণীয়া কচাৰীক লৈ ২ খনসহ এতিয়ালৈকে মুঠ ১০৬ খন গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰা সু-সাহিত্যিক গৰাকী হ’ল ইছমাইল হোছেইন।

শংকৰী সংস্কৃতিৰ গৱেষক, পণ্ডিত আৰু সমন্বয়ৰ ধ্বজাবাহক হিচাপে অসমীয়া সমাজত সু-পৰিচিত হোছেইনে মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া ভাওনাক কেৱল লেখনি আৰু বক্তৃতাৰ মাজত আৱদ্ধ নাৰাখি ইছলামধৰ্মী ভাৱৰীয়াৰদ্বাৰা ‘চান্দসাই’ নামৰ এটা ভাওনা দল গঠন কৰাৰ লগতে নিজে ভাৱৰীয়াৰ ৰূপত অভিনয় কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতিৰ এনাজৰী কটকটীয়া কৰিছে। একেদৰে, সংখ্যালঘু লোকসকলৰ মাজত বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ প্ৰতিবছৰে বহাগ মাহৰ প্ৰথম দুটা দিনত নিজৰ জন্মভূমি বৰপেটা জিলাৰ কয়াকুছিত বিহু প্ৰতিযোগিতা আৰু বিহু কৰ্মশালা আয়োজন কৰি আহিছে। এই অনুষ্ঠানত ইছমাইল হোছেইনে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুদ্ধ ৰূপত বিহুনাম আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায়।
 
ইছমাইল হোছেইনে বিহু নৃত্য কৰাৰ লগতে তাল বজাইছে
 
আৱাজ-দ্যা ভইচ’ৰ সৈতে হোৱা এক সাক্ষাতকাৰত শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক ইছমাইল হোছেইনে কয়, "মোৰ জন্ম বৰপেটা জিলাৰ কয়াকুছিত। আমাৰ গাওঁৰ পৰা আধা কিলোমিটাৰ দূৰত ফুলৰগুড়ি গাওঁ, তাৰ আধা কিলোমিটাৰ দূৰত বামুনবড়ী গাঁও, দুয়োখন আছিল সনাতনধৰ্মী গাওঁ। দুয়োখন গাঁৱে একগোট হৈ প্ৰতিবাৰে ৰাস মহোৎসৱ আয়োজন কৰাটো এক পৰম্পৰা আছিল। আমি শৈশৱত সেই ৰাস চাব গৈছিলো। আমি তাত ৰাম-ৰাৱণৰ যুদ্ধ দেখো, কৃষ্ণ-কংসৰ যুদ্ধ দেখো, আমি তাত ৰামচন্দ্ৰ আৰু পৰশুৰামৰ যুদ্ধ দেখো। সদায় ৰাম অথবা কৃষ্ণৰ জয় দেখো, কংস অৰ্থাৎ দুষ্কৃতিকাৰীৰ পৰাজয় দেখো। সেইবোৰ দেখি দেখি সৰুৰে পৰা ৰামচন্দ্ৰ আৰু কৃষ্ণৰ প্ৰতি আকৰ্ষিত হওঁ। তেওঁলোক যে আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতীক, সেয়া অনুভৱ কৰিছিলো।"
হোছেইনে কয়, "আমি মুছলমান সম্প্ৰদায়ৰ হ'লেও আমাৰ সমাজত কোনোদিনে আৰৱৰ কোনো কাহিনীক লৈ নাটক দেখা নাই। সেই কাহিনী আমাৰ সমাজৰ সৈতে সংপৃক্তও নহয়। আমাৰ শংকৰদেৱে লিখা অংকীয়া ভাওনাবোৰত কৃষ্ণ-ৰামচন্দ্ৰ এইবোৰ ভাৰতীয় সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ সংস্কৃতিৰ সৈতে সংপৃক্ত। এইবোৰ দেখি দেখি আমি সৰুৰে পৰা ভাৰতীয় সংস্কৃতি, অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম হৈ গৈছিলো। আমাৰ অঞ্চলটোৰ এনেকুৱা এক ভৌগোলিক পৰিৱেশে মোৰ মনত ঐক্য-সংহতিৰ বীজ ৰোপন কৰিছিল।" 
শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, চান্দসাই আদিৰ আদৰ্শৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ হকে কাম কৰি যোৱা ইছমাইল হোছেইনৰ জন্ম হৈছিল ১৯৬৫ চনৰ ২২ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ কয়াকুছি গাঁৱৰ এটি দৰিদ্ৰ কৃষক পৰিয়ালত। বৰ্তমান তেওঁ যোৰহাটৰ প্ৰখ্যাত প্ৰিন্স ৱেলছ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কৰ্মৰত।
 
ইছমাইল হোছেইনে ভাওনা পৰিবেশন কৰা মুহুৰ্তৰ চিত্ৰ
 
উল্লেখ্য যে, ইছমাইল হোছেইনৰ নেতৃত্বত গঠিত ‘চান্দসাই ভাওনা’ দলে মাজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শনেৰে দৰ্শকৰ জাউৰীয়ে-জাউৰীয়ে হাত চাপৰি বুটলিবলৈ সক্ষম হৈছিল। বিশেষকৈ তেওঁলোকৰ ‘ৰামবিজয়’ আৰু ‘পাৰিজাত হৰণ’ নাটে দৰ্শকৰ হৃদয়ত আলোড়ন তুলিছিল। চান্দসাই ভাওনা দলৰ সদস্যসকল হ’ল ক্ৰমে ইছমাইল হোছেইন, সুৰজ খান, মোজাম্বিল হোছেইন, জাকিৰুল ইছলাম, আজগৰ আহমেদ, ফজল আলী আহমেদ, ছাজু আহমেদ, মুস্তাক আহমেদ, আজিমুদ্দিন আহমেদ আদি। 
এই সন্দৰ্ভত হোছেইনে কয়, "২০০৭ চনত মই জামুগুৰিহাটৰ মাধৱগাও ভাওনা দলৰ সৈতে বাৰেচহৰীয়া ভাওনাত ভাও লৈছিলো। তাত মই কৃষ্ণৰ লগতে ৰজা সত্যব্ৰতৰ চৰিত্ৰ ৰূপায়ন কৰিছিলো। মোৰ ভাওনা চোৱাৰ পিছত ১৫ গৰাকী সত্ৰাধিকাৰে মোক সাৱতি ধৰিছিল। আশীৰ্বাদ দিছিল, মৰমৰে উপচাই দিছিল। মানুহৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যে ইছমাইল হোছেইন কোন বিচাৰিব ধৰিলে। ৰাইজৰ মাজত এটা উৎসাহ-উদ্দীপনা দেখা গৈছিল যে তাত প্ৰথমবাৰৰ কাৰণে এগৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱকে ভাওৰীয়াৰ ভাও লৈছে। পিছদিনা অনুষ্ঠিত মুকলি সভাত মোক উপস্থিত থাকিবলৈ কোৱা হ’ল। ভাওনা চাবলৈ যিমান মানুহ আহিছিল, মুকলি সভাতো সিমানে মানুহ গোট খাইছিল। মই সেই মুকলি সভাত ১০ মিনিট ভাষণ দিছিলো আৰু দৰ্শকৰ ঠেলা-হেঁচাৰ বাবে মঞ্চৰ পৰা নামি যাওঁতে মোক প্ৰায় ১ ঘণ্টা লাগিছিল। তেওঁলোকে মোক মৰম আৰু আশীৰ্বাদেৰে উপচাই পেলাইছিল। তেওঁলোক খুৱ আবেগিক হৈ পৰিছিল। ৰাইজৰ এই মৰম-চেনেহত আপ্লুত হৈ মই সেই পুনৰ মঞ্চলৈ উভতি গৈ ঘোষণা কৰিলো যে মই পৰৱৰ্তী বাৰেচহৰীয়া ভাওনাত আপোনালোকৰ মাজলৈ ইছলাম ধৰ্মৰ ভাৱৰীয়াৰে গঠিত এটা ভাওনা দল লৈ আহিম। মোৰ এই ঘোষণা শুনি তেওঁলোক আনন্দত মতলীয়া হৈ পৰিছিল। তাৰ পিছতে আৰম্ভ হৈছিল চান্দসাই ভাওনা দল। মুছলমান সমাজৰ ভাৱৰীয়াৰে গঠিত বাবে দলটোৰ নাম ৰখা হয় শংকৰদেৱৰ মুছলমান শিষ্য চান্দসাইৰ নামেৰে।"   
অসমৰ গাঁৱে-ভূঞে, নামঘৰে-সত্ৰই শংকৰদেৱ-মাধৱদেৱ-আজান ফকীৰ সম্পৰ্কে তিনি শতাধিক ভাষণ প্ৰদানেৰে সমন্বয়ৰ বাৰ্তা বিলোৱা হোছেইনে সুদূৰ লণ্ডনত ‘শংকৰদেৱ বিশ্ব শ্ৰেষ্ঠ নহ’ব কিয়’ শীৰ্ষক এক সাৰমৰ্ম ভাষণ আগবঢ়াই অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শংকৰদেৱক বিশ্বৰ দৰবাৰত পৰিচিত কৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।
 
ইছমাইল হোছেইনে বিহু নৃত্য পৰিবেশন কৰাৰ এক মুহুৰ্ত
 
এই বিষয়ত হোছেইনে কয়, "২০০৮ চনৰ ১৮ অক্টোবৰত মই লণ্ডনত মহাপুৰষ শংকৰদেৱক লৈ বক্তৃতা আগবঢ়াইছিলো। লণ্ডনস্থিত অসম সাহিত্য সভাৰ শাখা আৰু একাংশ প্ৰৱাসী ভাৰতীয়, প্ৰৱাসী অসমীয়াই শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মোক অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। তাত মই শংকৰদেৱৰ বিভিন্ন সৃষ্টিৰাজি আৰু সমাজ সংস্কাৰত তেওঁৰ অৱদান সন্দৰ্ভত ৩০ মিনিট ভাষণ দিয়াৰ কথা আছিল, যদিও দৰ্শকৰ অনুৰোধ ৰক্ষা কৰি মুঠ ১ ঘণ্টা ২০ মিনিট ব্যক্তব্য আগবঢ়াবলগীয়া হৈছিল। তাত আমাৰ ভাৰতীয় লোকৰ লগতে বিভিন্ন দেশৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।"    
উল্লেখযোগ্য যে, সম্প্ৰতি অসমৰ লোকসংগীতৰ অন্যতম চহকী উপাদান বিয়ানামক লৈ এখন গৱেষণামূলক গ্ৰন্থ ৰচনাৰ কামত ব্যস্ত থকা সাহিত্যিক-সমালোচকগৰাকীয়ে কবিতাৰ মাধ্যমেৰেও সমাজত সাম্প্ৰদায়িকতা বিৰোধী এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বাবৰি মছজিদ ভঙাক লৈ দেশজুৰি সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাৰ সময়ত ইছমাইল হোছেইনে লিখা ‘সাম্প্ৰদায়িকতা বিৰোধী অসমীয়া কবিতা’ নামৰ কবিতা সংকলনখনে পাঠকৰ ব্যাপক সমাদৰ লাভ কৰিছিল। তেওঁৰ ‘বিজ্ঞাপন’ শীৰ্ষক কবিতাটোৱেও অসমৰ সাহিত্য জগতত আলোড়ন তুলিছিল। জাত-পাতক কেন্দ্ৰ কৰি এই কবিতাটো ৰচনা কৰা হৈছিল। 
অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰা হোছেইনৰ কেইখনমান উল্লেখনীয় গ্ৰন্থ হ’ল জীৱন আৰু মানুহ বিষয়ক, হিন্দু মুছলমান প্ৰশ্ন: সমন্বয় আৰু সংঘাত, সাম্প্ৰদায়িকতা বিৰোধী অসমীয়া কবিতা ,অসমৰ জাতীয় জীৱন আৰু অভিবাসী অসমীয়া মুছলমান, সংহতিৰ সন্ধানত, চাপৰিৰ সূৰ্য, চৰ চাপৰিৰ সমাজ সমীক্ষা, নৈপৰীয়া, অসমত মৌলনা ভাসানী, অসমৰ চৰ চাপৰিৰ লোক সাহিত্য, ফাটবিহুৰ ইতিহাস আৰু ঐতিহ্য, ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ।
 
ইছমাইল হোছেইনৰ গ্ৰন্থ
 
আনহাতে তেওঁৰ আন কেইখনমান গ্ৰন্থ ক্ৰমে গড়মূৰীয়া সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ জীৱন আৰু দৰ্শন, শ্ৰীমন্ত শঙ্কৰদেৱ আৰু সমন্বয়ৰ ঐতিহ্য, শঙ্কৰদেৱ বিশ্ব শ্ৰেষ্ঠ নহব কিয়, আজান পীৰ আৰু জিকিৰ, শ্ৰীমন্ত শঙ্কৰদেৱ আৰু চান্দসাই, শঙ্কৰী ঐতিহ্যৰ বিচাৰ, ইছলাম ধৰ্মীৰ দৃষ্টিত শ্ৰীমন্ত শঙ্কৰদেৱ, আমাৰ শঙ্কৰদেৱ অভিযান, বাৰেচহৰীয়া ভাওনা আৰু শোণিত কোঁৱৰ গজেন বৰুৱা, শৰণীয়া কছাৰীৰ বঞ্চনাৰ ইতিহাস, আমি কিদৰে অসমীয়া হলো, শঙ্কৰ বিভ্ৰাটৰ প্ৰত্যুত্তৰ আদি।