অসমৰ ২৬৬ খন বিদ্যালয়ৰ দায়িত্ব লব কেন্দ্ৰীয় চৰকাৰে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
অসমৰ ২৬৬ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব লৈছে কেন্দ্ৰীয় চৰকাৰে। প্রধানমন্ত্রী শ্রী আঁচনিৰ অধীনত উন্নয়ন সাধন কৰিব লগা এই বিদ্যালয়সমূহ ৰাজ্যখনৰ ৩২ খন জিলাৰ। উক্ত আঁচনিৰ অধীনত উন্নয়ন হ'ব লগা বিদ্যালয়সমূহৰ ভিতৰত সৰ্বাধিক বিদ্যালয় আছে ধুবুৰী আৰু নগাঁও জিলাত। জিলা দুখনত ১৭ খনকৈ বিদ্যালয় বাছনি কৰা হৈছে। 
 
সেইদৰে কামৰূপ জিলাত ১৪ খন, কাছাৰত ১৩ খন, লখিমপুৰত ১২ খন, বৰপেটাত ১১ খন, তিনিচুকীয়াত ১১ খন, গোলাঘাটত ১১ খন, ডিব্রুগড়ত ১০ খন, নলবাৰীত ৯ খন, শোণিতপুৰত ৯ খন, গোৱালপাৰাত ৯ খন, যোৰহাটত ৯ খন, বিশ্বনাথত ৮ খন, কৰিমগঞ্জত ৮ খন, মৰিগাঁৱত ৮ খন, ধেমাজিত ৭ খন, হাইলাকান্দিত ৭ খন, শিৱসাগৰত ৭ খন, বঙাইগাঁৱত ৬ খন, দৰঙত ৬ খন, ডিমা হাচাওত ৬ খন, হোজাইত ৬ খন, ওদালগুৰিত ৫ খন, বাক্সাত ৪ খন, চৰাইদেউত ৪ খন, চিৰাঙত ৪ খন, পশ্চিম কাৰ্বি আংলঙত ৪ খন, কামৰূপ মহানগৰত ৩ খন, কার্বি আংলঙত ৩ খন, দক্ষিণ শালমাৰা মানকাচাৰত ৩ খন, তামুলপুৰত ৩ খন, বজালীত ২ খন আৰু মাজুলীত ২ খন। 
 
উল্লেখ্য যে কেন্দ্রীয় পৃষ্ঠপোষকতামূলক আঁচনিৰ অধীনত প্রধানমন্ত্রী শ্রী আঁচনিখন কেন্দ্রীয় কেবিনেটে ২০২২ চনৰ ৭ ছেপ্টেম্বৰত অনুমোদন জনাইছিল। এই আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে দেশৰ ১৪,৫০০ খন বিদ্যালয়ক উন্নয়ন সাধন কৰাৰ লক্ষ্য নির্ধাৰণ কৰে। ইয়াৰে প্রথম পর্যায়ত দেশৰ ২৯ খন আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৬,২০৭ খন বিদ্যালয়ৰ উন্নয়ন সাধন কৰাৰ দায়িত্ব লয়। ইয়াৰ ভিতৰত অসমৰ ২৬৬ খন বিদ্যালয় আছে। 
 
প্রধানমন্ত্রী শ্রী আঁচনিৰ অধীনত উন্নয়ন সাধন হ'ব লগা এই বিদ্যালয়সমূহ পৰিবেশ অনুকূল সেউজ বিদ্যালয়। সৌৰ চালিত শক্তি ব্যৱহাৰ হ'ব বিদ্যালয়সমূহত। তদুপৰি জাবৰ নিষ্কাশনৰ লগতে পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ'ব। প্লাষ্টিকমুক্ত পৰিবেশৰ সৃষ্টি কৰা হ'ব। ছাত্র-ছাত্রীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা থাকিব।


শেহতীয়া খবৰ