য়েছে দৰজে ঠংচিলৈ চলিত বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন বঁটা'

Story by  atv | Posted by  Munni Begum • 2 Years ago
য়েছে দৰজে ঠংচি
য়েছে দৰজে ঠংচি
গুৱাহাটী 

নগাঁৱৰ অন্যতম অগ্রণী উচচ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন বঁটা' আগবঢ়াইছে অসম-অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক সম্প্রীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ। 
 
অহা ২৪ ছেপ্টেম্বৰত হ'বলগীয়া মহাবিদ্যালয়ৰ ৬৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহই  এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে। 
ইপিনে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত ২৪ ছেপ্টেম্বৰত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্রুৱজ্যোতি বৰা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্রহণ কৰিব। 
উল্লেখ্য যে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০০১ চনৰে পৰা 'আনন্দৰাম ফুকন স্মাৰক বক্তৃতানুষ্ঠান' অনুষ্ঠিত কৰি আহিছে। ড° হীৰেন গোহাঁই, ভবেন বৰুৱা, ড° নৰেন কলিতা, ড° ৰাজেন শ‍ইকীয়া, ৰঞ্জিত কুমাৰ দেৱগোস্বামী আদিৰ দৰে বিদ্বান ব্যক্তিয়ে বিগত সময়ত উক্ত বক্তৃতা প্ৰদান কৰি গৈছে। 
 
আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন উপলক্ষে চলিত বৰ্ষৰ ২২ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত 'আনন্দৰাম ঢেকিয়াল ফুকন আৰু আধুনিক অসমৰ সপোন' শীৰ্ষক বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্তই। 
আনহাতে প্ৰতিষ্ঠাপক অধ্যক্ষ শুকদেৱ গোস্বামীৰ সোঁৱৰণত মহাবিদ্যালয়খনে আয়োজন কৰি অহা সদৌ অসম আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতা এইবাৰ ২৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'ব। আনহাতে ২৪ ছেপ্টেম্বৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ দিনটোত পুৱা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাও অনুষ্ঠিত হ'ব।
তদুপৰি ২৫ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে হ'বলগা সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে জনপ্রিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস আৰু অভিনৱ হাজৰিকাই গীত পৰিবেশন কৰিব। 
 
উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্রতিষ্ঠা দিৱস যোৱা ৭ ছেপ্টেম্বৰ আছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাসমূহ চলি থকাৰ বাবে উক্ত দিনটোৰ পৰিবৰ্তে অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, বঁটা প্রদান, নবাগত আদৰণী সভাকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণন ব্যৱস্থা কৰা হৈছে বুলি মহাবিদ্যালয় কর্তৃপক্ষই জানিবলৈ দিয়ে।