অযোধ্যাৰ সৰযু নদীত চলিব সৌৰশক্তি চালিত দুখন ‘মিনি ক্ৰুজ’ জাহাজ

Story by  atv | Posted by  [email protected] • 8 Months ago
সৌৰশক্তি চালিত মিনি ক্ৰুজ
সৌৰশক্তি চালিত মিনি ক্ৰুজ
 
অযোধ্যা (উত্তৰ প্ৰদেশ)

অহা বছৰৰ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাৰ সৰযু নদীত সৌৰশক্তি চালিত দুখন ‘মিনি ক্ৰুজ’ জাহাজ চলিব। বাৰাণসীস্থিত অলকানন্দ ক্ৰুজৰ সঞ্চালক বিকাশ মালবিয়াই কয় যে তেওঁৰ কোম্পানীয়ে এই সেৱা আগবঢ়াব।
 
অত্যাধুনিক সা-সুবিধাৰে সজ্জিত ‘ৰামায়ণ’ নামৰ এই জাহাজসমূহে ভগৱান ৰামৰ শৈশৱ, গুৰুকুল, স্বয়ম্বৰ, অৰণ্যত থকা ১৪ বছৰ, ভগৱান হনুমানৰ সৈতে তেওঁৰ সাক্ষাৎ, অযোধ্যালৈ তেওঁৰ প্ৰত্যাৱৰ্তন আৰু ৰাৱণৰ বিৰুদ্ধে জয়লাভৰ জ্ঞান বিয়পাই দিয়াৰ লক্ষ্য লৈছে।
 
ইতিমধ্যে মালভিয়াৰ কোম্পানীয়ে বাৰাণসীত এনে চাৰিখন জাহাজ চলাই আছে।
 
"অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে আমি সৰযু নদীত দুখন মিনি ক্ৰুজ জাহাজৰ পৰিচালনা আৰম্ভ কৰিম। আমি প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছো। প্ৰতিখন জাহাজ ৩০ জনীয়া আৰু সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত হ’ব। প্ৰায় এঘণ্টাৰ এই ভ্ৰমণত তীৰ্থযাত্ৰীসকলে সৰযু নদীৰ পাৰৰ অযোধ্যা ঘাটৰ আভাস পাব। পবিত্ৰ নদীৰ বিখ্যাত ঘাটসমূহৰ মাজেৰে ক্ৰুজিং কৰাৰ সময়ত তেওঁলোকে এক মন্ত্ৰমুগ্ধকৰ অভিজ্ঞতা লাভ কৰিব,"-মালভিয়াই কয়।
 
জাহাজসমূহ সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা পৰিচালিত হ’ব। পৰ্যটন বিষয়াসকলে কয় যে এই ক্ৰুজ সেৱাই অযোধ্যাৰ পৰ্যটনক সহায় কৰিব আৰু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।