ড° নন্দ সিং বৰকলা
মাটিৰ মমতাৰ তীব্ৰতা খুবেই ৰসাল, গাঢ় আৰু বিশাল। মাটিৰ মমতাৰ বাবেই যুগে যুগে হৈ আহিছে প্ৰব্ৰজন। এই প্ৰব্ৰজনৰ প্ৰক্ৰিয়া আকৌ অতি প্রাচীন। যুদ্ধই কঢ়িয়াই আনে মানুহৰ নতুন প্ৰব্ৰজন। অনাহাৰ, খাদ্য-সংকট, জলবায়ু, প্রাকৃতিক পৰিবেশৰ মৌলিক কাৰণতো প্ৰব্ৰজনৰ মসৃণ অথবা কঠোৰ যাত্ৰাই এডোখৰ নতুন ঠাইক হঠাতে প্রাণ চঞ্চল কৰি তোলে। বিচিত্ৰ ৰঙী মানুহৰ ৰসাল হৃদয়ৰ সমন্বয়ত গঢ়ি উঠে অনন্য বিবল সংস্কৃতি। নৈয়ে নৈয়ে মাটিৰ সন্ধানত, সংৰক্ষণৰ তাগিদাত স্বাভিমানৰ সুৰক্ষাত মানুহৰ অধিকৃত যাত্রা প্রবাহ মান হয়। অচিন মূলকত, অচিন ঠাইত আৰম্ভ হয় বসতি। সময়ত পিতৃ ভূমিৰ পৰিচয় নিঃচিহ্ন হয় থাকে মাথো হৃদয়ত, মানৱ কথাত বুৰঞ্জীৰ সজীৱ স্মৃতি। অসমলৈ শিখ সকলৰ আগমনো তেনে এটি যুদ্ধৰ প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হৈছিল।
অসমলৈ শিখ আগমন সন্দৰ্ভত ড° বাণীকান্ত কাকতীয়ে খ্রীঃ ১৫১৭-২৬ ভিতৰত শিখ ধৰ্মৰ প্ৰথম গুৰু নানক অসমলৈ অহা বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে, গুৰু নানকে ধুবুৰীত কিছুদিন অতিবাহিত কৰি কামৰূপৰ হাজো আৰু কামাখ্যা মন্দিৰো দৰ্শন কৰিছিল। অসমত থকা কালতে গুৰুনানকৰ অসমীয়া জাতিৰ ত্ৰাণকৰ্তা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ স’তে মিলন ঘটিছিল।
ড০ মহেশ্বৰ নেওঁগৰ সম্পাদনাৰ ‘পবিত্ৰ অসম’ গ্ৰন্থৰ মতে “অসুৰাধিপতি ৰামসিংহৰ অসম আক্ৰমণৰ সময়ত শিখ গুৰু টেগবাহাদুৰ ১৬৬৬ খ্ৰীঃত ৰামসিংহৰ লগতে মুঙ্গেৰ, ৰাজমহল, মানদহ, ঢাকাই দি আহি ৰঙামাটিলৈ যাত্ৰা কৰে। ধুবুৰী পাই তেওঁ ৰামসিংহ আৰু সেনাপতিসকলক কয়, সেই ঠাই নানকজীৰ পদধূলীৰে পবিত্ৰ, গতিকে সৈন্যসকলে পাঁচ ঢালকৈ মাটি আনি এটি টিপ তুলিব লাগে। সেই মতেই কাম হ’ল। শিখ বুৰঞ্জীত আছে, টেগবাহাদুৰৰ অনেক শিষ্য কামৰূপত ৰৈ গ'ল আৰু তেওঁলোকৰ সতি সন্ততি সকল এতিয়াও ধুবুৰীত আৰুচা ওচলাত (শিখটোলত) আছে। সৈন্যসকলে কৰা টিপটিৰ নাম দমদমা। ধুবুৰীৰ নামো শিখসকলৰ মতে দমদমা। মোগল আক্ৰমণৰ আপাহতে অসমত শিখ বসতি হয়।(পৃষ্ঠা 88-82) মনকৰিবলগীয়া কথা যে, শুরু টেগবাহাদুৰ যুদ্ধৰ কোনো সৈনিক ৰূপে অহা নাছিল। A History of the Sikh by J D Cunningham পৃষ্ঠা ৬৪ মতে “The Guru accompanied Ram Singh's army in the expedition against Assam and he meditated on the banks of the river Brahmaputra."
বৰকলা নানকসৰ গুৰুদ্বাৰা
১৭ শতিকাত কছাৰী ৰজা আৰু মানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নগাঁৱৰ ৰহা অঞ্চলত আহোমৰ চকী নিৰ্মাণ কৰিবলৈ আহি আহোম স্বৰ্গদেউ প্রতাপ সিংহই (বুদ্ধিস্বর্গ নাৰায়ণ) কি আৰ্হিৰে, কি বুদ্ধিৰে এই চকী নিৰ্মাণ কৰিব তাৰ চিন্তা-চৰ্চা কৰি এই দিশত পাৰ্গত লোকৰ আৱশ্যক অনুভৱ কৰিলে। প্রতাপ সিংহই পাঞ্জাৱৰ এজন হিন্দু ৰজা কটকীৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছিল যে, কেইগৰাকীমান যোগ্য বাঢ়ৈ অসমলৈ পঠাই সহায় কৰিব লাগে। লগতে যুদ্ধ শিকাৰু, যুদ্ধ বিদ্যাত পাৰ্গত লোককো অসমলৈ পঠাবলৈ অনুৰোধ জনাইছিল যাতে অসমীয়া সৈন্যক নতুন যুদ্ধ বিদ্যাৰে শিক্ষিত কৰি তুলিব পৰা যায়। প্রতাপ সিংহৰ অনুৰোধত পাঞ্জাবৰ, হিন্দু ৰজাই ভালেকেইজন বাঢ়ৈ আৰু যুদ্ধ বিদ্যাত পাৰ্গত লোকক অসমৰ ৰহা অঞ্চললৈ আহোম ৰজাৰ সাহাযার্থে পঠাই দিছিল। চকীৰ গড়ৰ প্ৰায়বোৰ কাম সম্পন্ন হৈ উঠাৰ আগতে পাঞ্জাৱৰ অভিজ্ঞলোক সকল আহি ৰহা চকী পৰিদৰ্শণ কৰি নিৰ্মাণত বৰ উচ্চ প্রশংসা কৰিলে। তেতিয়া বহিয়াল বৰুৱাই এই পাঞ্জাবী লোকসকলক ৰহা-চাপৰমুখ অঞ্চলতে গৃহাদি নিৰ্মাণ কৰি থাকিবৰ বাবে দিহা কৰি দিলে যাতে এই সকলে ৰহা চকীৰ বাকী নিৰ্মাণ কার্যত চোৱা চিতা কৰিব পাৰে। নিৰাপত্তাত গাফিলতি কৰাৰ ফলস্বৰূপে আহোম সৈন্য প্ৰথমতে পৰাজিত হলেও অৱশেষত বৰকলাত পলাতক আহোম সৈন্যক এক গোট কৰি যুদ্ধ বিদ্যাবে পাকৈত কৰি কছাৰী সৈন্যৰ ছাউনীত এৰাতি আক্ৰমণ কৰি বহুতো কছাৰী সৈন্যক হত্যা কৰিলে আৰু কছাৰী সৈন্যই গতি বিষম দেখি পলায়ণ কৰিল।
ৰহাচকীৰ ইতিবৃত্ত (মাধৱ চন্দ্ৰ কাকতি) ৰ পৰা এই কথা পৰিষ্কাৰ যে, ১৭ শ শতিকাতেই অসমৰ নগাঁৱৰ ৰহা, চাপৰমুখ, বৰকলা আদিত শিখ সকলকৰ নিগাজি গাঁও পাতি বসবাস আৰম্ভ হৈছিল আৰু তেতিয়াই এই শিখ সকলৰ প্ৰথম পুৰুষৰ মৃত্যুৰ লগে লগে হেৰুৱাই পেলাইছিল পাঞ্জাৱী ৰীতি-নীতি, সংস্কৃতি, খাদ্য ইত্যাদি।
১৭৯১-৯৫ চনলৈ হোৱা “দন্দোৱা দ্রোহ'ত ভালেসংখ্যক শিখ সৈন্যই অসমৰ হৈ যুদ্ধ দি আত্মবলিদান দিছিল। ৰঙিয়াৰ ৰজা ভ্রাতৃদ্বয় হৰদত্ত আৰু বীৰদত্তৰ কথোপকথনত পোৱা যায় যে, বীৰদন্তই মানৰ কবলৰ পৰা ৰক্ষা পাবলৈ পাঞ্জাৱৰ শিখ সৈন্যৰ সহায় বিচৰাৰ বিপৰীতে হৰদত্তই শিখ সৈন্যক বিদেশী সৈন্য বুলি সহায় নুলোৱাৰ কথা পোৱা যায়। অৱশেষত পাঞ্জাৱৰ শিখ সৈন্যৰ সহায় বিচৰাৰ সিদ্ধান্ত হয়। সেই সূত্রে কটকী প্ৰেৰণ কৰি সৈন্য আমদানি কৰা হয়। কুমেদান সিঙৰ নেতৃত্বত এদল শিখ সৈন্যই ৰঙীয়াৰ ভ্ৰাতৃদ্বয়ৰ হৈ মানুহ বিৰুদ্ধে যুঁজিবলৈ অসমলৈ আহে আৰু মানৰ বিৰুদ্ধে যুঁজি আনেকেই মৃত্যুক সাবতি লয়। সেই সময়ত অহা অনেক শিখ সৈন্য অসমতে থাকি স্থানীয় মহিলাৰ পাণি গ্ৰহণ কৰে।
১৭৯২ চনত কেপ্তেইন ওৱেলছৰ নেতৃত্বত মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ অহা অনেক শিখ সৈন্য অসমত থাকি যায়। ১৭৬৭ চনৰ পৰা আৰম্ভ হোৱা প্ৰায় এশবছৰীয়া মোৱামৰীয়া বিদ্ৰোহত অনেক শিখ লোকে প্রাণ বিসর্জন দিয়ে। অনেকে বীৰত্ব দেখুৱাই। ড° মহেন্দ্ৰ বৰাৰ চামুৰাই শীর্ষক কবিতাটি কপিলি পৰীয়া শিখ সকলৰ জীৱন বৃতান্তকে তুলি ধৰিছে। এই শিখ সকলে মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত দেখুৱা ত্যাগ, কষ্টৰ বৰ্ণনা, দেশপ্রেম, জাতি প্ৰেমৰ অনন্য নিদর্শন।
১৮২০ চনত নিৰ্মিত মাতাজী গুৰুদ্বাৰা, চাপৰমুখ, নগাঁও
অসমত শিখসকলৰৰ স্থায়ী বসতি আৰু উল্লেখযোগ্য আগমণ ঘটে ১৮২০-২২ চনত। মানৰ তৃতীয় অসম আক্ৰমণৰ সময়ত। উপর্যুপৰি মানে অসম আক্ৰমণ কৰি অসমক জুৰুলা কৰাৰ পৰা ৰক্ষা কৰিবলৈ বিশেষকৈ আহোম ৰাজত্ব শেষ সূৰ্য ধৰি ৰাখিবলৈ আহোমৰ শেষ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই পাঞ্জাৱ কেশৰী ৰঞ্জিত সিংহক সহায় ভিক্ষা বিচাৰত তেওঁ অসমৰ লগত শিখসকলৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি, গুৰুৰ পদধূলা পৰা ৰাজ্যলৈ প্ৰায় ৫০০ জন শিখ আৰু হিন্দুস্তানী সৈন্য পঠাই দিয়ে। তেওঁলোকে কেইবাটাও বৰটোপ, বন্দুক, হাতেলিখা গুৰু গ্ৰন্থচাহিব, কৃপান, আটা পিচা জাট, অন্যান্য সামগ্ৰীৰে অসম ভূমিত প্ৰৱেশ কৰে। আহোম ৰজাই বৰকান্দাজ সৈন্যও সংগ্রহ কৰি মুছলমান কছাৰী, কোচ, শিখৰ এক সন্মিলিত শক্তি ৰূপে একত্রিত কৰিছিল।আহোম আৰু শিখ সেনাৰ এই বিৰল সমন্বয়ৰ কথা অসম বুৰঞ্জী, দেওঁধাই বুৰঞ্জী, পাঁচোৰজা, দহোৰজা, কনকলাল বৰুৱাৰ টোকা, লক্ষ্মীনাথ বেজবৰুৱাৰ 'পদুম কুঁৱৰী', শৈলাধৰ ৰাজখোৱাৰ 'পাষাণ-প্রতিমা', ড° মহেন্দ্ৰ বৰাৰ ‘চামুৰাই’, শৰৎ চন্দ্ৰ গোস্বামী, ৰজনীকান্ত বৰদলৈৰ 'মনোমতী', দৈব্য চন্দ্ৰ তালুকদাৰৰ নাটক 'দন্দোৱা-দ্রোহ' ড° বাণীকান্ত কাকতিৰ লেখনিৰ লগতে সূর্য কুমাৰ ভূঞাৰ লেখনিত পোৱা যায়।
ইয়াৰ পৰবৰ্তী কালত ১ম মহাসমৰ, ২য় মহাসমৰ, আনকি তেলশোধনাগাৰ প্রতিষ্ঠা, ইংৰাজৰ দ্বাৰা ৰেললাইন স্থাপন, চাহ বাগানৰ কল-কাৰখানা আদি স্থাপনৰ কামকে ধৰি বিভিন্ন কামত বা বেহা-বেপাৰ আদিৰ কৰ্মৰ বাবে যুগে যুগে পাঞ্জাৱ তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শিখলোকৰ অসমলৈ আগমণ ঘটিছে। নগাঁৱৰ লংকা, উজনি অসমত বেল লাইন নির্মাণ আৰু তেলশোধনাগাৰ প্ৰতিষ্ঠাৰ কামত আহি ৰোৱা পাঞ্জাৱী সকলৰ জীৱন-জগত বৰ বিচিত্র। গুৰু নানকৰ পৰা গুৰু টেগবাহাদুৰ, দন্দ্ৰোৱা দ্রোহ, মোৱামৰীয়া বিদ্রোহ, হাদিবাচকী বণ, বেল লাইন আৰু তেলশোধনাগাৰ চাহপাত বাগানৰ কলঘৰ স্থাপনন্ত অসমলৈ আগমন ঘটা শিখ সকলৰ ওপৰিও বিশ্বযুদ্ধৰ লগতে আহোম ৰজা, হৰদত্ত, বীৰদত্তই যুদ্ধৰ বাবে ভাড়া কৰা 'বৰকান্দাজ' সেনাৰ আৰু অনেক শিখ লোকৰ অসমত প্ৰৱেশ ঘটিছিল। বর্তমান এই অসমীয়া শিখসকলৰ প্ৰধান বসতি গাঁও নগাঁৱৰ বৰকলা। ইয়াৰোপৰি লংকা, চাপৰমখ, ধমতুল, ডিফু, নগাঁও, হাতিপাৰা, মধুপুৰ, হেলেম, টকৌবাৰী, মিছামাৰী, লক্ষীমপুৰ, শোণিতপুৰ, টংলা, মঙ্গলদৈ, ৰামপুৰ (কামৰূপ) গুৱাহাটী, হোজাই, হাফলং, ডিব্ৰুগড়, ডুলিয়াজান, তিনিচুকীয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই শিখ সকলৰ ওপৰত ড° বিৰিঞ্চি কুমাৰ মেধিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মুৰব্বী আধ্যাপক ড° ইছাদ আলিৰ নেতৃত্বত “গ্রাম্য জীৱনত অসমীয়া শিখসকল” শীর্ষক (Assamese Sikh, A study on their social relation in a rural situation) বিষয়ত গবেষণা সম্পূর্ণ কৰে।
অসমৰ বিভিন্ন লেখকৰ লিখাত শিখসকলৰ কথা পোৱা যায়। ৰজনীকান্ত বৰদলৈ মনোমতী (১৯০০), দন্দোৱা-দ্রোহ (১৭৯১-৯৫), জ্যোতিপ্ৰসাদ আগৰৱালা, লভিতা (১৯৪৭), শৈলধৰ ৰাজখোৱা, পাষাণ-প্রতিমা (১৯৩১) লক্ষ্মীনাথ বেজবৰুৱাৰ, পদুম কুঁৱৰী (১৮৯৫), দৈবা চন্দ্ৰ তালুকদাৰৰ দন্দ্ৰোবা-দ্রোহ’, ড° মহেন্দ্ৰ বৰাৰ চামুৰাই, স্বর্ণ বৰাৰ “তিতাইমৰা সুতিৰ সুৰধ্বনি, ৰংবং তেৰাঙৰ উপন্যাস “ক্রান্তিকালৰ অশ্ৰু ” (১৯৯৫), জীতেন দাসৰ 'কলহী নদী’ ইকুল সিকুল (১৯৮৯), দীপক কুমাৰ বৰকাকতীৰ উপন্যাস 'কলং পাৰৰ ইতিকথা (২০০২), কনকলাল বৰুৱাৰ অসমীয়া শিখ আৰু বৰকলা সম্বন্ধে টোকা, হিমাদ্রী শেখৰ বেনাৰ্জীৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া শিখ সকল, ড° বিৰিঞ্চি কুমাৰ মেধিৰ গবেষণা গ্রন্থ, গ্রাম্য জীৱনত অসমীয়া শিখ সকল, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড° নগেন শইকীয়া, নৱকান্ত বৰুৱা, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ধৰ্ম সিংহ ডেকা প্রমুখ্যে অনেক আলোচনী কাকতত, উপন্যাসত অসমীয়া শিখসকলৰ জীৱন চৰিত্ৰ বৰ্ণনা সীমিত ভাৱে হলেও পোৱা যায় যিটো এই শিথসকলৰ লগতে অসমৰ বাবে গুৰুত্বপূৰ্ণ।
চাপৰমুখৰ তিতাইমৰা সুঁতিৰ পাৰত ১৮২০ চনতে উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টি ঐতিহাসিক গুৰুদ্বাৰা মাতাজী প্ৰতিষ্ঠা হৈছিল। চাপৰুখৰ শিখ গাঁৱৰ ঐতিহ্য, ঐক্য সম্প্ৰতিৰ এনাজৰিডাল বৰ শকত। ফুল সিং, ফুলা সিং ছেত্রী, ফাগু সিং, দেৱেন সিং দেৱী সিং,সুন্দৰ সিং, হৰচাৰ সিং, আমিন সিং, গুৰুমত সিং, তাৰা সিং, অমৰ সিং গাঁওবুঢ়া আদিৰৰ প্ৰচেষ্টাত এখন শ্ৰেণীহীন সমাজৰ চৰিত্ৰই আমাক চহকী কৰিছে। চাপমুখৰ শিখ লোকসকল মূলতঃ কৃষিৰ ওপৰত নির্ভরশীল যদিও ব্যৱসায় আৰু নগন্য সংখ্যকে চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰে জীৱন নিৰ্বাহ কৰিছে। মাতাজী গুৰুদ্বাৰা অসমৰ ঐতিহাসিক সমলবোৰৰ ভিতৰত অন্যতম্। এই গুৰদ্বাৰাটি ঐতিহাসিক সমল সংৰক্ষণৰ আৰু সাংস্কৃতিক চৰ্চাৰ গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰাটো আধ্যাত্মিক আৰু সামাজিক দিশৰ বাবে অতি গুৰুত্বপূর্ণ। এই মানুখিনি জীৱন জগতৰ জৰাজীৰ্ণ ৰূপে নিতৌ কৈ আছে তেওঁলোকক কৰা বঞ্চনা আৰু অৱহেলাৰ কথা। হাদিৰাচকী ৰণত যুঁজিবলৈ অহা শিখসকলে লগত লৈ তাহা বন্দুক, বৰটোপ, কৃপান, আটাপিছাজাট, হাতে লিখা গুৰুগ্ৰন্থ সাহিব আদি সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে সেইবোৰ ক্ৰমশঃ নষ্ট হোৱাৰ পৰ্যায় সমাগত।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৰকলাৰ অসমীয়া শিখসকলে লোৱা ভূমিকা মনকৰিবলগীয়া। মুক্তিযোদ্ধা ৰাজেন সিং, চন্দা সিং, হৰিসিং গাঁওবুঢ়া, মতাপ সিং আদিয়ে স্বাধীনতা সংগ্রামত বিশেষ ভূমিকা পালন কৰি নির্যাতিত হৈছিল। বৰকলাৰ শিখসকলে ১৯৬২ আৰু ১৯৬৫ চনৰ চীন আৰু পাকিস্তানৰ লগত হোৱা ভাৰতৰ যুদ্ধত ধান, মাহ, টকা-পইচা সংগ্ৰহ কৰি নগাঁৱৰ জিলা অধিকাৰীক দিছিল ভাৰতীয় সৈন্যৰ সাহাৰ্যাথে। ১৯৮৩ চনত অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামত বৰকলাৰ শিখ ডেকাদ্বয় ক্রমে-চন্দন সিং (১৪ ফেব্ৰুৱাৰী) আৰু কৰম সিঙে (১ মাৰ্চ) মৃত্যুবৰণ কৰি অসমীয়া জাতীয় জীৱনৰ মান উজ্জ্বল কৰিছিল।
অসমৰ বিদেশী বহিস্কাৰ আন্দোলনত শ্বহীদ হোৱা বৰকলা গাঁৱৰ তিনি শ্বহীদ শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰ
১৯৩৬-৩৭ চনৰ বাবে গঠিত অসম সংৰক্ষিণী সভাৰ কাৰ্যনিৰ্বাহকৰ এগৰাকী অন্যতম সদস্য হিচাবে যোগ সিং ছেত্রী মনোনীত হয়। অভ্যর্থনা সমিতিৰ সভাপতি হিচাবে ভাষণত তেওঁ কৈছিল- যেতিয়া হিন্দুস্তানত মোগলৰ আধিপত্য বিস্তাৰ হৈছিল তেতিয়াও দেশপ্রেমিক অসমে নিজৰ বৈশিষ্টতা ৰক্ষা কৰি স্বাধীন হৈ আছিল। অসমীয়া সৰল, উদাৰ আৰু কোমল প্ৰাণৰ। অসমীয়া হিন্দু-মুছলমানৰ সম্পৰ্ক নিজ সহাদেবৰ দৰে।
অসমীয়া জাতীয় জীৱন, সংস্কৃতিত জাহ যোৱা অসমীয়া শিখসকলে অনাশিখৰ লগত বৈবাহিক সম্বন্ধৰে এখন শ্ৰেণীহীন সমাজ গঠন কৰি লৈছে। ধৰ্মটোক বাদ দি অসমীয়া হ'বলৈ বাকী নথকা এই শিখসকলে ঘৰত অপাই অমংগল হ'লে শনিবাৰে শনিপুথি পঢ়োৱা, কৃষিৰ স্বাভিমানৰ বাবে বছৰত গৰখীয়া সভা পতা, বতৰ দেৱতাৰ সন্তুষ্টিৰ বাবে খৰাং দিনত ভেঁকুলীৰ বিবাহ পাতি বৰষুণ মতা উৎসৱবোৰৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। দৰা কইনাৰ বিবাহত সকলো নিয়মনীতি যেনে তোৰণ সাজি দুফালে দুটা কলপুলি পুতি, দুটা কলহত ধান থৈ, কলহৰ মুখত বেটু থকা দুটা নাৰিকল স্থাপন কৰে। দৰা কইনাক নোৱাবৰ কাৰণে কলগছৰ বেই সাজি, পুখুৰী বা নদীৰ পৰা বিয়া নাম গাই পানীতোলাৰ ব্যৱস্থা অতি চমকপ্ৰদক। এই গোটেই ব্যৱস্থাটোৱে অসমীয়া জাতিৰ সংস্কৃতি য'ত শিখসকল লীন গৈছে। অনাশিখ আৰু শিখ সম্প্ৰদায়ৰ কোনো উল্লেখযোগ্য ব্যক্তিৰ মৃত্যু হলে শ্মশানত দুই জনগোষ্ঠীৰ লোক উপস্থিত থকাটো মন কৰিবলগীয়া। এই শিখসকলৰ অসমত দুই শ বছৰ হৈ গ'ল (১৮২০-২০২০) এই সময়ত ৰাষ্ট্ৰীয় একতা, স্বতন্ত্ৰতা, বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় স্থাপন, অসমীয়া ভাষা সাহিত্যৰ চৰ্চা অতি হৃদয় উদ্দেলক। অসমীয়া সাহিত্যক চহকী কৰা অসমীয়া শিখ সকলৰ কেইজনমান লেখক ভূপেন সিং, নিৰঞ্জন সিং, মঞ্জিত সিং, গুৰমাইল সিং, ড৹ নন্দ সিং বৰকলা, ইকবাল কৌৰ, ড৹ চৰন কৌৰ, ইজ্জত সিং, গুণদা কৌৰ, কবিতা ৰাণী সিং আদি উল্লেখযোগ্য।
নগাঁৱৰ বৰকলালৈ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপিতাম্বৰ দেৱ গোস্বামীয়ে আহি শিখ আৰু অনাশিখৰ বিৰল মিলন, একতা দেখি অভিভূত হৈছিল। পাঞ্জাৱৰ প্ৰাক্তন ৰাজ্যপাল, মুখ্যমন্ত্ৰী ক্ৰমে মহেন্দ্ৰ মোহন চৌধুৰী, জ্ঞানী জাইল সিং (১৯৭৫ চন), অসমৰ ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙ (১৯৮৬ চন), প্রাক্তন কেন্দ্ৰীয় কৃষি মন্ত্ৰী সুৰজিৎ সিং বানালা (১৯৭৭ আৰু ১৯৮৭ চন), প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ কুমাৰী অমৃত কৌৰ (১৯৫৪ চন), আকাল তখ্টৰ মুখ্য জাঠাদাৰ গুৰু চৰণ সিং টৌহৰা, অসমৰ মুখ্যমন্ত্রী সকল ক্রমে হিতেশ্বৰ শইকীয়া, শৰৎ চন্দ্ৰ সিংহ, প্ৰফুল্ল কুমাৰ মহন্ত, অসম সাহিত্য সভাৰ কেইবাজনো সভাপতি, কেইবাজনো সত্ৰাধিকাৰ, বুৰঞ্জীবিদ ড° সূর্য কুমাৰ ভূঞা, কনকলাল বৰুৱা, ৰত্নকান্ত বৰকাকতি, শৰৎ চন্দ্র গোস্বামী, ড° হিমাদ্রী শেখৰ বেনাৰ্জী, ড° বিমল ফুকনকে আদি কৰি গুৱাহাটী বিশ্ববিদ্যালয়, পাটিয়ালা (পাঞ্জাব) বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেইবাজনো গবেষক পণ্ডিত, গৱেষক ছাত্ৰ-ছাত্ৰীয়ে বৰকলালৈ আহি ইয়াৰ শ্ৰেণীহীন সমাজ খন দেখি তেওঁলোকৰ জীৱন ধন্য হোৱা বুলি মন্তব্য কৰিছিল। নামঘৰৰ ডবা-কাঁহৰ শব্দ, থাপনাৰ আগৰ অখণ্ড প্রদীপ, কীৰ্তন-ঘোষাৰ মাত কথা, গুৰদ্বাৰা শ্বৱদ-কীৰ্তন, গুৰুগ্ৰন্থ চাহিবৰ বাণী, মছজিদৰ আজান, শিখ, কোচ, লালুং, মুচি, যোগী, হিৰা, কৈবর্ত, কলিতা আদিৰ মিলনভূমি বৰকলাৰ মাটিক এখন “আদর্শ শিখ গাঁৱ" লৈ ৰূপান্তৰিত কৰিলে পাঞ্জাৱৰ পৰা অহা এই শিখ সকলৰ সুকীয়া সমন্বয়ৰ বৈশিষ্ট্যই নতুন মাত্রা লাভ কৰিব। এই দিশত চৰকাৰে উচিত পদক্ষেপ ল'লে অসমৰ ভিতৰতে বৰকলা হৈ পৰিব সমন্বয়ৰ নতুন নাম।
(লেখক এজন সাহিত্যিক আৰু অসম আৰক্ষী সেৱাৰ বিষয়া)