তাজমহলতকৈও পুৰণি অসমৰ দুটা মছজিদ: সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক

Story by  Ariful Islam | Posted by  Munni Begum • 13 d ago
সৰু মছজিদ চৌহদত এটা বৰটুপৰ অৱশিষ্ট (বাওঁফালে) আৰু বৰ মছজিদ চুলতানা খানাত কাঁচৰ মণিৰ সজ্জা (সোঁফালে)। ছবি: চামচুল হুদা পাটগিৰী
সৰু মছজিদ চৌহদত এটা বৰটুপৰ অৱশিষ্ট (বাওঁফালে) আৰু বৰ মছজিদ চুলতানা খানাত কাঁচৰ মণিৰ সজ্জা (সোঁফালে)। ছবি: চামচুল হুদা পাটগিৰী
 
আৰিফুল ইছলাম/গুৱাহাটী
 
অসমৰ দুটা বিশেষ মছজিদ। ১৭ শতিকাত স্থাপন হোৱা তাজমহলতকৈও পুৰণি এই মছজিদ দুটা। এই ঐতিহাসিক মছজিদ দুটাই অসমৰ ঐক্য, সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰমাণ দিয়ে। মধ্য অসমৰ কলিয়াবৰৰ জয়ন্তীপুৰত অৱস্থিত এই মছজিদ দুটা।
 
আহোম স্বৰ্গদেউ চুহুংমুঙৰ হাতত বন্ধী হোৱা মোগল (পিছলৈ মৰিয়া নামেৰে জনাজাত হৈছিল) সৈন্যসকলে প্ৰথম অৱস্থাত মছজিদ স্থাপন কৰা নাছিল যদিও তেওঁৰ ৰাজত্ব কালৰ পিছলৈকে কলিয়াবৰৰ মধ্যস্থলত এটা খেৰ বাঁহেৰে নিৰ্মিত মছজিদ স্থাপন কৰি লৈছিল। ১৫৭০ খ্ৰীষ্টাব্দত পোনপ্ৰথমবাৰৰ বাবে এটা পকী মছজিদ তৈয়াৰ কৰা হৈছিল। এই  মছজিদটোক 'বৰ মছজিদ' বুলি জনা যায়। তাৰপিছতে ১৫৭৫ খ্ৰীষ্টাব্দত আন এটা মছজিদ নিৰ্মান কৰা হয়। যাক 'বুঢ়া গঞা মছজিদ' বা 'সৰু মছজিদ' বুলি জনা যায়। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'বৰ মছজিদ' পৰিচালনা সমিতিৰ উপদেষ্টা ইনতাজ আলীয়ে কয়: "নৱ বৈষ্ণৱ যুগৰ প্ৰাৰম্ভিক কালতে নিৰ্মাণ কৰা এই মছজিদৰ ইতিহাস অতি চহকী। শংকৰী ভাস্কৰ্য শিল্পৰ প্ৰভাৱ এই মছজিদত নুই কৰিব নোৱাৰি। মছজিদ নিৰ্মাণ কৰিবলৈ সুদূৰ ধাকাৰ পৰা এজন মিস্ত্ৰী অনা হৈছিল। কৈৱৰ্ত্ত সম্প্ৰদায়ৰ ৰাজমিস্ত্ৰীজনে তেওঁৰ সহযোগী সকলৰ সহযোগত নিৰ্মাণ কৰি উলিয়াইছিল এটা আটক ধুনীয়া মছজিদ। মছজিদ নিৰ্মাণৰ আৰম্ভণিতে দুটি লাইখুঁটা স্থাপন কৰা হৈছিল। এই লাইখুঁটা দুটা তুলসী গছৰ আছিল আৰু বৰ্তমানো এই লাইখুঁটা দুটা মছজিদৰ ভিতৰত বিৰাজমান। এই মছজিদ স্থাপনৰ সময়ত বিভিন্ন জনগোষ্ঠীৰ ভকত উপস্থিত আছিল। বিশেষকৈ বড়ো সমাজৰ হাৰ্চা মৌদায় নামৰ মূল ভকত এজনে আগভাগ লৈছিল বুলি আমাৰ জ্যেষ্ঠ সকলে কৈ গৈছিল।"
 
বৰ মছজিদ। ছবি: ইনতাজ আলী
 
জয়ন্তীপুৰৰ এই বৰ মছজিদটো নামঘৰৰ আৰ্হিত তৈয়াৰ কৰা হৈছিল।মছজিদৰ নিৰ্মাণশৈলীৰ বিষয়ে উপদেষ্টা গৰাকীয়ে কয়: "এই মছজিদৰ নিৰ্মাণশৈলী আটক ধুনীয়া। মছজিদৰ চুলতানা খানাত ৰং বিৰঙৰ বাখৰৰ দৰে অতি উজ্জ্বল আইনা লগোৱা আছে। বৰ্তমানেও এই উজ্জ্বল আইনাই মছজিদৰ ভিতৰ চ'ৰা আৰু বাহিৰৰ ভাগৰ সৌন্দৰ্য্য বৃদ্ধি কৰি ৰাখিছে। বিভিন্ন আকৃতিৰে এই আইনা সমূহ কাটি তাৰ পৰা নানান ধৰণৰ ফুলৰ নক্সা তৈয়াৰ কৰা হৈছিল আৰু পবিত্ৰ কোৰানৰ বাণীও বেৰত খচিত কৰিছিল
 
জয়ন্তীপুৰৰ এই মছজিদৰ আৰ্হিত অসমীয়া নামঘৰৰ বহু সাদৃশ্য আছে। নামঘৰৰ লাইখুটাৰ দৰে দুটাকৈ লাইখুঁটা এই মছজিদত বিৰাজমান। মছজিদৰ উপৰভাগত নামঘৰত ব্যৱহাৰ হোৱাৰ দৰে দুটা কলচি আছে। যিটো পৃথিৱীৰ কোনো মছজিদত নাই। মছজিদৰ মূল দুৱাৰখন মক্কাৰ কাবা-শ্বৰিফৰ মূল দুৱাৰৰ আৰ্হিতে বনোৱা হৈছিল। অসমীয়া আৰু ইছলামিক ভাস্কৰ্যৰ সংমিশ্ৰণত বনোৱা এই মছজিদ হৈছে অসমৰ প্ৰথম পকা মছজিদ।
 
মছজিদৰ নিৰ্মাণ কাৰ্যত প্ৰতিটো পৰিয়ালে এক টিং বৰাচাউলৰ গুৰি আৰু মাটিমাহৰ গুৰি দিব লাগিছিল বুলি জনপ্ৰবাদ আছে। এই মছজিদ নির্মাণৰ কামত ইটাৰ গুৰি, বৰা চাউলৰ গুৰি আৰু মাটিমাহৰ গুৰি মিহলাই কৰাল তৈয়াৰ কৰিছিল। মছজিদ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ইটা মৰিয়াসকলে নিজে তৈয়াৰ কৰি লৈছিল। মছজিদত ব্যৱহাৰ কৰা ইটাৰ আকৃতি তিনি প্ৰকাৰৰ আছিল। তাৰে দুই প্ৰকাৰৰ ইটা ৰংঘৰ আৰু কাৰেং ঘৰৰ লগত মিল থকা বুলি জ্যেষ্ঠলোক সকলে কৈছিল।
 
সৰু মছজিদ। ছবি: চামচুল হুদা পাটগিৰী
 
কলিয়াবৰত অৱস্থিত 'সৰু মছজিদ' বা 'বুঢ়াগঞা মছজিদ'ৰ আৰ্হি বৰ মছজিদতকৈ পৃথক নহয়। ১৫৭৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুক্লেংমুঙৰ ৰাজত্ব কালত নিৰ্মাণ কৰিছিল এই মছজিদটো। বৰ মছজিদৰ দৰেই ভিতৰত লাইখুঁটা আৰু উপৰৰ ভাগত পিতলৰ কলচি বিৰাজমান। উল্লেখযোগ্য যে এই দুয়োটা মছজিদৰ নিৰ্মাণ কাৰ্যত চূণ চূৰ্কী,মাটি দাইল,বৰালী মাছ আৰু বৰা চাউলৰ গুৰি ব্যৱহাৰ কৰি কৰাল তৈয়াৰ কৰি ইটাৰ গাঁঠনি কৰিছিল। ১৯৫০ চনৰ ভূমিকম্পত মছজিদ দুয়োটাৰ সামান্য ক্ষয়ক্ষতি হৈছিল যদিও পিছত পুনৰ মেৰামতি কৰা হৈছিল।সৰু মছজিদৰ বাকৰিত ৰজাৰ দিনৰ বৰটোপৰ কিছু অংশও দেখা যায়। 
 
দুয়োটা মছজিদতে পাঁচবাৰ নামাজ পঢ়ি আল্লাহক স্মৰণ কৰা হয়। কলিয়াবৰৰ যেনেকৈ মুছলমান সকলে নামঘৰ আৰু সত্ৰ দেখিলে মূৰ দোৱাই, সেইদৰে  হিন্দুসকলে মছজিদ আৰু দৰ্গাহ দেখিলে   মূৰ দোৱাই। আজিৰ পৰা শ শ বছৰ আগতে কলিয়াবৰৰ ভলাগুড়ি সত্ৰ জুই লাগি জাহ যোৱাত মৰিয়াসকল গৈ সত্ৰ পুনৰ নিৰ্মাণত শ্ৰম দান কৰাৰ উপৰিও আৰ্থিক সহায়ৰ হাতো আগবঢ়াইছিল বুলি প্ৰখ্যাত বিজ্ঞানী ডঃ গকুল গোস্বামীদেৱৰ পৰা জনা যায় বুলি উল্লেখ কৰে মছজিদ সমিতিৰ উপদেষ্টা ইনতাজ অলীয়ে। নামঘৰৰ ডবাৰ কোবত আৰু মছজিদৰ ৰাতিপুৱাৰ আজানৰ সময়ত হিন্দু আৰু মুছলমান সকলে সময়ৰ উমান লৈছিল। আজিও কলিয়াবৰৰ জয়ন্তীপুৰত মছজিদ দুটা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগক প্ৰত্যাহ্বান জনাই হিন্দু আৰু মুছলমানৰ সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীকহৈ গৌৰৱেৰে থিয় হৈ আছে।