অনিকা মহেশ্বৰী / নতুন দিল্লী
নতুন দিল্লীৰ জাফৰাবাদ অঞ্চলত ভাৰতৰ গংগা-জামুনি তেহজীবৰ এখন সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে। এয়া হৈছে বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা মুছলমান প্ৰধান ‘আমান লেন’ত অৱস্থিত লক্ষ্মী নাৰায়ণ মন্দিৰৰ কাহিনী। শেহতীয়াকৈ ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু স্থানীয় মুছলমান সমাজে এই পুনৰ্নিৰ্মাণত ইমানেই অৰিহণা যোগাইছিল যে সকলো ধৰ্মৰ লোক আপ্লুত হৈ পৰিছে।
কেইবছৰমান আগতে দিল্লীৰ উত্তৰ-পূব অঞ্চলটো সাম্প্ৰদায়িক উত্তেজনাৰ ক’লা ডাৱৰে আগুৰি ধৰিছিল যদিও আজি সেই একেটা অঞ্চলেই ভাতৃত্ববোধৰ নিদৰ্শন হৈ পৰিছে। জাফৰাবাদৰ এই মন্দিৰটো কেৱল পূজাস্থলী নহয়, ধৰ্মৰ বাধা অৰ্থহীন কৰি হৃদয়ৰ প্ৰেম-ভাতৃত্ববোধ ওলাই অহা এক পবিত্ৰ স্থান হৈ পৰিছে।
স্থানীয় লোকে জনোৱা মতে, ১৯৫৭ চনত লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰথম নিৰ্মাণ কৰা হৈছিল। সময়ৰ লগে লগে মন্দিৰটো ইমানেই জৰাজীৰ্ণ হৈ পৰিল যে ইয়াৰ চালবোৰ ভাঙিবলৈ ধৰিলে। ফলত তাত পূজা কৰা প্ৰায় অসম্ভৱ হৈ পৰিল। তাৰ পাছত মন্দিৰ নিৰ্মাণ সমিতিয়ে সিদ্ধান্ত লয় যে মন্দিৰটো পুনৰ নিৰ্মাণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সমিতিৰ সদস্যসকলে চুবুৰীটোৰ বাসিন্দাসকলক সহযোগিতা বিচাৰি আবেদন জনায়। এই ক্ষেত্ৰত প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল মুছলমান ওচৰ-চুবুৰীয়াই।
পুৰোহিত লালমণি শুক্লাই কয়, “আমি যদি আমাৰ মুছলমান ভাইসকলৰ সমৰ্থন নাপালোঁহেঁতেন, তেন্তে হয়তো এই কাম ইমান সোনকালে আৰু সহজে কৰা নহ’লহেঁতেন। যেতিয়া নিৰ্মাণ সামগ্ৰী সৰু ৰাস্তাটোত ৰখা হৈছিল, তেতিয়া মুছলমান পৰিয়ালে ঘৰৰ পৰাই বাট এৰি দিছিল। পানীৰ প্ৰয়োজন হ’লে তেওঁলোকে নিজৰ ঘৰৰ পৰা পানী যোগান ধৰিছিল। আনকি মূৰ্তি স্থাপনৰ দিনা আমাৰ মুছলমান ভাই বিট্টুৰ ঘৰতে প্ৰসাদ প্ৰস্তুত কৰা হৈছিল আৰু সকলোৱে মিলি তেওঁৰ চোতালত প্ৰসাদ গ্ৰহণ কৰে।”
সংবাদ মাধ্যমৰ সন্মুখত মন্দিৰৰ পূজাৰীৰ মন্তব্য
উল্লেখ্য যে, পূজাৰী লালমণি শুক্লাই যোৱা ২৩ বছৰে এই মন্দিৰত সেৱা আগবঢ়াই আহিছে। মন্দিৰৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত তেওঁ আৱেগিকভাৱে কয়, "আমি কেনেবাকৈ ধন সংগ্ৰহ কৰিছিলো, কিন্তু প্ৰকৃত সহায় আহিছিল আমাৰ মুছলমান ভাই আৰু স্থানীয় বিধায়ক চৌধুৰী জুবাইৰ আহমেদৰ পৰা। বিধায়কজনে আমাক স্পষ্টকৈ কৈছিল–‘পণ্ডিত জী, আপুনি নিৰ্মাণ কৰি দিয়ক, কিবা সমস্যাৰ সন্মুখীন হ’লে মোক ক'ব। মই আপোনালোকৰ লগত থিয় হৈ আছো।”
ইফালে, শিলমপুৰৰ বিধায়ক চৌধুৰী জুবাইৰ আহমেদে কেৱল আৰ্থিক সাহায্য দিয়াই নহয়, কামত যাতে কোনো বাধা নাথাকে তাকো নিশ্চিত কৰে। তেওঁ কয়, “মোৰ পিতৃ মতীন আহমেদে সদায় আমাক শিকাইছিল যে মানৱতা সৰ্বোপৰি, এই মন্দিৰ আমাৰ অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ নিৰ্মাণ ভাতৃত্ববোধৰ বাৰ্তা।”
এই মন্দিৰৰ পুনৰ্নিৰ্মাণ এক উদাহৰণ যিয়ে প্ৰমাণ কৰে যে দিল্লীৰ আত্মাই ইয়াৰ বৈচিত্ৰ্য আৰু উমৈহতীয়া সংস্কৃতিত বিশ্বাস কৰে। স্থানীয় বাসিন্দা আক্ৰাম খানে কয় যে "আমাৰ স্থানীয় অঞ্চলত কেতিয়াও ধৰ্মীয় মতপাৰ্থক্য দেখা নাই। মন্দিৰে হওক বা মছজিদে হওক, এই সকলোবোৰ আমাৰ উমৈহতীয়া পৰিচয়ৰ অংশ। যেতিয়া আমি গম পালোঁ যে মন্দিৰৰ অৱস্থা বেয়া, আমি লগে লগে সহায় কৰাৰ সিদ্ধান্ত ললোঁ।"
মন্দিৰ পুনৰ নিৰ্মাণৰ অন্তত মূৰ্তি স্থাপন আৰু হাৱন-পূজাৰ এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ দিনটোত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে বহি প্ৰসাদ লৈ ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। মন্দিৰ সমিতিৰ সভাপতি ৰামকুমাৰ পাণ্ডেই কয়, "এয়া কেৱল মন্দিৰৰ পুনৰ্নিৰ্মাণ নহয়, সমাজত প্ৰেম আৰু সহযোগিতাৰ জয়।"
মন্দিৰ নিৰ্মাণৰ মাত্ৰ কেইদিনমান পিছতে বিধায়ক চৌধুৰী জুবাইৰ আহমেদে ১৬ জুলাইৰ পৰা আৰম্ভ কৰে ‘সদ্ভাৱনা কানৱাড় সেৱা শিবিৰ’। দিল্লীৰ বিৰোধী দলপতি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশিয়ে এই শিবিৰ উদ্বোধন কৰে। আতিশিয়ে কয়, "ধৰ্মৰ নামত ঘৃণা বিয়পোৱাসকলৰ বাবে এই শিবিৰ আৰু মন্দিৰৰ পুনৰ্নিৰ্মাণ এক উপযুক্ত উত্তৰ। প্ৰকৃত ভাৰতত মন্দিৰ, মছজিদ আৰু গুৰুদ্বাৰা একেলগে থাকে।"
চৌধুৰী জুবাইৰে জনোৱা মতে, ১৯৯৪ চনত তেওঁৰ পিতৃ মতীন আহমেদে এই শিবিৰ আৰম্ভ কৰিছিল। প্ৰতি বছৰে মুছলমান সমাজে শিৱ ভক্তসকলক খাদ্য, পানী আৰু বাসস্থানৰ ব্যৱস্থা কৰে। জুবাইৰে কয়, "ধৰ্মৰ নামত ঘৃণা বিয়পাই দিয়াটো সহজ, কিন্তু প্ৰেমৰ বাৰ্তা দিয়াটোৱেই প্ৰকৃত সেৱা।"
স্থানীয় ৰাইজে মন্দিৰৰ পুনৰ নিৰ্মাণক কেৱল ধৰ্মীয় অনুষ্ঠান বুলি নাভাবে। ই এক সাংস্কৃতিক বাৰ্তা যে বৈচিত্ৰ্যতাই দিল্লীৰ প্ৰকৃত শক্তি। হিন্দু আৰু মুছলমানে মিলি যেতিয়া জাফৰাবাদৰ দৰে মুছলমান অধ্যুষিত অঞ্চলত মন্দিৰ নিৰ্মাণ কৰে, তেতিয়া ই সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণাদায়ক আদৰ্শ হৈ পৰে।
স্থানীয় এজন বৃদ্ধ বাসিন্দাই কয়, "আমি নিজ চকুৰে দেখিছিলো যে কেনেকৈ হিন্দু আৰু মুছলমান ভাইসকলে একেলগে ইটা তুলি, পানী ভৰাই মন্দিৰ নিৰ্মাণৰ বাবে প্ৰসাদ প্ৰস্তুত কৰি আছিল। এই দৃশ্যটো এটা উৎসৱতকৈও কম নাছিল।"
দিল্লীৰ ইতিহাস সদায় উমৈহতীয়া সংস্কৃতি আৰু ভাতৃত্ববোধৰ সাক্ষী হৈ আহিছে। পুৰণি দিল্লীৰ পদপথেই হওক বা ছিলমপুৰ-জাফৰাবাদৰ অঞ্চলেই হওক, ইয়াত মন্দিৰ আৰু মছজিদ দুয়োটাৰে গুৰুত্ব সমান। লক্ষ্মী নাৰায়ণ মন্দিৰৰ এই পুনৰ্নিৰ্মাণ সেই সংস্কৃতিৰ এক অংগ। এই অনুষ্ঠানটো কেৱল ধৰ্মীয় ভক্তিৰ নিদৰ্শন নহয়, মানুহে একত্ৰিত হ’লে প্ৰতিটো কঠিন কাম সহজ হৈ পৰে তাৰো প্ৰমাণ। এই বাৰ্তা কেৱল দিল্লীৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে যে মানৱতাই আটাইতকৈ ডাঙৰ ধৰ্ম।