মহাৰাষ্ট্ৰৰ গাঁৱৰ কৃষকৰ পুত্ৰই দখল কৰিলে JEE মেইনছত অল ইণ্ডিয়া ৰেংক-১

Story by  atv | Posted by  [email protected] • 10 d ago
মহাৰাষ্ট্ৰৰ গাঁৱৰ কৃষকৰ পুত্ৰ JEE মেইনছত অল ইণ্ডিয়া ৰেংক ১
মহাৰাষ্ট্ৰৰ গাঁৱৰ কৃষকৰ পুত্ৰ JEE মেইনছত অল ইণ্ডিয়া ৰেংক ১
 
মহাৰাষ্ট্ৰ
 
বিগত দুবছৰৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে মহাৰাষ্ট্ৰৰ ৱাছিম জিলাৰ এগৰাকী কৃষকৰ পুত্ৰ নীলকৃষ্ণ গাজাৰেই যুটীয়া প্ৰৱেশ পৰীক্ষাৰ(JEE) মেইনছত সৰ্বভাৰতীয় প্ৰথম ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে।
 
 
ৱাছিমৰ এখন দুৰ্গম গাঁও বেলখেডৰ বাসিন্দা নীলকৃষ্ণই কঠোৰ সময়সূচী অনুসৰণ কৰিছিল। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰতিদিনে ১০ ঘণ্টাৰো অধিক সময় অধ্যয়ন কৰিছিল।
 
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত JEE মেইনছৰ ফলাফল ঘোষণা কৰা হয়।
 
সংবাদ মাধ্যমৰ আগত নীলকৃষ্ণৰ পিতৃ নিৰ্মল গজাৰে কয় যে পুত্ৰৰ সফলতাক লৈ তেওঁৰ সুখ প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই।
 
নীলকৃষ্ণই প্ৰাথমিক বিদ্যালয় আকোলাৰ ৰাজেশ্বৰ কনভেণ্ট আৰু ৱাছিমৰ কৰঞ্জা লাডৰ জে চি হাইস্কুলত সম্পূৰ্ণ কৰিছিল আৰু সেই সময়ত পেহীয়েকৰ  লগত থাকি অধ্যয়ন কৰিছিল বুলি পিতৃয়ে কয়। 
 
নিৰ্মল গজাৰে কয় যে নীলকৃষ্ণ এজন মেধাৱী ছাত্ৰ আৰু ক্ৰীড়াতো ভাল আছিল। তেওঁ জিলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ধনুৰ্বিদ্যাত অংশগ্ৰহণ কৰিছিল।
 
বৰ্তমান শ্ৰী জ্ঞানেশ্বৰ মাস্কুজী বুৰুংগেলে বিজ্ঞান আৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে।
 
নীলকৃষ্ণই পুৱা ৪ বজাত টোপনিৰ পৰা উঠে দুঘণ্টা পঢ়ে, লগতে, প্ৰানায়ম কৰে আৰু পুনৰ পুৱা ৮.৩০ বজাৰ পৰা পঢ়া-শুনা আৰম্ভ কৰে আৰু নিশা ১০ বজাৰ ভিতৰত টোপনি মাৰে বুলি গজাৰে কয়।
 
পুত্ৰৰ সফলতাৰ বিষয়ে পিতৃ গজাৰে কয় যে, "মই বিচাৰিছিলো যে সি পঢ়া-শুনা আৰু জীৱনত ভাল ফলাফল দেখুৱাওক আৰু তাক প্ৰেৰণা দিছিলো। মই বিচাৰো যে সি এনেকুৱা কাম লাভ কৰক যিবোৰ মই কেতিয়াও কৰিব পৰা নাই।"
 
নীলকৃষ্ণই আই আই টি বম্বেত অধ্যয়ন কৰিব বিচাৰে আৰু বিজ্ঞানী হোৱাৰ সপোন দেখে।