UGC NET JRF পৰীক্ষাত শীৰ্ষস্থান দখল গৱেষক পণ্ডিত নিলুফা ইয়াছমিনৰ

Story by  atv | Posted by  Munni Begum • 11 h ago
গৱেষক পণ্ডিত নিলুফা ইয়াছমিন
গৱেষক পণ্ডিত নিলুফা ইয়াছমিন
 
আৱাজ-দ্য ভইছ অসম ব্যুৰো 
 
পশ্চিম বংগৰ বুৰ্ডৱান বিশ্ববিদ্যালয়ৰ গৱেষক পণ্ডিত নিলুফা ইয়াছমিনে বাংলা ভাষাত ইউজিচি নেট জেআৰএফ জুন ২০২৫ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। নিলুফাৰ এই সফলতাই সমগ্ৰ পশ্চিম বংগবাসীক গৌৰাম্বিত কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্য তথা  দেশৰ বহু লোককে অনুপ্ৰাণিত কৰিছে।     
 
নিলুফা এনে এক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল, য’ত শিক্ষাৰ মূল্য বহু গভীৰ আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক আছিল। সেয়েহে তেওঁলোকৰ বাবে শিক্ষা কেতিয়াও শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ থকা নাছিল: ই তেওঁলোকৰ বাবে আছিল দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংশ। 
 
নিলুফা ইয়াছমিনে অধ্যয়ন কৰি থকা এক মূহুৰ্ত
 
প্ৰাৰম্ভিক বিপৰ্যয়ৰ মাজতো নিলুফা দৃঢ় প্ৰতিজ্ঞ হৈ আছিল। কিয়নো তেওঁ তিনিবাৰকৈ ইউজিচি নেট পৰীক্ষাৰ চেষ্টা কৰিছিল। তেওঁ প্ৰথম দুটা চেষ্টাত সফলতা লাভ কৰিব পৰা নাছিল যদিও তেওঁৰ তৃতীয়টো প্ৰচেষ্টাত সফলতা লাভ কৰাই নহয়, তেওঁৰ বিষয়ত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে।   
 
নিলুফাই জনোৱা মতে, তেওঁ ৰাষ্ট্ৰীয় টপাৰ হ’ব বুলি আশা কৰা নাছিল। তেওঁ কয়, "মই বহুত সুখী। মই আশা কৰিছিলোঁ যে, মই ভালকৈ উত্তীৰ্ণ হম, কিন্তু কেতিয়াও ভবা নাছিলো যে, মই শীৰ্ষস্থান দখল কৰিম।" 
 
নিলুফাই তেওঁৰ এই সফলতাত তেওঁৰ গাইড বাংলা বিভাগৰ অধ্যাপক ৰমেন কুমাৰে সমৰ্থন আৰু উৎসাহৰ মূল উৎস হৈ আহিছে বুলি মন্তব্য কৰিছে। বৰ্তমান নিলুফাই বুৰ্ডৱান বিশ্ববিদ্যালয়ত বাংলা সাহিত্য আৰু মধ্যযুগীয় সংগীত পৰম্পৰাৰ সংযোগস্থল বিষয়টোত গৱেষণা কৰি আছে। এই বিষয়টোৱে তেওঁৰ সংস্কৃতিৰ শিপা আৰু শৈক্ষিক কৌতুহল দুয়োটাকে প্ৰতিফলিত কৰে। 
 
স্কুলৰ পৰা স্নাতকোত্তৰ বছৰলৈকে তেওঁ প্ৰায়ে ক্লাছত শীৰ্ষস্থান দখল কৰি আৰু নিজৰ নিষ্ঠাৰ বাবে প্ৰশংসা লাভ কৰি ধাৰাবাহিকভাৱে সফলতা লাভ কৰিছে নিলুফাই।  তেওঁৰ আগ্ৰহ কিতাপৰ মাজতে সীমাবদ্ধ নাছিল। নিলুফা সংগীত প্ৰতিভাৰ বাবেও পৰিচিত।  
 
নিলুফাই কয় যে, তেওঁৰ এই সফলতাৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁ পৰিয়ালত অনন্দৰ বন্যা বৈছে। তেওঁ কয়, "মোৰ মা-দেউতা আৰু ভন্তীয়ে মোক ফোন কৰি তেওঁলোকক ফোন কৰা বা আমাৰ ঘৰলৈ অহা লোকসকলৰ কথা কৈছে।"  
 
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমত নিলুফাক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এক পোষ্টত কয় যে, "পূৰ্বা বৰ্ধমানত কাটৱাৰ নিলুফা ইয়াছমিনক ১০০ শতাংশ লাভ কৰি ইউজিচি–নেট জুন, ২০২৫ (সহ) বাংলাত ভাৰতত প্ৰথম স্থান দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো।"
মুখ্যমন্ত্ৰীৰ বাৰ্তাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিলুফাই কয়, "মই বিশ্বাস কৰিব পৰা নাছিলো যে মুখ্যমন্ত্ৰীয়ে মোক অভিনন্দন জ্ঞাপন কৰিছে। মই ইমানেই সুখী যে মোৰ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ, কিয়নো তেখেতে ইমান ব্যস্ততাৰ মাজতো যে মোক মনত পেলাইছে, মোৰ বাবে এইটো বহু ডাঙৰ কথা।"
 
নিলুফাই কয় যে, তেওঁৰ এই স্বীকৃতি কেৱল মাত্ৰ তেওঁৰ বাবেই নহয়, তেওঁৰ পিতৃ-মাতৃ, গুৰু আৰু বংগৰ বৃহত্তৰ শৈক্ষিক সমাজৰ বাবেও গভীৰ অৰ্থপূৰ্ণ। যিয়ে তেওঁৰ যাত্ৰাৰ এক শক্তিশালী বৈধতা আৰু আন্তৰিক প্ৰচেষ্টাত  সোঁৱৰণী হিচাপে কাম কৰিছিল।
 
বঙালী সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত পাঠদান, মেণ্টৰিং আৰু অৱদান আগবঢ়াই শৈক্ষিক জগতখনত আগবাঢ়ি যোৱাটো হৈছে নিলুফাৰ লক্ষ্য। তেওঁৰ সফলতাৰ কাহিনীয়ে ইয়াকে সোঁৱৰাই যে, বিফলতা কেতিয়াও চূড়ান্ত হব নোৱাৰে আৰু সফলতা সদায় একাধিক প্ৰচেষ্টাৰ অন্ততহে পোৱা যায়। 
 
উল্লেখ্য যে, ইউজিচি নেট হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা, যিয়ে ভাৰতীয় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক পদ, জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ, আৰু পি এইচ ডি নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০২৫ চনৰ জুন মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১০ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, য’ত ৭.৫ লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 
 
ইয়াৰে ৫,২৬৯ জনেই জে আৰ এফ আৰু সহকাৰী অধ্যাপক পদ দুয়োটাতে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৫৪,০০০ৰো অধিক লোকে সহকাৰী অধ্যাপক আৰু পি এইচ ডিৰ বাবে যোগ্যতা অৰ্জন কৰিছে, আৰু অতিৰিক্ত ১.২৮ লাখ লোকে কেৱল পি এইচ ডি নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
 
এই পৰিসংখ্যাই ইউজিচি নেটৰ পৰিসৰ আৰু কঠোৰতা প্ৰদৰ্শন কৰিছে। যিয়ে শাখাসমূহৰ মাজত শৈক্ষিক যোগ্যতা আৰু গৱেষণাৰ সম্ভাৱনাৰ বাবে এক মূল মাপকাঠী হিচাপে কাম কৰি আহিছে। এই ফলাফলসমূহে ভাৰতৰ উচ্চ শিক্ষাৰ ভৱিষ্যত গঢ় দিয়াত পৰীক্ষাৰ ভূমিকাকো আলোকপাত কৰিছে, য'ত হাজাৰ হাজাৰ প্ৰাৰ্থীক শিক্ষকতা আৰু বৃত্তিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰা হয়।