য'ত ধন মূল্যহীনঃ জোনবিল মেলাত শুভাৰম্ভ অসমৰ শতাব্দী পুৰণি বিনিময় প্ৰথা...
মৰিগাঁও
যেতিয়া টকা-পইচাক আঁতৰাই জনগোষ্ঠীবোৰে কেৱল আস্থা আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি ব্যৱসায় কৰে তেতিয়া কি হয়? ইয়াৰ উত্তৰ প্ৰতিবছৰে অনুষ্ঠিত ঐতিহাসিক জোনবিল মেলাত পোৱা যায়। ২৩ জানুৱাৰীত মৰিগাঁও জিলাত অনুষ্ঠিত উৎসৱৰ দ্বিতীয় দিনা এই শতাব্দী পুৰণি বিনিময় প্ৰথা পুনৰ প্ৰাণ পাই হৈ উঠে।
মৰিগাঁৱৰ জোনবিল পাৰত চলি আছে ঐতিহাসিক জোনবিল মেলা। জিলাখনৰ জাগিৰোডস্থিত জোনবিল পাৰত গোভা দেওৰজাৰ দিনৰ পৰম্পৰাগত এই মেলা বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। এই মেলাতেই দেখা যায় সময়ৰ সোঁতত হেৰাই যোৱা এসময়ৰ বিনিময় প্ৰথা। প্ৰতিবছৰে মাঘ বিহুৰ পাছৰ সপ্তাহত গোভা দেওৰজাৰ পৰম্পৰাগত ৰীতি-নীতিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই মেলা।
এই জোনবিল মেলা হৈছে সম্প্ৰতীৰ মেলা। ইয়াতেই জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। জোনবিল মেলাৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল তাৰ সঠিক প্ৰমাণ নাই যদিও গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হোৱা বুলি একাংশই কয়।
এই মেলাত নিয়ম অনুসৰি, দ্বিতীয় দিনা পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী যেনে আদা,কচু, হালধী,জালুক, ৰন্ধনজাত মচলা, ধূনা, লা, ঔষধি গছ ইত্যাদি বিক্ৰী কৰাৰ বিপৰীতে ভৈয়ামৰ লোকসকলে অনা সান্দহ, মুড়ি, লাড়ু, পিঠা, শুকান মাছৰ সৈতে বিনিময় কৰে। সমগ্ৰ বিশ্বত বিৰল এই বিনিময় প্ৰথা এবাৰ ওচৰৰ পৰা উপভোগ কৰিবলৈ বহু দেশী বিদেশী পৰ্যটকে জোনবিল মেলাত ভিৰ কৰা দেখিবলৈ পোৱা যায়।
জোনবিল মেলাৰ দ্বিতীয় দিনাৰ ঐতিহাসিক বিনিময় প্ৰথাৰ শুভাৰম্ভ অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদ অসমৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা ৰাজ-দৰবাৰৰ সভাপতি জোৰচিং বৰদলৈ প্ৰমুখ্যে জোনবিল মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে উপস্থিত থাকে। তেওঁলোকে পাহাৰৰ মামা মামী সকলে অনা সামগ্ৰীৰ লগত সান্দহ আৰু পিঠাৰ বিনিময় কৰা পৰিলক্ষিত হয়। গোভা দেওৰজাৰ পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা এই বিনিময় প্ৰথাই আজিও পাহাৰ-ভৈয়ামৰ মাজত সম্প্ৰীতি,একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি আহিছে।