শংকৰদেৱৰ আদৰ্শই পশ্চিম বংগক অনুপ্ৰাণিত কৰিছে;নামঘৰ, সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে ভূমি দান

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্ৰীমন্ত শংকৰদেৱ কানচিয়াছনেচ ছ'চাইটি অৱ ইণ্ডিয়াৰ উদোগত নামঘৰৰ লাইখুটা স্থাপন কৰাৰ মূহুৰ্ত
শ্ৰীমন্ত শংকৰদেৱ কানচিয়াছনেচ ছ'চাইটি অৱ ইণ্ডিয়াৰ উদোগত নামঘৰৰ লাইখুটা স্থাপন কৰাৰ মূহুৰ্ত
স্মিতা ভট্টাচাৰ্য / যোৰহাট
 
অসমৰ পঞ্চদশ শতিকাৰ প্ৰখ্যাত ধৰ্ম আৰু সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা শংকৰী সংস্কৃতি আৰু নব্য বৈষ্ণৱ ধৰ্মই পশ্চিমবংগবাসীকো প্ৰভাৱান্বিত কৰিছে। 
 
কলকাতাৰ ওচৰৰ দক্ষিণ ২৪ পৰগনাৰ দুজন বঙালী সম্প্ৰদায়ৰ লোকে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ শেহতীয়াকৈ নামঘৰ আৰু সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে ভূমি দান কৰিছে। এই নামঘৰ আৰু সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰই শ্ৰীমন্ত শংকৰদেৱৰ অনন্য কৰ্মৰাজি যেনে, অংকিয়া নাট, ভাওনা  মুখাভিনয়, পাল নাম, বৰগীত আৰু প্ৰখ্যাত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ কৰিব। 
শংকৰদেৱৰ কলা-সংস্কৃতিক অসমৰ সীমা পাৰ কৰাই পশ্চিম বংগত প্ৰতিষ্ঠিত কৰাৰ আঁৰত আছে দুগৰাকী বঙালী লোক। তেওঁলোকৰ এজন হৈছে মেঘালয়ৰ তুৰাৰ প্ৰবীৰ দাস, আৰু আনজন হৈছে ত্ৰিপুৰাৰ সুজিত চক্ৰৱৰ্তী। যদিও শংকৰদেৱে জীৱনৰ এছোৱা কাল পশ্চিম বংগৰ কোচবিহাৰত থাকি মধুপুৰ সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাতে মৃত্যুবৰণ কৰিছিল, তথাপি পশ্চিম বংগৰ বাবে শংকৰদেৱ সামগ্ৰিকভাৱে এগৰাকী অখ্যাত ব্যক্তি আছিল। 
২০১৬ চনত কলকাতাত সাহিত্যিক গুৰু পদ বিশ্বাস(বৰ্তমান প্ৰয়াত)ক সভাপতি হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ চেতনা সমিতি গঠন কৰা প্ৰবীৰ দাস আৰু সুজিত চক্ৰৱৰ্তীয়ে শংকৰদেৱৰ বহুমুখী প্ৰতিভাত মুগ্ধ হৈ পৰিছিল আৰু তেওঁলোকৰ মতে শংকৰদেৱ কেৱল বংগতে নহয় ভাৰতৰ অন্যান্য প্ৰান্ততো জনাজাত হ’ব লাগে। এই সকলোবোৰ কেনেকৈ আৰম্ভ হ’ল সেই কথা বৰ্ণনা কৰি দাসে কয় যে তেওঁ গুৱাহাটীত পঢ়ি থকা সময়ত শংকৰদেৱৰ বিষয়ে জানিব পাৰিছিল। অসমীয়া ভাষাত লিখা শংকৰদেৱৰ সৃষ্টিৰাজি তেওঁ প্ৰথমে বুজি পোৱা নাছিল।
 
দেৱাশীষ চক্ৰৱৰ্তী, তপস দেৱ, অমলেশ দাসগুপ্তৰ সভাপতিত্বত প্ৰণৱ হাজাৰিকা, সুজিত চক্ৰৱৰ্তীয়ে  বিপতাৰিনি পাঞ্চালী উন্মোচন কৰিছে, লগতে উপস্থিত আছে দয়াল কৃষ্ণ বোৰাহ, ড০ অনামিকা সৰকাৰ আৰু মানস জ্যোতি বৰা
 
"মই লাহে লাহে ভাষাটো বুজিবলৈ আৰম্ভ কৰিলোঁ আৰু বন্ধু-বান্ধৱীক মই বুজিব নোৱাৰা কথাখিনি অনুবাদ কৰিবলৈ ক'লোঁ। শংকৰদেৱৰ বহুমুখী ব্যক্তিত্বৰ প্ৰতি মই ইমানেই আকৰ্ষিত হৈছিলো, যে মই তেওঁক অৰবিন্দ ছ'চাইটিৰ অন্তৰ্গত এদল বঙালীৰ লগত চিনাকি কৰাই দিয়াটো মোৰ মিছন হিচাপে গ্ৰহণ কৰিছিলো। মইও এই ছ'চাইটিৰ এজন সদস্য”।
"২০১৬ চনত মই নগাঁৱৰ বৰদোৱা থানলৈ গৈছিলো আৰু তাতেই সঞ্জীব বৰকাকতিক লগ পাইছিলোঁ, যিয়ে ছ'চাইটি অৱ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠা কৰিছে। এই ছ'চাইটিয়ে ভাৰত আৰু বিদেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰৰ ক্ষেত্ৰত বহু ভাল কাম কৰি আছে। তেওঁ শংকৰদেৱৰ বিষয়ে সবিশেষ মোৰ আগত বৰ্ণনা কৰিছিল আৰু শংকৰদেৱৰ বিভিন্ন গ্ৰন্থ দি মোক সহায় কৰিছিল।’-দাসে কয়।
উল্লেখ্য যে, কলা-সংস্কৃতিৰ কেন্দ্ৰ নগাঁওৰ বৰদোৱা বা বৰদোৱা সত্ৰত অসমৰ নব্য বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। দাসে কয় যে তেওঁক আটাইতকৈ বেছি আকৃষ্ট কৰা কথাটো আছিল শংকৰদেৱৰ দূৰদৰ্শীতা। “মহাপুৰুষজনাই কৈছিল যে এজোপা গছ ১০০ সন্তানৰ সমান, যিটো আজিৰ যুগত কিমান প্ৰাসংগিক, সকলোৱে জানে। প্ৰায় ৫০০ বছৰ পূৰ্বে শংকৰদেৱে যেতিয়া এই কথা কৈছিল তেতিয়া অসমৰ বেছিভাগ স্থান বনাঞ্চলেৰে আবৃত আছিল। তথাপি, তেওঁ গছ আৰু প্ৰকৃতিৰ গুৰুত্বৰ কথা উপলব্ধ কৰিছিল" দাসে কয়।
 
ভক্তি নৃত্য পৰিবেশন কৰিছে ময়ূৰাক্ষী বৰাই
 
"শংকৰদেৱৰ আন এটা কথাই মোৰ হৃদয়ত স্থান পাইছিল, সেয়া হ’ল নাটক, সংগীত আৰু নৃত্যত মূৰ্ত হৈ থকা তেওঁৰ বৌদ্ধিক চিন্তা। তেওঁ এটা দৰ্শনৰ ওপৰত ভিত্তি কৰি এক সামাজিক-ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল, যিয়ে সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত সমতাৰ আহ্বান জনাইছিল। তেওঁ সঁচাকৈয়ে আছিল অনন্য প্ৰতিভাৰ অধিকাৰী।" দাসে পুনৰ কয়। 
প্ৰবীৰ দাসে উল্লেখ কৰে যে কলকাতাৰ গোলপাৰ্ক ৰাম কৃষ্ণ মিছনত তেওঁ শংকৰদেৱৰ বিষয়ে কৈছিল আৰু তেতিয়া সেই মিছনৰ মূৰব্বী সন্ন্যাসীজনে শংকৰদেৱৰ জীৱনীত হাত থৈ শংকৰদেৱক সন্মান জনাইছিল আৰু অসমৰ মহান পুৰুষজনাক লৈ প্ৰায় ৪৫ মিনিটৰ এটা বক্তৃতা প্ৰদান কৰিছিল। 
ইফালে, দাসে যাদুকৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা সুজিত চক্ৰৱৰ্তীৰ আগতো শ্ৰীমন্ত শংকৰদেৱৰ কাহিনী বৰ্ণনা কৰে আৰু ইয়াৰ পিছত চক্ৰৱৰ্তীয়ে কলকাতাৰ অৰবিন্দ ভৱনত শংকৰদেৱক লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। উল্লেখ্য যে, চক্ৰৱৰ্তীয়ে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসৰ ওপৰত আধাৰিত নিৰ্মিত ‘বামুনেৰ মেই’ পৰিচালনা কৰিছে, য'ত প্ৰখ্যাত বাঙালী অভিনেত্ৰী সুপ্ৰিয়া দেৱীয়ে তেওঁৰ কেৰিয়াৰৰ অন্তিম চৰিত্ৰটো ৰূপায়ন কৰিছিল। তেওঁ হুলোষ্টুল আৰু কেইবাখনো তথ্য ছবিও পৰিচালনা কৰিছে।
 
ড. অনামিকা চৰকাৰৰে পাঞ্চালী পাঠ কৰিছে
 
আলোচনা চক্ৰত প্ৰবীৰ দাসৰ লগত অসমৰ পৰা দুজনমান বিশেষজ্ঞ আহিছিল। আলোচনা চক্ৰৰ পিছত গুৰু পদ বিশ্বাসক সভাপতি হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ কনচিয়াছনেছ ছ’চাইটি অৱ ইণ্ডিয়াৰ জন্ম হৈছিল যদিও বিশ্বাসৰ মৃত্যুৰ প্ৰণৱ হাজৰিকাই এই দায়িত্ব গ্ৰহণ কৰে আৰু চক্ৰৱৰ্তীক সাধাৰণ সম্পাদক আৰু দাসক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব দিয়া হৈছিল। অসম আৰু বঙালী লোকেৰে গঠিত কমিটিৰ আন সদস্যসকলৰ ভিতৰত আছেঃ গৌতম প্ৰসাদ বৰুৱা, দেৱযানী চলিহা, সত্ৰাধিকাৰ ৰিজু পাঠক, সংঠনিক সম্পাদক চন্দন ফুকন, সদস্য গায়ক অদিতি গোস্বামী, সাংস্কৃতিক সম্পাদক, অৰণ্য বিশ্বাস, স্বৰ্গীয় গুৰু প্ৰসাদ বিশ্বাসৰ পুত্ৰ, অৰবিন্দ চ'ছাইটিৰ সজল দাস সুবেন্ধু সাহা, ববি ভৰদ্বাজ, নাট্যকাৰ হিমাংশু শৰ্মা, দয়াল নাথ। 
চক্ৰৱৰ্তীয়ে কয় যে জয়নগৰৰ ৮.৫ কঠা মাটি বিষ্ণু ৰঞ্জন ঘটকে দান কৰে আৰু সত্ৰীয়া কেন্দ্ৰ আৰু নামঘৰ স্থাপনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা স্থানীয় ৰাইজৰ মাজৰ পৰা এখন সমিতি গঠন কৰা হৈছে। ইয়াত লাই খুটা স্থাপন কৰা এক অনুষ্ঠানো সম্পন্ন হৈছিল।
পিয়ালিত থকা আনটো প্লট ৩.৫ কঠাৰ আৰু এটা ঘৰ দান কৰিছিল লখান চক্ৰৱৰ্তীয়ে। সংগঠনটোৱে এজন হোমিঅ'পেথি চিকিৎসক অনামিকা সৰকাৰৰ দ্বাৰা লিখা বিপোটেৰিনী পাঞ্চালী নামৰ এখন পাঞ্চালী (পাচালী) উলিয়াইছে। ইয়াত শংকৰদেৱ, তেওঁৰ জীৱন আৰু এজন নাট্যকাৰ, শিল্পী, গায়ক, সংগীতজ্ঞ, সংস্কাৰক আৰু দাৰ্শনিক হিচাপে তেওঁৰ অপৰিসীম অৱদান বৰ্ণনা কৰা হৈছে।
 
শ্ৰীমন্ত শংকৰদেৱ কানচিয়াছনেচ ছ'চাইটি অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত সাধাৰণ সভাত অংশগ্ৰহণ কৰিছে প্ৰণৱ হাজাৰিকা, ৰিজু পাঠক সত্ৰাধিকাৰী আৰু সুজিত চক্ৰৱৰ্তী
 
বৰ্তমান কলকাতাত বাস কৰা আৰু তাত সামাজিক কামত নিয়োজিত প্ৰণৱ হাজৰিকাই কয় যে বঙালীসকলে শংকৰদেৱৰ উপদেশ আগুৱাই লৈ গৈছে আৰু এই কামত তেওঁ সহায়ৰ হাত আগবঢ়াইছে। পশ্চিমবংগৰ কোচ বিহাৰক বাদ দিলে দক্ষিণ বংগত শংকৰদেৱৰ নাম প্ৰায়েই শুনা হোৱা নাছিল। "বহু কাম কৰিবলগীয়া আছে। দুয়োটা স্থানত উপযুক্ত নামঘৰ আৰু সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰিব লাগিব। এয়া এক আৰম্ভণি আৰু আমি ইয়াৰ পৰাই আগুৱাব পাৰিম বুলি আশা কৰিছো।"-হাজৰিকাই কয়। 
 
সুজিত চক্ৰৱৰ্তীয়ে শংকৰদেৱক ভাৰতৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা হাতত লৈছে আৰু তেওঁ এই কাম কৰিব পৰা এটা উপায় হ’ল শংকৰদেৱক লৈ এখন ছবি নিৰ্মাণ কৰা। চক্ৰৱৰ্তীক মাথো এতিয়া এজন প্ৰযোজকৰ প্ৰয়োজন