আৱাজ দ্য ভইচ / নতুন দিল্লী
ভাৰতৰ চাৰিগৰাকী প্ৰতিভাৱান কন্যাই European Girls' Mathematical Olympiad (ই জি এম অ’) ২০২৫ত উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰি চাৰিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইদৰে তেওঁলোকে বিশ্ব গণিতৰ মঞ্চত ভাৰতৰ নাম উজলাইছে আৰু দেশবাসীক গৌৰৱান্বিত কৰিছে।
১১ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈকে ক’ছ’ভ’ৰ ৰাজধানী প্ৰিষ্টিনাত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৬০খনতকৈও অধিক দেশৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় দলটোৱে সামগ্ৰিকভাৱে ১২ নম্বৰ স্থান দখল কৰিছিল যদিও ব্যক্তিগতভাৱে সকলো অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে।
ভাৰতৰ পদক বিজয়ী যুৱতী কেইগৰাকী হৈছেঃ শ্ৰেয়া মুন্দ্ৰা (মুম্বাই, বয়স ১৫)–ৰূপৰ পদক, সঞ্জনা ফিলো চাকো (হেৰাল, বয়স ১৬)–ৰূপৰ পদক, সাই পাটিল (পুনে, বয়স ১৮)–ব্ৰঞ্জৰ পদক, শ্ৰেয়া গুপ্তা ৰায় (কলকাতা, বয়স ১৮)–ব্ৰঞ্জৰ পদক।
উল্লেখ্য যে, ইউৰোপীয়ান গাৰ্লছ মেথেমেটিকেল অলিম্পিয়াড হৈছে ২০১২ চনত ব্ৰিটেইনত আৰম্ভ হোৱা এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় গণিত প্ৰতিযোগিতা। বিশেষকৈ গণিতৰ প্ৰতি আগ্ৰহী আৰু শ্ৰেণীকোঠাৰ সীমাৰ বাহিৰত বিষয়টো বুজিব বিচৰা হাইস্কুলীয়া ছাত্ৰীসকলৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰা হয়। কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকে প্ৰতিযোগিতাখনত অংশ লোৱাৰ সুযোগ পায়।
আঞ্চলিক গণিত অলিম্পিয়াড (RMO) ৰ পৰা আৰম্ভ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড (INMO) ৰ জৰিয়তে শিক্ষাৰ্থীসকলক চৰ্টলিষ্টিং কৰা হয়৷ ইয়াৰ পৰা শেষত এক প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে চাৰিজনীয়া এটা দল প্ৰস্তুত কৰা হয়।
এতিয়া চেন্নাই গণিত প্ৰতিষ্ঠানত গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ স্নাতক অধ্যয়ন কৰিবলগীয়া শ্ৰেয়া গুপ্তাই কয় যে গণিত কেৱল সূত্ৰ নহয়, ই এক চিন্তাৰ ধৰণ। সমস্যা সমাধানৰ সৃষ্টিশীল পদ্ধতি ভাল পোৱা ছাই পাটিলে আগলৈ গণিত বিষয়ৰ ওপৰত অধিক অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে।
মাত্ৰ এটা পইণ্টৰ বাবে স্বৰ্ণ পদকৰ পৰা বঞ্চিত হোৱা সঞ্জনা চাকোৱে কয়, ‘আমি সকলোৱে নিজৰ নিজৰ ছন্দ বিচাৰি পাইছিলোঁ। সকলোৰে দৃষ্টিভংগী বেলেগ আছিল যদিও লক্ষ্য একেই আছিল।' দেশলৈ উভতি অহাৰ পিছত দলটোৰ প্ৰতিগৰাকী সদস্যক পৰিয়ালৰ লোক, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ সমাজে উষ্ম আদৰণি জনায়।