কামৰূপ মহানগৰৰ বাবে শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ; ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষক

Story by  atv | Posted by  [email protected] • 15 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকে এতিয়াৰে পৰা পুৱা ৯ বজাৰ পূৰ্বে নিজ নিজ বিদ্যালয়ত উপস্থিত থাকিব লাগিব।
 
কামৰূপ মহানগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্রাথমিক শিক্ষা বিষয়া দীপিকা চৌধুৰীয়ে মহানগৰ জিলাখনৰ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ প্রধান শিক্ষক, অধ্যক্ষলৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি এই নির্দেশ জাৰি কৰিছে। নির্দেশনাটোত কোৱা হয় যে এতিয়াৰে পৰা পুৱা ৯ বজাৰ পূৰ্বে প্ৰতিগৰাকী শিক্ষক নিজৰ নিজৰ বিদ্যালয়ত উপস্থিত থাকিব লাগিব।
 
প্ৰতিগৰাকী শিক্ষকে বিদ্যালয়ত প্রৱেশ কৰা আৰু বিদ্যালয়ৰ পৰা প্ৰস্থান কৰা সময় শিক্ষা সেতু এপত দিব লাগিব। যদি কোনো শিক্ষকে একেৰাহে ৩ দিন পলমকৈ বিদ্যালয়ত প্রৱেশ কৰে, তেন্তে সংশ্লিষ্ট শিক্ষকজনৰ জমা থকা নৈমিত্তিক ছুটীৰ পৰা এদিন কর্তন কৰা হ'ব। যদি শিক্ষকজনৰ জমা নৈমিত্তিক ছুটী নাথাকে, তেন্তে তেওঁৰ এদিনৰ দৰমহা কর্তন কৰা হ'ব। শ্রেণী শিক্ষকসকলে নিয়মিত ছাত্র-ছাত্রীৰ উপস্থিতি ল'ব লাগিব আৰু তাক পৰীক্ষা কৰিব লাগিব বিদ্যালয়ৰ প্রধান শিক্ষক বা অধ্যক্ষই।
 
যদি শিক্ষক, ছাত্র-ছাত্রীৰ শিক্ষা সেতু এপত উপস্থিতি দিয়াৰ সময়ত নেটৱৰ্কৰ সমস্যা হয়, তেন্তে জিঅ' টেগ গ্রুপ ফটো উঠি হোৱাটছএপত দিব লাগিব। মহানগৰীৰ সকলো এল পি স্কুল ২.০৫ বজালৈ খোলা থাকিব লাগিব। সকলো এম ই আৰু এম ভি স্কুল খোলা থাকিব লাগিব ৩.২৫ বজালৈ। সকলো হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় খোলা থাকিব লাগিব ৩.২৫ বজালৈ। সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল শাখাতো পাঠদান কৰিব লাগিব। প্রতিখন বিদ্যালয়ৰ অনা শিক্ষক-কর্মচাৰীয়ে ১০ বজাৰ পূর্বে বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু আবেলি ৪.৩০ বজালৈ বিদ্যালয়ত উপস্থিত থাকিব লাগিব।