হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বার্ষিক অধিৱেশন

Story by  atv | Posted by  [email protected] • 5 Months ago
শ্ৰীমন্ত শংকৰ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ মুখ্য প্ৰৱেশদ্বাৰ
শ্ৰীমন্ত শংকৰ সংঘৰ ৯৩ সংখ্যক অধিবেশনৰ মুখ্য প্ৰৱেশদ্বাৰ
 
আৱাজ-দ্য ভইচ ব্যুৰ'/গুৱাহাটী
 
আজিৰ পৰা ৰঙিয়াৰ মৰাণজানা- ভয়ৰাৰ হাতীখলা পথাৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বার্ষিক অধিৱেশন। ইয়াকে লৈ এতিয়া অধিৱেশনস্থলীৰ চৌদিশে অন্তহীন উৎসাহ-উদ্দীপনা। ইতিমধ্যে সংঘৰ অধীনৰ ৫৪ খন সাংগঠনিক জিলাৰ পৰা যোৱা নিশালৈ অধিৱেশনস্থলীত পোন্ধৰ সহস্রাধিক ভকত-বৈষ্ণৱ সমাগম হৈছে।
 
অৱশ্যে ইয়াৰ সৰহসংখ্যকেই সেৱাবাহিনীৰ সেৱক-সেৱিকা। একেদৰে ক্ৰমাৎ বৃদ্ধি পাইছে স্থানীয় উৎসাহী ৰাইজৰ সমাগম। প্রায় সাতশ বিঘা এলেকাজুৰি সাজি উলিওৱা মূল তোৰণৰ লগতে মূল ৰক্ষা মঞ্চ, সেৱাবাহিনীৰ শিবিৰ, নাটঘৰ, মূল কার্যালয়, প্রতিনিধি সভাকক্ষ, ভোজনালয়, পতাকা বেদী, প্রতিনিধি শিবিৰ আদি আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। মূল তোৰণৰ সন্মুখত সেৱাবাহিনীৰ সেৱক-সেৱিকাসকলে আবেলিৰ পৰা অতিথিসকলক অধিৱেশনথলীলৈ আদৰণি জনোৱা পৰিলক্ষিত হৈছে। 

অসমীয়া সাজত জাক জাক সেৱক- সেৱিকাৰ ল'ৰা-ঢপৰা, সংঘৰ শাৰী শাৰী ঊর্ধ্বমুখী পতাকা, চিত্রশিল্পী তথা ৰূপসজ্জাকাৰসকলৰ অন্তিম সময়ৰ ব্যস্ততা, নামঘৰত জাউৰিয়ে জাউৰিয়ে কৰা হৰিনাম কীর্তন, সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সঘন সংবাদ পৰিবেশন, নাটঘৰত অংকীয়া নাটৰ আখৰা, উৎসুক ৰাইজৰ তৎপৰতা আদিয়ে অধিৱেশনথলীৰ চৌদিশে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰিছে। গ্রন্থমেলাৰ বাবে ১,২০০ বিপণী আৰু বাণিজ্য মেলাৰ বাবে ১,০১৩ খন বিপণীও সাজু হৈছে। 
 
এনে পৰিবেশৰ মাজতে অধিৱেশনথলীৰ বুজ ল'বলৈ আহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকাই কয়; "সংঘৰ অনুগামীসকলৰ লগতে স্থানীয় ধর্মপ্রাণ তথা শুভাকাংক্ষী ৰাইজে যিধৰণে পূৰ্ণ সহযোগিতা আগবঢ়াইছে, তাৰপৰা নিশ্চিত যে এইবাৰৰ ৰঙিয়া অধিৱেশন সফলকাম হ'বই।" তেওঁ এইক্ষেত্রত স্থানীয় ইছলামধর্মী লোকসকলে নিজৰ ভূমিপর্যন্ত অধিৱেশনথলীৰ বাবে আগবঢ়াই যি বদান্যতা দেখুৱাইছে, তাৰ বাবে সংঘ সদায় কৃতজ্ঞ হৈ ৰ'ব বুলি উল্লেখ কৰে।
 
পদাধিকাৰগৰাকীয়ে অধিৱেশনৰ তিনিওটা দিনত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰে। ইফালে লক্ষ লক্ষ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৪ খন সাংগঠনিক জিলাৰ পৰা অহা সেনাবাহিনীৰ দহ হেজাৰ সেৱক-সেৱিকা। 
 
শ্ৰীমন্ত শংকৰ সংঘৰ পতাকা
 
ইতিমধ্যে অধিবেশনত স্থানীয় বহু মুছলমান লোকে মাটি দিয়াৰ উপৰিও শ্ৰমদান কৰিছে। শংকৰ-আজানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি অধিৱেশন উপলক্ষে শ্ৰমদান কৰিছিল নিজ বড়িগোগ কুমাৰপাতা জামে মছজিদ কমিটিয়ে। সুবিশাল কৃষি পথাৰৰ ভূমি পৰিস্কাৰৰ কামত নিয়োজিত হৈছিল মছজিদ কমিটিৰ প্ৰতিজন কৰ্মকৰ্তা। 
 
নিজ বড়িগোগ কুমাৰপাতা জামে মছজিদ কমিটিৰ সদস্য ইছকন্দৰ মজিবে জানিব দিয়া মতে মছজিদ কমিটিৰ তৰফৰ পৰা প্ৰায় ৩০ গৰাকী সদস্য আহিছিল। তেওঁ কয়; "অসমীয়া হিচাপে আমি অসমীয়া অনুষ্ঠান শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশনত শ্ৰমদান কৰাটো আমাৰ দায়িত্ব। প্ৰত্যেকেই এই অধিবেশনৰ বাবে সহায় কৰিব লাগে। কেৱল এইটো অনুষ্ঠানেই নহয়, অসমীয়া হিচাপে আমি অনাগত দিনত এইদৰে সহায়-সহযোগিতা কৰি যাম।"
 
মছজিদ কমিটিৰ সদস্য উমৰ ফাৰুকে (ৰিতুল) কয়; "অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে আমাৰ গুৰুজনাৰ প্ৰতি ভক্তি আছে। আৰু এই ভক্তিৰ বাবেই আমি আজি বিনামূলীয়াকৈ শ্ৰমদান কৰিছোঁ। শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশনত উত্তোলন হ'বলগীয়া পতাকাৰ ভেটিটো প্ৰস্তুত কৰিছিলো। গুৰুজনাৰ এই অনুস্থান এটা আমাৰ এই অঞ্চলত অনুষ্ঠিত হোৱাটো এটা ডাঙৰ কথা। আমি ইয়াত শ্ৰমদান কৰি নিজকে ধন্য মানিছোঁ। অনাগত দিনতো আমি এনেধৰণৰ কাম কৰি যাম।"
 
ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা সেৱক-সেৱিকা সকল আহি মৰাণজানাৰ হাতীখলা পথাৰত সাজি উলিওৱা সেৱাবাহিনীৰ সুবিশাল শিবিৰত উপস্থিত হৈছেহি। সেৱাবাহিনীৰ কেন্দ্রীয় সেনাধিনায়ক সঞ্জীৱ বৰাই জানিবলৈ দিয়া মতে কালি নিশা পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ উপস্থিতিত কেন্দ্রীয়ভাবে এক প্রশিক্ষণ অনুষ্ঠিত হয়। লগতে তেওঁলোকক শপত বাক্য পাঠ কৰোৱা হয়। আজিৰ পৰা তেওঁলোকে দিনে-ৰাতিয়ে ২৪ ঘণ্টাই ভকত-বৈষ্ণৱৰ সেৱাত ব্রতী হৈ থাকিব বুলি সেনাধিনায়কে জানিবলৈ দিছে। 
 
তেওঁলোকে যানবাহন নিয়ন্ত্রণ, ভকত আদৰণি, আপ্যায়ন, চিকিৎসা সেৱাৰ সকলো কাম তদাৰকৰ ব্যৱস্থা কৰিছে। ৩৫ খন উপ-সমিতি যুদ্ধংদেহি মনোভাবেৰে অধিৱেশনস্থলীত সকলো কাম সম্পন্ন কৰে। আনহাতে ৰঙিয়াত অধিৱেশনৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক আমন্ত্রণ জনোৱা হৈছিল যদিও এইবাৰ বিশেষ ব্যস্ততাৰ বাবে আহিব নোৱাৰে বুলি জনাইছে। অধিৱেশনৰ লগত সংগতি ৰাখি প্রকাশ কৰিবলৈ লোৱা 'ভকতি সিন্ধু' শীর্ষক স্মৰণিকাখনৰ কামো সম্পূর্ণ হৈছে। 
 
অধিবেশনৰ প্ৰস্তুতিত মুছলমানলোকে শ্ৰমদান কৰা দৃশ্য
 
সাংস্কৃতিক মঞ্চত পৰিবেশন কৰিবলগীয়া অংকীয়া নাট অর্জুন ভঞ্জন, সত্রীয়া নৃত্য আদিৰ আখৰা কৰি সাজু হৈছে। ইফালে ভকত-বৈষ্ণৱসকলক আপ্যায়ন কৰাৰ উদ্দেশ্যে সংঘৰ আঞ্চলিক শাখাৰ স্থানীয় আইমাতৃসকলে পকালাড্ডু, পিঠা-পনা আদি বনাই শেষ কৰা বুলি জানিব পৰা গৈছে। 
 
উল্লেখযোগ্য যে ৰঞ্জন দাস নামৰ বৰলীয়াপাৰৰ এজন ভকতে এক কুইণ্টল পকালাডু বনাই অদৰণী সমিতিক জমা দিছে। তদুপৰি প্ৰতিটো আঞ্চলিককে পাঁচশখন তিলপিঠা বনোৱাৰ দায়িত্ব অর্পণ কৰা হৈছে। আনহাতে অধিৱেশনৰ মূল কাৰ্যসূচী আৰম্ভ নৌহওঁতেই সুন্দৰকৈ সজাই তোলা পতাকা বেদী আৰু বাঁহেৰে নির্মিত চক্ৰবেহু চাবলৈ দর্শকে ভিৰ কৰিছে। ইফালে কাইলৈ অধিৱেশনৰ প্রথম দিনা পুৱা পৰিবেশ নিকাকৰণ, প্রাতঃ প্রসংগ, নাম-প্ৰসংগৰ পিচত গছপুলি ৰোপণ কৰিব প্রাক্তন ৰাষ্ট্রদূত উপেন বড়ো, ৰঙিয়া জিলা শাখাৰ প্ৰথম সহঃ সম্পাদক ৰমেশ ৰাজবংশী, মৰাণজানাৰ সমাজকর্মী বুবুল আহমেদে। 
 
তাৰ পিচত সেৱা বাহিনী শিবিৰৰ তোৰণ মুকলি কৰিব ২১ নং মাউন্টেন ডিভিজনৰ জি অ' চিয়ে। মূল তোৰণ উন্মোচন কৰিব কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত নৰছিং বে'য়ে, নামঘৰ মুকলি কৰিব ৰঙিয়া জিলা শাখাৰ শৰণ সদস্য চবিন চন্দ্র মহন্তই, প্রতিনিধি সভাকক্ষৰ তোৰণ মুকলি কৰিব কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। তাৰ পিচত শৰণ সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পিচত আদৰণী সমিতি আৰু মূল সমিতিৰ কাৰ্যালয়ৰ তোৰণ মুকলি কৰিব ৰঙিয়া এছ এছ বিৰ ডি আই জি জগবীৰ সিঙে। 
 
উপ- সমিতিৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰিব কমলপুৰৰ বিশিষ্ট সমাজকর্মী তথা পৰিবহণ বিষয়া ক্ষীৰোদ দাসে। গ্রন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে। বিশেষ প্রতিনিধি শিবিৰৰ তোৰণ মুকলি কৰিব মহকুমাধিপতি দ্বীপন বৰ্মনে, ৰভা মঞ্চৰ তোৰণ মুকলি কৰিব কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে। তাৰ পিচত মূল কার্যনির্বাহক সভা অনুষ্ঠিত হ'ব। দুপৰীয়া মূল মঞ্চ আৰু মূল মণ্ডপ মুকলি কৰিব ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্রজেন্দ্র শইকীয়াই। প্রতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰিব বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী গণেশ কছাৰীয়ে। আনহাতে পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া গ্রন্থ উন্মোচনী সভাত স্মৃতিগ্রন্থ 'ভকতি সিন্ধু' উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই। সভাত পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূপেন কুমাৰ শৰ্মা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্র নাথ তালুকদাৰে অংশগ্রহণ কৰিব। 
 
দিনৰ ২.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্রীফট এণ্ড ক্রেডিট কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ সভা অনুষ্ঠিত হ'ব। বিয়লি কেন্দ্রীয় সেৱাবাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব। আনহাতে নাটঘৰ উন্মোচন কৰিব নৰ্তন বিশাৰদ ৰবীন্দ্ৰ ৰাভাই। নিশা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সমাৰোহ মুকলি কৰিব ড° অঞ্জনজ্যোতি চৌধুৰীয়ে। নিশা কেন্দ্রীয় শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হ'ব। শ্রীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, আদৰণী সমিতিৰ সভাপতি কন্দৰ্প মহন্ত, কাৰ্যকৰী সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, সাধাৰণ সম্পাদক ড° হিতেন্দ্র ডেকা, যুটীয়া সম্পাদক দ্বয় হৰেশ্বৰ ডেকা, বসন্ত ডেকাই অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে।