কন্যা শিশুৰ উচ্চ শিক্ষাৰ বাবে অসম চৰকাৰৰ বাজেটত ২৪০ কোটি টকা ধাৰ্য; নতুন আঁচনিয়ে সাঙুৰি ল'ব ১০ লাখ কন্যাক

Story by  atv | Posted by  [email protected] • 5 Months ago
বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু আন সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু আন সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
আৱাজ দ্য ভইচ অসম

নাৰী শিক্ষাক উদগণি যোগাই অসম চৰকাৰে ৰাজ্যত ৰূপায়ন কৰিব এখন নতুন আঁচনি। সোমবাৰে বাজেট ভাষণত সেই কথা উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওঁগে। ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা এই আচঁনিৰ নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই আঁচনিখনে ১০লাখ ছাত্ৰীক সামৰি ল'ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে।
 
আঁচনিখনৰ অধীনত ছাত্ৰীসকলক নামভৰ্তিৰ বাবে উদগণি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব। তেওঁলোকে যাতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে বাধাহীনভাৱে অধ্যয়ন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আঁচনি হাতত লৈছে। যিকোনো চৰকাৰী মহাবিদ্যালয়, শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই আচঁনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে, বিবাহপাশত আৱদ্ধ হোৱা ছাত্ৰীসকলে এই সুবিধা নাপাব। একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰীক ১০হাজাৰ, স্নাতক শ্ৰেণীৰ বাবে ১২,৫০০ আৰু স্নাতকোত্তৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে চৰকাৰে ১৫ হাজাৰ টকা আগবঢ়াব। এই আঁচনিৰ বাবে বাজেটত চৰকাৰে ২৪০ কোটি টকা ব্যয় ধাৰ্য কৰিছে।

ইফালে, বাজেট সন্দৰ্ভত ছ’চিয়েল মিডিয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম বাজেট ২০২৪-২০২৫খনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  বিকশিত ভাৰতৰ মহান দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লাভ কৰে। তেওঁ আৰু কয় যে এই বাজেটখনে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিয়াত সহায় কৰিব।
 
বাজেটত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণাঃ 
 
১. গ্ৰাম্য অঞ্চলৰ মহিলা গোটৰ সদস্যসকললৈ ১০হাজাৰকৈ টকা।
 
২. পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নথকা প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অতিৰিক্তভাৱে ৫ নম্বৰকৈ প্ৰদান কৰা হ'ব।
 
৩. চাফাই কৰ্মীসকলক প্ৰদান কৰিব ঘৰ।
 
৪. চাহ জনজাতি সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩শতাংশ সংৰক্ষণৰ ব্যৱস্থা।
 
৫. অসমীয়া চলচ্চিত্ৰক উদগণি যোগাবলৈ অসমীয়া বোলছবিৰ বাবে ১০লাখ টকাৰ আৰ্থিক অনুদানৰ ব্যৱস্থা। 
 
৬. ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বিষ্ণু ৰাভাৰ সোৱৰঁণত অনুষ্ঠিত কৰিব সাংস্কৃতিক সন্ধিয়া।
 
৭. পূণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰ তীৰ্থযাত্ৰীক ৰাম মন্দিৰলৈ নিয়া হ'ব। ইয়াৰ বাবে ২৫কোটি টকা আৱন্টন।
 
৮. ৩০০কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ।
 
৯. নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰশক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক।
 
১০. দীপৰ বিল পুনৰজ্জীৱিত কৰিবলৈ বাজেটত ১০০কোটি টকা ধাৰ্য্য।
 
১১. জি এম চিৰ নতুন আন্তঃগাথনিৰ বাবে ৩২৫০কোটি টকা আৱণ্টন। 
 
১২. মাইক্ৰ ফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত ৫৫০কোটি টকা ধাৰ্য কৰা হৈছে।
 
১৩. ৫৫০কোটি টকাৰ ব্যয়েৰে ৫০টা মথাউৰি নিৰ্মাণ কৰা হ'ব।
 
১৪. অসম চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI) স্থাপনৰ লক্ষ্য।