নতুন দিল্লী
সমাপ্ত হোৱাৰ পথত নাই আমেৰিকা-ইৰানৰ সংঘাতে। হৰমুজত অৱৰোধ আৰম্ভ কৰিছে আমেৰিকাই। সোমবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে হৰমুজত অৱৰোধ। বন্দৰ আৰু ইয়াৰ আশে-পাশে থকা উপকূলীয় অঞ্চলত যুদ্ধ জাহাজ মোতায়েন কৰিছে আমেৰিকাই।
খবৰ অনুসৰি হৰমুজত নৌসেনাৰ অৱৰোধৰ বাবে আমেৰিকাই ১৫খনতকৈও অধিক যুদ্ধ জাহাজ নিয়োগ কৰিছে। ইৰানৰ যিকোনো জাহাজ তৎক্ষণাত উৰুৱাই দিয়া হ’ব বুলি সকীয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইৰানৰ সৈতে শান্তি চুক্তি বৈঠকত কোনো সমাধান নোলোৱাত ক্ষুব্ধ হৈ পৰে ট্ৰাম্প।
যাৰ বাবে হৰমুজ প্ৰণালী অৱৰোধৰ সতৰ্কবাণী দিয়ে ট্ৰাম্পে। সেই অনুসৰি সোমবাৰৰ সন্ধিয়াৰ পৰা আমেৰিকাৰ যুদ্ধ বিমানসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে হৰমুজ প্ৰণালীত। ছ’চিয়েল মিডিয়াত ইৰানৰ জাহাজ উৰুৱাই দিয়াৰ ভাবুকি দিয়ে ড’নাল্ড ট্ৰাম্পে।
জানিব পৰা মতে, ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাৰ পৰা আমেৰিকাৰ নৌসেনাৰ অৱৰোধ আৰম্ভ হয় হৰমুজত। ইৰানৰ বন্দৰ আৰু উপকূলীয় অঞ্চলত প্ৰৱেশ কৰা সকলো জাহাজ অৱৰোধ কৰাৰ লক্ষ্য়। আনকি ইৰানৰ জাহাজ উৰুৱাই দিয়াৰো সতৰ্কবাণী দিয়ে। অৱশ্যে ইৰানৰ বাহিৰে আন কোনো দেশৰ পৰা অহা জাহাজক আমেৰিকাই বাধা নিদিয়ে।
উল্লেখযোগ্য যে, ইৰান আৰু আমেৰিকাৰ মাজত ৪০ দিন ধৰি চলি আছে সংঘাত। অৱশ্যে ইয়াৰ মাজতে দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইফালে ইৰান আৰু আমেৰিকাই শেহতীয়াকৈ ইছলামবাগত শান্তি চুক্তিৰ বাবে প্ৰথমবাৰ বৈঠকত মিলিত হৈছিল। কিন্তু ২১ ঘণ্টা ধৰি চলা বৈঠকত কোনো সমাধান সূত্ৰ নোলাল। আমেৰিকাৰ দাবী যে ইৰানে এই চুক্তি মানি ল’ব বিচৰা নাছিল। তেহৰানে ইয়াৰ বিপৰীতে দাবী কৰে যে আমেৰিকাই অযুক্তিকৰ দাবী কৰিছে।