১-৩০ নৱেম্বৰলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ধাৰ্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
 প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন নির্ধাৰণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। অহা ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ প্ৰপত্ৰ পূৰণৰ দিন ধাৰ্য কৰা হৈছে।
 
অনলাইনযোগে প্ৰপত্ৰ পূৰণ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে। এই সময়ছোৱাৰ ভিতৰত কোনো পৰীক্ষাৰ্থীয়ে যাতে প্ৰপত্ৰ পূৰণৰ পৰা বঞ্চিত নহয়, তালৈ লক্ষ্য ৰাখিবলৈ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নির্দেশ দিছে। 
 
ইপিনে আর্থিকভাৱে দুর্বল পৰিয়ালৰ শিক্ষাৰ্থীৰ প্ৰপত্ৰ পূৰণৰ মাচুল এইবাৰো ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে শিক্ষা সংসদে। বছৰি দুই লাখ টকাৰ তলৰ আয়ৰ পৰিয়ালৰ শিক্ষার্থীৰ বাবে বিনামূলীয়া হ'ব প্ৰপত্ৰ পূৰণ। চৰকাৰী, প্ৰাদেশীকৃত, স্বীকৃতিপ্রাপ্ত ভেন্সাৰ স্কুল-কলেজৰ শিক্ষাৰ্থীৰ বাবে এই ৰেহাইৰ ব্যৱস্থা থাকিব।
 
উল্লেখযোগ্য যে প্রাদেশীকৃত শিক্ষানুষ্ঠানৰ নিয়মীয়া পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা মাচুল ৫০০ টকা, মার্কশিট মাচুল ২০০ টকা আৰু প্ৰমাণপত্ৰ মাচুল ২০০ টকা ধাৰ্য কৰা হৈছে। অৱশ্যে নিয়মীয়া পৰীক্ষাৰ্থী, ইনষ্টিটিউচনেল প্রাইভেট, নন-ইনষ্টিটিউচনেল প্রাইভেট, কম্পার্টমেন্টেল, বেটাৰমেণ্ট আদিৰ বাবে পৃথক পৃথক মাচুলৰ তালিকা প্রকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।