সম্প্ৰীতিৰ উৎসৱ মাঘবিহু

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
অঞ্জু শাণ্ডিল্য   
 
পূৰ্বৰেপৰা অসমত জাতি-বৰ্ণ-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে ভোগালী বিহু পালন কৰি আহিছে। আহোম ৰাজত্বকালত ভোগালী তথা মাঘ বিহুৰ ৰং-ধেমালিক ৰজাঘৰীয়া উৎসৱলৈ পৰিণত কৰা হয়। ৰংপুৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী পতাৰ পাছত 'ৰংঘৰ'ৰ বাকৰিত মাঘবিহু উপলক্ষে ম'হ যুঁজ মাল যুঁজ, শেন-কনুৱাৰ যুঁজ ৰাজপৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল। আহোম ৰজাৰ বিষয়াসকল মাথো আহোম সম্প্ৰদায়ৰে নাছিল, আন আন সম্প্ৰদায়ৰ যোগ্যজনক ৰাজপদবী খিতাপ, উপাধি দি ৰাজকাৰ্যত নিয়োগ কৰা হৈছিল। 
 
এইসকল ৰাজবিষয়াইও ভোগালী বিহুত, ৰজাঘৰীয়া উৎসৱ বুলি পূৰ্ণ সহযোগ কৰিছিল আৰু নিজা উৎসৱৰূপে পালন কৰিছিল। মাথো ৰাজধানী ৰংপুৰতে মাঘ বিহুৰ ৰং-ধেমালি স্বৰ্গদেউসকলে অনুষ্ঠিত কৰা নাছিল, আহোম ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছিল। তাতে মাঘ বিহুৰ ৰং-ধেমালিত কোনো ধৰ্মীয় সম্বন্ধ নাই। সেয়ে আহোমৰ দিনৰপৰা আজিলৈকে ঐক্য-সম্প্ৰীতিৰে মাঘ বিহু উদযাপিত হৈ আহিছে। 
 
ম'হৰ যুঁজ
 
হাজোৰ বুল্বুলি চৰাইৰ যুঁজো আহোম স্বৰ্গদেউৱে প্ৰচলন কৰিছিল। স্বৰ্গদেউ প্ৰদত্ত সিংহই প্ৰথম বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰোৱায়। মাঘ বিহুৰ প্ৰথম দিনাই এই যুঁজ অনুষ্ঠিত হয়। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত এই যুঁজ অনুষ্ঠিত হয় আৰু পিছদিনা পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ 'সমন্বয় শোভাযাত্ৰা' হয়, য'ত হিন্দু-মুছলমান সকলোৱে অংশগ্ৰহণ কৰে।
 
এই 'সমন্বয় শোভাযাত্ৰা'ৰো এক গৌৰৱময় ইতিহাস আছে। ১৯৯২ চনৰ ছয় ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ সময়ত ভাৰতবৰ্ষত যি হিন্দু-মুছলমান সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল, সেই জটিল সন্ধিক্ষণত ১৯৯৩ চনৰ ১৫ জানুৱাৰী অৰ্থাৎ পহিলা মাঘত, হাজোবাসী হিন্দু-মুছলমান ৰাইজে পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ 'সমন্বয় শোভাযাত্ৰা' কৰি বিশ্ববাসীক দেখুৱাই দিলে অসমীয়াৰ প্ৰেম-ঐক্য-ভাতৃত্ব-সমন্বয়ৰ নিদৰ্শন। পূৰ্বতে মাধৱ মন্দিৰ আৰু পোৱামক্কা সহযোগত 'উৰুচ মেলা' বা 'মাঘী মেলা' অনুষ্ঠিত হৈছিল। ১৯৯২ চনৰ পৰা হাজো মণিকূট সাহিত্য সমাজৰ উদ্যোগত 'মণিকূট উৎসৱ'ৰূপে অনুষ্ঠিত হবলৈ ল'লে।   
 
বুল্বুলি চৰাইৰ যুঁজ
 
মেটেকা অঞ্চলৰ বগীদলৰ উজনিত থকা সিংহদুৱাৰ মুছলমান গাঁৱৰ মাৰফ আলীৰ পৰিয়াল উপস্থিত হ'লেহে, মেটেকা পথাৰত ম'হ হৈছিল। ম'হ যুঁজৰ কাৰনেই ম'হৰ টোকোন দুডাল জুহালৰ ধোৱাঁচাঙত আটোমটোকাৰীকৈ তুলি থৈছিল। ইফালে মেটেকাৰ আমগুৰি গাঁৱৰ জুনচা আলীয়ে মাঘৰ বিহুত যুঁজাবলৈকে ম'হ কিনিছিল। ম'হ যুঁজৰ কাৰনে আহোম ৰাজত্বকালৰে পৰা প্ৰখ্যাত এক অঞ্চল নাহৰণি। 
 
স্বৰ্গদেউ, ৰজবিষয়াসকলে মাঘবিহুৰ ৰং-ধেমালি চাবলৈ নাহৰণিৰ বৰুৱাচাং আৰু মাজগাওঁ মছজিদৰ উত্তৰ অংশত বাহৰ পাতিছিল। ইয়াত এজোপা প্ৰকাণ্ড বৰগছ আছিল, যি জোপা গছ 'ৰংচোৱা বৰ' নামে প্ৰখ্যাত। বৰগছজোপাত চাং পাতি, স্বৰ্গদেউ বিষয়াসকলে শেন-কনুৱাৰ যুঁজ চাইছিল। আৰু নাহৰণি পথাৰত ম'হ যুঁজ হৈছিল। মাজগাওঁ মছজিদৰ পূব দিশত থকা বৰগছজোপা তিনিশ বছৰৰো পুৰণি। এইজোপা গছৰ নামো 'ৰংচোৱা বৰ'। 
 
হাজোৰ হয়গ্ৰীৱমাধৱ মন্দিৰ
 
ৰং-ধেমালি চোৱাৰ অন্তত আহোম স্বৰ্গদেউৱে ইয়াত ম'হ মাংসেৰে ভাত এসাঁজ নাহৰণিৰ মুছমান ৰাইজক খুৱাইছিল। কেবাবছৰ আগলৈকে নাহৰণি পথাৰত ম'হ যুঁজ অনুষ্ঠিত হৈছিল। ২০১১ বৰ্ষতো নাহৰণি পথাৰত হোৱা ম'হ যুঁজত হিন্দু-মুছলমান সকলোৱে অংশগ্ৰহণ কৰিছিল। মাঘবিহুৰ উৰুকাত হিন্দু-মুছলান একেলগে নাহৰডোঙা, সাদৌ বিল আদিত মাছ মাৰে। মাঘী বন্ধা, ভোজ-ভাত খোৱা মেজি জলোৱা আদি পৰম্পৰা নাহৰণিৰ মুছলমানসকলে ৰক্ষা কৰে। নাহৰণিৰ বাতিপৰীয়াত ১০২ ফুট উচ্চতাৰ মেজি আৰু পানীত ভাসমান মেজি সাজে। ঐক্য-সম্প্ৰীতিৰ মেলা পাতে।
 
গন্ধ মৌৰ মুছলমানসকলেও ভোগালী বিহু অনুষ্ঠিত কৰে। মহম্মদ মজিবুদ্দিন আহমেদৰ কথা-- "আমি দুটা ভেলাপুজি সাজিছিলোঁ। এটা সৰু আনটো ডাঙৰ। প্ৰথমে কোনোৱা এজনে সৰু পুজিটোত অগ্নিসংযোগ কৰাৰ পাছত ৰাইজে দ্বিতীয়টোত অগ্নিসংযোগ কৰে। ভেলাপুজিত মাহ-প্ৰসাদৰ ঠগী দিয়া হৈছিল। ইষ্ট-কুতুম্বক সেৱা কৰিছিল। নাৰিকল ভঙা, কণীযুঁজ আদি খেল হৈছিল।" 
 
কণী যুঁজ
 
হাইদৰ হুছেইনে কয়-- "গাটো তিয়াই মেজিৰ ওচৰলৈ গৈছিলো। দেউতাই বাৰীৰ তামোল-নাৰিকলত খেৰেৰে গাঠি দি হাতত তামোল-পান আৰু গুটি সৰিয়হ লৈ মেজিৰ কাষত থিয় হৈ গাঁৱৰ জোনাবৰ সকীয়নি নামানি মেজিৰ জুইত সেইবোৰ বিসৰ্জন দিছিল।"
 
১৯১২ চনৰ পৰা নগাঁৱৰ কলঙৰ বাকৰিত যি ভোগালী বিহু অনুষ্ঠিত হৈ আহিছে, তাত হিন্দু-মুছলমান উভয়ে অংশ গ্ৰহণ কৰে। পূৰ্বৰে পৰা বহুকেইজন মুছলমান লোক জড়িত হৈ আছে-- মহম্মদ ৰফিক, ফজলুৰ কৰিম, আবু চামা আদি।
 
ভোগালী বিহুত মুকলি পথাৰত সজা ভেলাঘৰ আৰু মেজি
 
'সেউজীয়া দেশ'ৰ কবি ৰাম গোস্বামীয়ে কৈছিল-- "আমি একেস্বৰে আমাৰ উৎসৱবোৰ বা-মাৰলিত নষ্ট হবলৈ দিব নালাগিব। ভোগালী বিহু আমাৰ বাপতি সাহোন। এই উৎসৱক সময়ৰ লগত খাপ খুৱাই আমাৰ নিজা কৃষ্টিক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰা একান্তই প্ৰয়োজন। আমি জাতীয় জীৱনৰ অম্লান ৰহঘৰা সাজিবলৈ এই ভোগালী বিহু উৎসৱতে সংকল্প ল'ওঁ আহক।" কবিজন আজি আমাৰ মাজত নাই; কিন্তু কবিজনৰ আহ্বান মতে সংকল্প ল'ব পাৰোঁ।