শিৱভক্তক সহায় কৰি ভাৰতবাসীৰ হৃদয় জয় কৰিলে ইফতেখাৰ খানে

Story by  atv | Posted by  [email protected] • 9 h ago
শিৱভক্তক সহায় কৰি মানৱতাৰ পৰিচয় দিয়া ইফতেখাৰ খান
শিৱভক্তক সহায় কৰি মানৱতাৰ পৰিচয় দিয়া ইফতেখাৰ খান
 
আৰ্ছলা খান / নতুন দিল্লী

উত্তৰ-প্ৰদেশৰ বৰেইলীৰ ইফতেখাৰ খান আজি হিন্দু মুছলমান ঐক্যৰ এক মহান নিদৰ্শন হৈ পৰিছে। প্ৰকৃতাৰ্থত তেওঁ মানৱীয় আদৰ্শ দাঙি ধৰিছে। হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধ্য দেৱতা মহাদেৱৰ মূৰ্তিৰে সজোৱা এখন বাইক পথৰ মাজত আৱদ্ধ হৈ থকা অৱস্থাত ইফতেখাৰ খানে  সহায়ৰ হাত আগবঢ়োৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। মানুহে ইয়াক প্ৰকৃত ভাৰতৰ ছবি বুলি শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।
 
ভিডিঅ’টোত ইফতেখাৰ খান নামৰ মুছলমান ব্যক্তিজনে কোনো সংকোচ নকৰাকৈ এজন শিৱ ভক্তক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে। এই দৃশ্যটোৱে শিৱভক্তক সহায় কৰা মুছলমান ব্যক্তিজনৰ মহানুভৱতা প্ৰকাশ কৰাই নহয়, ই ভাৰতৰ গভীৰ সামাজিক-সাংস্কৃতিক ঐতিহ্যকো প্ৰতিফলিত কৰে, যাক আমি গংগা-জামুনি তহজীব বুলি কওঁ।  ইয়াত ধৰ্ম বেলেগ হ’ব পাৰে, কিন্তু মানৱতাৰ পথ সকলোৰে বাবে একেই। 
 
আজিৰ সমাজত আমি প্ৰায়ে সংঘাত, অবিশ্বাস আৰু মেৰুকৰণৰ খবৰ শুনিবলৈ পোৱাৰ সময়তে ইফতেখাৰ খানৰ এই পদক্ষেপ অধিক প্ৰতীকী হৈ পৰিছে। আন ধৰ্মৰ মৰ্যাদা বজাই ৰাখি এজন ব্যক্তিয়ে সহায় কৰাটোৱে দেখুৱাইছে যে ভাৰতৰ প্ৰকৃত ভেটি এতিয়াও পাৰস্পৰিক বিশ্বাস, মৰ্যাদা আৰু উমৈহতীয়া ঐতিহ্যৰ ওপৰত নিৰ্ভৰশীল।
 
এই ঘটনাই মানুহক সোঁৱৰাই দিয়ে যে সংবিধানে উল্লেখ কৰা “আমি ভাৰতৰ জনগণ”, কোনো এটা পৰিচয়তে সীমাবদ্ধ নহয়, বৰঞ্চ বৈচিত্ৰ্যৰে একেলগে আগবঢ়াৰ এক দক্ষতা। ছ’চিয়েল মিডিয়াই এই দৃশ্য দেশজুৰি দ্ৰুতগতিত বিয়পাই দিলে, আৰু মানুহৰ প্ৰতিক্ৰিয়াৰ পৰা দেখা যায় যে সমাজৰ ভিতৰতে বৃহৎ সংখ্যকে এনে ঐক্য-সংহতিৰ উদাহৰণত বিশ্বাস কৰে।
 

 

বহুতে ইয়াক হিন্দু-মুছলমান ঐক্যৰ জীৱন্ত নিদৰ্শন বুলি অভিহিত কৰাৰ বিপৰীতে কিছুমানে লিখিছে যে এইখনেই সেই ভূমি য’ত ধৰ্ম আৰু নৈতিকতাই ইটোৱে সিটোৰ পৰিপূৰক।

ভাৰতৰ দৰে বহুত্ববাদী সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি কোনো চৰকাৰী শ্লোগান বা মঞ্চ সন্মিলনৰ জৰিয়তে নহয়, এনে সূক্ষ্ম আৰু অন্তৰংগ মুহূৰ্ততহে গঢ় লৈ উঠে। হিন্দুসকলে মহৰম শোভাযাত্ৰাত ছাবিল স্থাপন কৰা, চুবুৰীৰ অমুছলমান বন্ধুৰ ঘৰলৈ ঈদৰ দিনা চেৱাই পঠিওৱা, মুছলমান কবিয়ে হোলীত ৰঙৰ প্ৰেমৰ ওপৰত কবিতা আবৃত্তি কৰা—এই সকলোবোৰ উদাহৰণে দেখুৱাইছে যে ইজনে সিজনৰ আনন্দ-দুখৰ ভাগ-বতৰা কৰাটো আমাৰ সামাজিক সংস্কৃতিৰ এক স্বাভাৱিক অংগ।
 
ইফতেখাৰ খানৰ কাহিনীয়ে আমাক এই কথা শিকাইছে যে ধৰ্মীয় বিশ্বাসক সন্মান কৰিবলৈ আপুনি ধৰ্ম সলনি কৰিব নালাগে; মাত্ৰ চিন্তাৰ দিগন্ত প্ৰসাৰিত কৰিব লাগিব। হিন্দু-মুছলমান ঐক্যৰ অৰ্থ এইটো নহয় যে মতানৈক্য বা পৃথক পৰিচয়ৰ অন্ত পৰিব লাগে; ইয়াৰ অৰ্থ হ’ল আমি পাৰ্থক্যৰ মাজতো একেলগে থাকিবলৈ শিকিব লাগে, আলোচনা বজাই ৰাখিব লাগে আৰু আনৰ বিশ্বাসৰ প্ৰতি সন্মানক আমাৰ সভ্যতাৰ অংশ হিচাপে বিবেচনা কৰিব লাগে।