আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
প্ৰত্যাশিতভাৱেই আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে ঘোষণা হ'ল দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। 
 
অসম ৰাজ‍্যিক বিদ‍্যালয় শিক্ষা পৰিষদে কলা, বিজ্ঞান, বাণিজ্য আৰু ভোকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০২৫ৰ ফলাফল ৱেবছাইটযোগে ঘোষণা কৰিছে ৷ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। 
 
এইবাৰ কলা শাখাত মুঠ ২২৬৭৫৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ৯৬৪০৫গৰাকী। ইয়াৰ ভিতৰত ছাত্ৰীৰ সংখ্যা আছিল ১৩০৩৫১গৰাকী আৰু ১৬১৫৮ গৰাকী ছাত্ৰ। 
 
কলা শাখাত উত্তীৰ্ণৰ হাৰত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। এই শাখাত ৩৩৪১৯গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণৰ হৈছে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৮.৪২শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮২.৯৫শতাংশ। 
 
বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী ১৭৭৪৬গৰাকীৰ ভিতৰত ১২৪৫৪গৰাকী ছাত্ৰ আৰু ৫২৯২গৰাকী ছাত্ৰী। বাণিজ্য শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮২.০৮ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮২.৪০। 
 
বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৬৯০৯গৰাকী। ইয়াৰে ৩২৪০১গৰাকী ছাত্ৰ আৰু ২৪৫০৮গৰাকী ছাত্ৰী। বিজ্ঞান শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.৩৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৪শতাংশ। 
 
বহুমুখী শিক্ষা শাখাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.৫৩ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৩৯শতাংশ। এই শাখাত মুঠ ১২০২গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৭৯২গৰাকী ছাত্ৰ আৰু ৪১০গৰাকী ছাত্ৰী।