পিতৃতন্ত্ৰৰ বিৰুদ্ধে বানু মুস্তাকৰ যুঁজ শেষ হোৱা নাই; চলিত বছৰৰ শেষৰ ফালে প্ৰকাশ পাব আত্মজীৱনী

Story by  atv | Posted by  [email protected] • 19 h ago
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী লেখিকা তথা সমাজকৰ্মী বানু মুস্তাক
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী লেখিকা তথা সমাজকৰ্মী বানু মুস্তাক
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী লেখিকা তথা সমাজকৰ্মী বানু মুস্তাকে এতিয়াও পিতৃতন্ত্ৰৰ বিৰুদ্ধে যুঁজ শেষ কৰা নাই। অনুভূতিহীন স্বামী, লোভী ভাতৃ আৰু মাতৃৰ পৰা অন্যায়ৰ সন্মুখীন হোৱা মহিলাৰ আৱেগিক কাহিনীৰে ভৰা তেওঁৰ শক্তিশালী গ্ৰন্থ 'হাৰ্ট লেম্প'-এ শেহতীয়াকৈ তেওঁৰ বাবে কঢ়িয়াই আনিছে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা।
 
শেহতীয়াকৈ লণ্ডনৰ পৰা উভতি অহাৰ পিছত ভাৰতত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হোৱা মুস্তাকে দিল্লীৰ কিৰণ নাদাৰ মিউজিয়াম অৱ আৰ্টত অনুষ্ঠিত এক অনুষ্ঠানত কয়, “ডিচেম্বৰৰ ভিতৰত মোৰ আত্মজীৱনী সাজু হ’ব। মই বহুতো প্ৰত্যাহ্বানৰ মাজেৰে জীৱন পাৰ কৰিছো, সেই সমস্ত সংগ্ৰাম আৰু প্ৰত্যাহ্বান আত্মজীৱনীখনত প্ৰকাশ কৰিম।"
 
অৱশ্যে তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ লেখাসমূহ কেৱল ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখা নহয়। "পিতৃতন্ত্ৰ এটা ভাগ-বতৰা কৰা যন্ত্ৰণা। মই দেখিছো যে ই কেৱল মহিলাসকলকেই নহয়, দুখীয়া আৰু পিছপৰাসকলকো যথেষ্ট প্ৰভাৱিত কৰে। তাৰ বাবে পুৰুষেও কষ্ট পায় — কিন্তু তেওঁলোকে উপলব্ধি নকৰে।”-আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী লেখিকা তথা সমাজকৰ্মী বানু মুস্তাকে কয়।
মুস্তাকৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰে 'হাৰ্ট লেম্প'ৰ অনুবাদক দীপা ভাষ্টিয়ে। তেওঁলোক দুয়োগৰাকীয়ে লেখা আৰু অনুবাদ প্ৰক্ৰিয়া সম্পৰ্কে কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে। শেহতীয়াকৈ কিতাপ পঢ়িবলৈ বেছি সময় পোৱা নাই বুলি মুস্তাকে স্বীকাৰ কৰাৰ বিপৰীতে ভাষ্টিয়ে কয় যে ৰাছিয়ান সাহিত্যই তেওঁৰ কামত যথেষ্ট প্ৰভাৱ পেলাইছে।
 
আলোচনাত অনুবাদৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ভাষ্টিয়ে অনুবাদক “তৃতীয় গ্ৰন্থ” বুলি অভিহিত কৰি কয় যে এইটো এটা নতুন অভিজ্ঞতা, যিটো কেৱল মূল লেখক বা অনুবাদকৰ নহয়। এজন পাঠকে মুস্তাকৰ গল্পসমূহ পঢ়ি ন্যায়বোধৰ প্ৰশংসা কৰে, বিশেষকৈ সৰু সৰু কথাই মহিলা চৰিত্ৰসমূহৰ বাবে কেনেকৈ ন্যায়পৰায়ণতা আনে। তেওঁ লগতে প্ৰশ্ন কৰে যে এগৰাকী লেখিকা হিচাপে ন্যায় তেওঁৰ লক্ষ্য নেকি?
মুস্তাকে উত্তৰ দিয়ে, “বাস্তৱ জীৱনত মানুহে সমাজৰ পৰা অন্যায়ৰ সন্মুখীন হয়। হয়, আদালত আছে, কিন্তু মোৰ চৰিত্ৰবোৰ সদায় তালৈ নাযায়৷ মোৰ কাহিনীবোৰে সমস্যা সমাধান নকৰে, যদিও সত্যটো দেখুৱাবলৈ চেষ্টা কৰো। সমাজৰ আগত আইনা এখন ওপৰলৈ তুলি লৈছো।” 
 
সমালোচনা বা প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে নেকি বুলি সোধাত মুস্তাকে প্ৰকাশ কৰে যে তেওঁক প্ৰায়ে লেখিকা হিচাপে নহয়, মুছলমান মহিলা হিচাপে পৰিচয় দিয়া হয়। ‘বহু বছৰ ধৰি মানুহে মোৰ লেখাক গুৰুত্বসহকাৰে লোৱা নাছিল। তেওঁলোকে মোক কেৱল এজন মুছলমান আৰু এগৰাকী মহিলা হিচাপেহে গ্ৰহণ কৰিছিল। মোৰ লিখাৰ শৈলী সহজ নহয়, আৰু ই মানুহক বিচলিত কৰিব পাৰে—সেয়া মুছলমানে হওক বা হিন্দুৱে হওক। কিন্তু মোৰ বয়স এতিয়া ৭৭ বছৰ। মোৰ হেৰুৱাবলগীয়া একো নাই। সত্য কথাবোৰ লিখি থাকিব লাগিব।” লেখিকাগৰাকীয়ে কয়।