আফগানিস্তানৰ নাগৰিকক নতুন জীৱন প্ৰদান 'জয়পুৰ ফুট'ৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আফগান নাগৰিক মিৰ হামজাৰ সৈতে বিএমভিএছএছৰ বিমল চোপ্ৰা
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আফগান নাগৰিক মিৰ হামজাৰ সৈতে বিএমভিএছএছৰ বিমল চোপ্ৰা
 
নীলম গুপ্তা / জয়পুৰ
 
জয়পুৰৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট বিমল চোপ্ৰাই শেহতীয়াকৈ আফগানিস্তানত এক জীৱন পৰিৱৰ্তনকাৰী অভিযানৰ নেতৃত্ব দিয়ে। তাত তেওঁ ৭৫ জন লোকক প্ৰসিদ্ধ জয়পুৰ ফুট (Jaipur foot) অৰ্থাৎ কম খৰচী কৃত্ৰিম ভৰি প্ৰদান কৰে। এই জয়পুৰ ফুটে ভৰি হেৰুওৱা হাজাৰ হাজাৰ লোকক নতুন জীৱন দি আহিছে।
 
'এয়া মোৰ প্ৰথম শিবিৰ আছিল, আৰু এই অভিজ্ঞতা অবিস্মৰণীয় আছিল', কাবুলৰ শিবিৰ পৰিচালনাত সহায় কৰা বিমল চোপ্ৰাই কয়। চোপ্ৰাই নিজে শ্বুটিং কৰি প্ৰকাশ কৰা এটা ভিডিঅ'ত এজন আফগান যুৱক মিৰ হামজাক দেখুওৱা হৈছে। তেওঁ নতুন ভৰি লগোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে দৌৰিব পাৰিছিল, আৰু আনন্দত জঁপিয়াব পাৰিছিল।
 
মিৰ হামজাই নিজৰ জয়পুৰ ফুট দেখুৱাইছে
 
ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে আৰু যুদ্ধবিধ্বস্ত দেশখনত ভাৰতৰ সহানুভূতিৰ প্ৰতীক হৈ পৰে। "দুঘণ্টা পূৰ্বে হামজাই খোজকাঢ়িব পৰা নাছিল। কিন্তু জয়পুৰ ফুট পোৱাৰ পাছত তেওঁ মোতকৈ বেছিকৈ দৌৰিছিল। তেওঁ মোক আৰু এজন স্থানীয় চিকিৎসকক এটা দৌৰত প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁ জয়ী হৈছিল!"- চোপ্ৰাই স্মৰণ কৰে।
 
আন এক আৱেগিক কাহিনীৰ নায়ক হৈছে ঈশান-উল্লাহ হাবিবী নামৰ ২৪ বছৰীয়া এজন যুৱক। তেওঁ আফগানিস্তানৰ সেনাবাহিনীত কৰ্মৰত অৱস্থাত এটা বিস্ফোৰণত নিজৰ ভৰি হেৰুৱাইছিল। নিজৰ কৃত্ৰিম ভৰিখন লাভ কৰাৰ পিছত হাবিবীয়ে দৌৰি বাহিৰলৈ ওলাই আহে, আৰু কেন্দ্ৰটোৰ চাৰিওফালে চাইকেল চলাবলৈ আৰম্ভ কৰে, যিটো তেওঁ আগতে কেৱল সপোন দেখিছিল।
 
অশ্ৰুসিক্ত নয়নেৰে হাবিবীয়ে কয়, "এতিয়া মই বাহিৰলৈ যাব পাৰিম, চাকৰি পাম আৰু বিয়াও পাতিম। মই সকলো আশা হেৰুৱাইছিলো, কিন্তু এই ভৰিয়ে মোৰ জীৱন সলনি কৰি দিলে। ধন্যবাদ ভাৰত।" উল্লেখ্য যে, পিতৃ-মাতৃক হেৰুওৱাৰ পিছত তেওঁ অকলে বাস কৰিছিল আৰু জয়পুৰ ফুটৰ সহায়ত নতুন জীৱন নোপোৱালৈকে তেওঁ হতাশাত ভুগি আছিল। 
 
বিমল চোপ্ৰাৰ এই মানৱীয় অভিযানে ভৰি নথকা মানুহক কেৱল স্বাভাৱিক জীৱন-যাপন কৰাত সহায় কৰাই নহয়, লগতে তেওঁলোকৰ মৰ্যাদা, সপোন আৰু জীয়াই থকাৰ ইচ্ছাও ঘূৰাই আনিলে। হাবিবী আৰু হামজাৰ দৰে বহু লোকৰ বাবে ভাৰতৰ উপহাৰ কেৱল গতিশীলতা প্ৰদান কৰাই নহয়, তেওঁলোকৰ ভৱিষ্যতো পুনৰ ঘূৰাই আনিছে।
 
হামজা আৰু হাবিবী হ'ল ৭৫ জন আফগান লোকৰ ভিতৰত অন্যতম, যিসকলৰ হাত-ভৰি কাটি পেলোৱা হৈছিল। তেওঁলোকে যোৱা মাহত জয়পুৰ ফুটৰ সহায়ত নতুন জীৱন লাভ কৰিছে।
 
শ্ৰী ভগৱান মহাবীৰ বিকলংগ সহায়তা সমিতি (বিএমভিএছএছ) ৰ উদ্যোগত আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ২০২৫ চনৰ ১২ জুনৰ পৰা ২৫ জুনলৈ কাবুলত অনুষ্ঠিত এক বিশেষ শিবিৰত এই কৃত্ৰিম ভৰি প্ৰদান কৰা হয়। জয়পুৰ ফুট হৈছে ১৯৭০ চনত বিকশিত হোৱা এক কম খৰচী আৰু দীৰ্ঘস্থায়ী কৃত্ৰিম ভৰি, যিটো সম্প্ৰতি সহানুভূতি আৰু উদ্ভাৱনৰ প্ৰতীক হৈ পৰিছে।
 
ইয়াৰ উদ্ভাৱক ডাঃ মেহতাই ১৯৭৫ চনত বিএমভিএছএছ প্ৰতিষ্ঠা কৰিছিল। তেওঁ এই জীৱন-পৰিৱৰ্তনকাৰী সঁজুলিবিধ সমগ্ৰ বিশ্বলৈ, বিশেষভাৱে সংঘাত-প্ৰৱণ আৰু দৰিদ্ৰ অঞ্চলত কামৰ সময়ত হাত বা ভৰি হেৰুওৱা লোকসকলক সহায় কৰিছিল। ১৯৯৭ চনত টাইম মেগাজিনে লিখিছিল, আফগানিস্তানৰ পৰা ৰুৱাণ্ডালৈকে সকলো সংঘৰ্ষ আৰু যুদ্ধবিধ্বস্ত অঞ্চলত নিউয়ৰ্ক বা পেৰিছৰ নাম হয়তো কোনোবাই নুশুনিব পাৰে, কিন্তু ভাৰতৰ এখন সৰু চহৰৰ নাম সকলোৱে জানে, সেয়া হৈছে-জয়পুৰ।
 
বিএমভিএছএছ (জয়পুৰ ফুট)ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড° ডি আৰ মেহতা
 
এই চহৰখন অনন্য কৃত্ৰিম ভৰিৰ বাবে জনাজাত। এই ভৰিয়ে ভূমি খনিৰ দ্বাৰা পঙ্গু হোৱা লোকসকলৰ জীৱন সলনি কৰিছে। বছৰ বছৰ ধৰি  BMVSS-এ ২.৪ মিলিয়নতকৈও অধিক লোকক কৃত্ৰিম ভৰিৰ সৈতে সংলগ্ন কৰিছে, যাৰ ভিতৰত ৪৮,০০০ লোক বিদেশৰ। তেওঁলোকৰ বহুতো যুদ্ধ আৰু প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা বিধ্বস্ত অঞ্চলৰ লোক।
 
ডাঃ মেহতাই জয়পুৰ ফুটক সৰ্বাধিক প্ৰয়োজন হোৱা স্থানলৈ লৈ যোৱাত বিশ্বাস কৰে। "আমি এনে ঠাইত কাম কৰি ভাল পাওঁ য'ত মানুহ অত্যন্ত দৰিদ্ৰ আৰু নিৰাশাৰে বাস কৰে। জয়পুৰ ফুটে কেৱল মানুহৰ গতিশীলতা পুনৰুদ্ধাৰ কৰাই নহয়, ই সন্মান আৰু অৰ্থপূৰ্ণ কামৰ জৰিয়তে দৰিদ্ৰতাৰ পৰা মুক্তিৰ সুযোগো প্ৰদান কৰে। হাবিবী আৰু হামজাৰ দৰে মানুহৰ বাবে, ভৰি মানে কেৱল পুনৰায় খোজ কঢ়া নহয়, ইয়াৰ অৰ্থ হৈছে  আশা, গৌৰৱ আৰু উদ্দেশ্যৰ সৈতে পুনৰ জীয়াই থকা।"-ডাঃ মেহতাই কয়।
 
আফগানিস্তানৰ জটিল ৰাজনৈতিক পৰিস্থিতি সত্ত্বেও ভাৰতৰ মানৱীয় প্ৰচেষ্টাই তৃণমূল পৰ্যায়ত এক পৰিৱৰ্তন আনিছে। তেনে এক পদক্ষেপ হৈছে শেহতীয়াকৈ কাবুলত সম্পন্ন হোৱা জয়পুৰ ফুট কেম্প, য'ত ৭৫ গৰাকী আফগান লোকক বিনামূলীয়াকৈ নকল ভৰি প্ৰদান কৰা হয়।
 
২০২৫ চনৰ জুন মাহত আৰম্ভ হোৱা এই পাঁচদিনীয়া শিবিৰটো জয়পুৰৰ ভগৱান মহাবীৰ বিকলংগ সহায়তা সমিতি (বিএমভিএছএছ) ৰ দ্বাৰা আয়োজন কৰা হৈছিল আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এমইএ) ইয়াৰ পৃষ্ঠপোষকতা কৰিছিল। এই কাৰ্যসূচী হৈছে আফগানিস্তানৰ জনসাধাৰণৰ বাবে ভাৰতৰ বৃহত্তৰ মানৱীয় সাহায্য কাৰ্যসূচীৰ এটা অংশ, যদিও ভাৰতে আনুষ্ঠানিকভাৱে তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই।
 
ছ'চিয়েল মিডিয়াত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শিবিৰত উপস্থিত থকা সকলোকে উৎসাহেৰে আদৰণি জনোৱাৰ লগতে ৭৫ গৰাকী হিতাধিকাৰীক জয়পুৰ ফুট প্ৰ'থেটিক প্ৰদান কৰা হয় বুলি প্ৰকাশ কৰিছে। এয়া আছিল আফগানিস্তানত বিএমভিএছএছৰ ষষ্ঠ জয়পুৰ পদাতিক শিবিৰ।
 
১৯৯৬ চনত এনে শিবিৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল আৰু ছটা শিবিৰৰ ভিতৰত চাৰিটা শিবিৰ ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত হৈছে। বাকী দুটাক ডুবাইৰ আল-ফালাহ বেংক আৰু কাবুলৰ এজন ব্যৱসায়ীয়ে পৃষ্ঠপোষকতা কৰিছিল। শেহতীয়া শিবিৰৰ নেতৃত্ব দিয়া জয়পুৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট বিমল চোপ্ৰাই কয় যে তেওঁলোকৰ দলটোৱে কাবুলৰ ভাৰতীয় দূতাবাসৰ চৌহদৰ পৰা কঠোৰ নিৰাপত্তাৰ মাজত কাম কৰিছিল। আমাক দূতাবাসৰ চৌহদত থকা আন এটা ভৱনত ৰখা হৈছিল যাতে আমাৰ সুৰক্ষা নিশ্চিত হয়।
 
এজন ভাৰতীয় টেকনিচিয়ানে এজন আফগান নাগৰিকক জয়পুৰ ফুটত সহায় কৰি থকা এক দৃশ্য আৰু কাবুলত থকা ভাৰতীয় দূতাবাসত কাষ্টমাইজ কৰি থকা জয়পুৰ ফুট
 
উল্লেখ্য যে, ইজৰাইলৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ মাত্ৰ তিনিমাহ পূৰ্বে ৪৭৩জন লোকক কৃত্ৰিম ভৰিৰ সঁজুলি প্ৰদান কৰি বিএমভিএছএছে পেলেষ্টাইনলৈও সেৱা আগবঢ়াইছে। সংগঠনটোৱে পাকিস্তানত কৰাচী (২০০৭) আৰু ইছলামাবাদ (২০১৮) ত শিবিৰো অনুষ্ঠিত কৰিছে। বিএমভিএছএছৰ প্ৰতিষ্ঠাপক ডাঃ মেহতাৰ মতে, দলটোৱে তাত প্ৰচুৰ মৰম লাভ কৰিছিল। তাত দোকানীসকলেও তেওঁলোকৰ পৰা টকা ল'বলৈ মান্তি হোৱা নাছিল। তেওঁলোকে আমাক কৈছিল, "আপোনালোকে আমাৰ বাবে যি কৰিছে তাৰ মূল্য আমি দিব নোৱাৰো", মেহতাই স্মৰণ কৰে।
 
বিএমভিএছএছৰ বাবে দেশৰ সীমান্তই তেওঁলোকৰ অভিযানক কেতিয়াও সীমাবদ্ধ কৰি ৰখা নাই। আফগানিস্তানৰ পৰা পেলেষ্টাইন আৰু পাকিস্তানলৈ, জয়পুৰ ফুট ভাৰতৰ সহানুভূতি আৰু বিশ্বজনীন সদ্ভাৱনাৰ প্ৰতীক হৈ পৰিছে। ই সৰ্বাধিক প্ৰয়োজন অনুভৱ কৰা লোকসকলক গতিশীলতা, সন্মান আৰু আশা প্ৰদান কৰাত সহায় কৰিছে।
 
কাবুলত থকা ভাৰতীয় দূতাবাসৰ সমীপত ভাৰতৰ চৰকাৰে নিৰ্মাণ কৰা ৪০০খন বিচনাযুক্ত এখন চিকিৎসালয় শেহতীয়াকৈ এক শক্তিশালী মানৱীয় অভিযানৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। যদিও চিকিৎসালয়খনত কৃত্ৰিম ভৰিৰ বাবে এটা বিভাগ আছে, কিন্তু ই দৈনিক মাত্ৰ এটা ভৰিহে উৎপাদন কৰিব পাৰে আৰু ইয়াৰ গুণগত মান বিশ্বব্যাপী স্বীকৃত জয়পুৰ ফুটৰ দৰে নহয়।
 
সেইবাবে যেতিয়া ভগৱান মহাবীৰ বিকলংগ সহায়তা সমিতি (বিএমভিএছএছ)ৰ দলটো ২০২৫ চনৰ জুন মাহত আফগানিস্তানত তেওঁলোকৰ ষষ্ঠ শিবিৰ অনুষ্ঠিত কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকে কেৱল উচ্চ মানৰ প্ৰ'থেটিক্স লৈ অহা নাছিল, তেওঁলোকে স্থানীয় চিকিৎসালয়ৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণো দিয়ে, যাতে জয়পুৰ ফুটছক গতিশীলতা আৰু জ্ঞানৰ উপহাৰ হিচাপে গঢ়ি তুলিব পাৰি।
 
দলটোৰ নেতৃত্ব দিয়া বিমল চোপ্ৰাই জনোৱা মতে, এইসকল বিশেষভাৱে সক্ষম লোকক চিকিৎসালয়ত পঞ্জীয়ন কৰা হয়। তাৰ পিছত ভাৰতীয় দূতাবাসৰ ভিতৰত থকা শিবিৰত ৰোগীসকলক পৰীক্ষা কৰা হয়। প্ৰতিটো ভৰি কাষ্টমাইজড আৰু এটা দিনৰ ভিতৰতে ইয়াক প্ৰস্তুত কৰা হয়।
 
দলটোৰ কাৰিকৰী মেনেজাৰ ওম শৰ্মাৰ বাবে এয়া আছিল আন এক আফগানিস্তান ভ্ৰমণ। তেওঁ কয়, 'এইবাৰ আমি অতি কঠোৰ নিৰাপত্তাৰ মাজত কাম কৰিবলগীয়া হ'ল। আমি বুধবাৰে আফগান এয়াৰৱেজৰ বিমানেৰে কাবুললৈ যাত্ৰা কৰিছিলো আৰু পিছদিনা উভতি আহিছিলো। এই সময়ছোৱাত আমি বুলেটপ্ৰুফ বাহনত চলাচল কৰিছিলো। আমি দিনত বুলেটপ্ৰুফ জেকেট পিন্ধিব লাগিছিল আৰু নিশা সেই জেকেটবোৰ নিজৰ গাৰুৰ ওচৰত লৈ শুব লাগিছিল। দূতাবাস আৰু চিকিৎসালয়ৰ ভিতৰত আৰু বাহিৰত কঠোৰ নিৰাপত্তা আৰু সতৰ্কতা আছিল। লোকসকলৰ আচৰণ অতি আন্তৰিক আছিল। যদিও আমি বিভিন্ন পৰিৱেশত কাম কৰিবলৈ অভ্যস্ত, তথাপিও আফগানসকলৰ মনোভাৱে আমাৰ ভয় হ্ৰাস কৰাত সহায় কৰিছিল। আমি লগত ফোন ৰাখিব পৰা নাছিলো। ভাষাৰ সমস্যাও আছিল, আৰু আমি শাৰীৰিক ভাষা আৰু সংকেতৰ জৰিয়তে কথাবোৰ বুজাৰ চেষ্টা কৰিছিলো।" 
 
তেওঁলোকে আটাইতকৈ আৱেগিক মুহূৰ্তৰ সাক্ষী হৈছিল, যেতিয়া ভাৰতীয় দলটোৱে এজন আফগান ল'ৰাৰ দুয়োখন ভৰি সংলগ্ন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এখন ভৰি কাটি পেলোৱা হৈছিল, আনহাতে আনখন ভৰি আছিল যদিও প্ৰায় এক ফুট চুটি আছিল। দলটোৱে উদ্ভাৱনীমূলক কৌশল আৰু লঘু সামগ্ৰী ব্যৱহাৰ কৰি ভাৰসাম্যতা আৰু গতিশীলতা নিশ্চিত কৰিবলৈ বিশেষভাৱে সংলগ্ন 'জয়পুৰ ফুট' প্ৰস্তুত কৰে।
 
অৱশেষত তেওঁ খোজকাঢ়িবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত জপিয়াই আনন্দ প্ৰকাশ কৰিছিল। তেতিয়া তেওঁ 'হিন্দুস্তান জিন্দাবাদ' বুলি চিঞৰিছিল। গোটেই শিবিৰটোতে হাঁহি আৰু আনন্দৰ ধল বৈ যায় আৰু ভাৰতীয় দলটো গৌৰৱেৰে অভিভূত হৈ পৰিছিল। জ্যেষ্ঠ সাংবাদিক আৰু বিএমভিএছএছৰ মিডিয়া মেনেজাৰ প্ৰকাশ ভাণ্ডাৰীয়ে কয় যে এই শিবিৰৰ কাহিনী পাকিস্তানৰ টেলিভিছন চেনেলতো সবিস্তাৰে প্ৰকাশ পাইছে।