আস্থা, বিশ্বাস, সমন্বয়, ভাতৃত্ববোধৰ পৰম্পৰা অক্ষু্ন্ন ৰাখি ঐতিহ্যমণ্ডিত শিৱদৌলত আৰম্ভ মহা শিৱৰাত্ৰি

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মহা শিৱৰাত্ৰিৰ প্ৰাকমুহূৰ্তত শিৱসাগৰত শিৱদৌল আলোকিত কৰা হৈছে
মহা শিৱৰাত্ৰিৰ প্ৰাকমুহূৰ্তত শিৱসাগৰত শিৱদৌল আলোকিত কৰা হৈছে
 
আশ্ৰফুৰ ৰহমান / শিৱসাগৰ

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সবাতোকৈ আকৰ্ষণীয় আৰু অপূৰ্ব সুন্দৰ ভাস্কৰ্য্য খোদিত এটা দৌল৷এছিয়াৰ দ্বিতীয় সৰ্বাধিক উচ্চতাৰ সোণৰ কলচী খোদিত এই দৌলটোৰ আয়ুস প্ৰায় চাৰিশ বছৰ স্পৰ্শ কৰিছে৷ আহোম ঐতিহ্যৰ সোণালী অধ্যায়ৰ বাৰ্তা বহন কৰি অহা এই ঐতিহ্যমণ্ডিত দৌলটোৰ নাম হৈছে সমন্বয়, ভাতৃত্ববোধ, আস্থা, বিশ্বাস আৰু ভক্তিৰ প্ৰতীক শিৱ দৌল৷

সদা জাগ্ৰত শিৱ দৌলক কেন্দ্ৰ কৰিয়ে শিৱসাগৰত শ শ বছৰ ধৰি অনুস্থিত হৈ আহিছে শিৱৰাত্ৰী পূজা৷ বিগত বৰ্ষৰ দৰে এইবাৰো ব্যাপক উলহ-মালহ আৰু ভক্তিভাৱেৰে আয়োজন কৰা হৈছে দেৱাদিদেৱ মহাদেৱৰ পূজা-অৰ্চনা। 
 
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিশিষ্ট ব্যক্তিসকলে শিৱসাগৰৰ শিৱদৌলত ৫ দিনীয়া মহা শিৱৰাত্ৰি উদযাপনৰ বন্তি কৰিছে
 
শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাৱে মেলা উদ্বোধন কৰাৰ লগে লগেই আৰম্ভ হয় ৫ দিনীয়াকৈ আয়োজিত বহু প্ৰত্যাশিত শিৱৰাত্ৰী মেলাৰ৷ ইয়াৰ পিছত শনিবাৰে পুৱাৰে পৰা শিৱ দৌলত আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত শিৱ পূজা৷
 
উল্লেখ্য যে, আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰ ৰজাৰ চত্ৰদণ্ড লাভ কৰা দ্ৰোপদীয়ে কলঞ্চুপৰীয়া গোহাই গাঁৱত বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত ১৭৩১ চনত শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰিছিল৷যিটো পুখুৰীৰ পাৰত এই ঐতিহ্যমণ্ডিত দৌল কেইটা আছে সেই পুখুৰীটোক শিৱসাগৰ বৰ পুখুৰী ৰূপে জনা যায়৷ 

 
কেৱল ধৰ্মীয় আস্থা, বিশ্বাসেই নহয় আহোম যুগৰ এই অনুপম ভাস্কৰ্য্য খোদিত দৌল কেইটা দৰ্শন কৰিবলৈ দেশ বিদেশৰ শ শ দৰ্শনাৰ্থীৰ নিয়মিত শিৱসাগৰলৈ আগমণ ঘটে৷ 
 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলে শিৱসাগৰৰ শিৱদৌলত ৫ দিনীয়া মহা শিৱৰাত্ৰি উদযাপনৰ উদ্বোধনী অনুষ্ঠানত পূজা আগবঢ়ায়
 
মনকৰিবলগীয়া যে, সমন্বয়, ভাতৃত্ববোধৰ ধ্বজা উৰুৱাই অহা এই ঐতিহ্যমণ্ডিত দৌলটোৰ সৈতে জড়িত হৈ আছিল শিৱসাগৰৰ এটা স্থানীয় মুছলমান পৰিয়াল৷ দৌলা পৰিয়াল নামেৰে জনাজাত এই মুছলমান পৰিয়ালৰ সদস্যই দেৱী দৌলত নাগাৰা বজাইছিল বুলি জনা যায়৷ সমন্বয়ৰ বোৱঁতী নৈ সদৃশ শিৱদৌলৰ মাহাত্ম্যই আগুৰি থকা পৰিয়ালটোৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে আহোম ৰজাই সেই সময়ত দুৰ্গা পূজাৰ সময়ত এই মুছলমান দৌলা পৰিয়াললৈ পূজাৰ নৈবদ্য হিচাবে ছাগলীকে ধৰি কেতবোৰ সামগ্ৰী প্ৰদান কৰিছিল৷ পৰৱৰ্তী সময়ত শিৱসাগৰ দৌল উন্নয়ণ সমিতিয়ে এই পৰম্পৰা ৰক্ষা কৰি বৰ্তমানলৈকে প্ৰতিবছৰেই দূৰ্গা পূজাৰ সময়ত দৌলা পৰিয়াললৈ নৈবদ্য আগবঢ়াই বিশ্ববাসীলৈ একতা, সম্প্ৰীতি, সমন্বয় আৰু ভাতৃত্ববোধৰ বিৰল দৃষ্টান্ত দাঙি ধৰি আহিছে৷
 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শিৱসাগৰৰ শিৱদৌলত ৫ দিনীয়া মহা শিৱৰাত্ৰি উদযাপনৰ উদ্বোধনী অনুষ্ঠানত ঐতিহাসিক শিৱদৌলৰ প্ৰতিৰূপ প্ৰদান কৰা হৈছে
 
একেদৰে দৌল পৰিচালনা সমিতিয়ে প্ৰকাশ কৰি অহা পঞ্চানন নামৰ স্মৃতি গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্ব বিগত বছৰৰ দৰে এইবাৰো আগবঢ়োৱা হৈছে বিশিষ্ট লেখক এনামুদ্দিন আহমেদক। এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোকে হিন্দু অনুষ্ঠান এটাৰ স্মৃতি গ্ৰন্থ সম্পাদনাৰ দায়িত্ব লাভ কৰাটোৱে শিৱসাগৰবাসীৰ একতা-সম্প্ৰীতিক পুনৰ এবাৰ উদ্ভাসিত কৰিছে। 
 
গড়গাও কলেজৰ অধক্ষ্য তথা বিশিষ্ট নিৱন্ধকাৰ সব্যসাচী মহন্তই মহা শিৱৰাত্ৰী মেলাত ভাওনা উদ্বোধন কৰিছে
 
এই সন্দৰ্ভদ আৱাজ দ্য ভইচৰ সন্মুখত পঞ্চাননৰ সম্পাদক এনামুদ্দিন আহমেদে কয় যে, আহোম স্বৰ্গদেউসকলে সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক বিশ্বাসত লৈ অসমীয়া জাতিটো গঢ়ি দিছিল৷ ইয়াৰ সমান্তৰাল ভাৱে দেশকো ৰক্ষা কৰিছিল৷ দেশলৈ যেতিয়া বিপৰ্যয় নামি আহে আৰু দেশক যেতিয়াই শত্ৰুৱে আক্ৰমণ কৰে, তেতিয়া সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ দেশ ৰক্ষা কৰিবলৈ জপিয়াই পৰিছিল৷ সেইবাবেই এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা পৰিছিল৷ স্বৰ্গদেউ সকলৰ সেই সমন্বয় আৰু উদাৰতা শিৱসাগৰৰ শিৱ দৌল উন্নয়ণ পৰিষদৰ কাম কাজত সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে। 

আনহাতে, ঐতিহাসিক শিৱ দৌলক কেন্দ্ৰ কৰি শ শ বছৰ ধৰি নিৰৱিছিন্নভাৱে অনুস্থিত হৈ অহা বিশাল শিৱৰাত্ৰী মেলা উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, এই পৱিত্ৰ ক্ষণত মহাপ্ৰভূ শিৱই আমাক সকলোকে সুস্বাস্থ্যৱান আৰু সমৃদ্ধিশালী কৰি তোলক৷ সকলোৰে প্ৰতি প্ৰভূ শিৱই কৃপা দৃষ্টি দিব বুলি তেওঁ আশা প্ৰকাশ কৰে।