গুৱাহাটী
ইতিহাস সৃষ্টি কৰি, দৃষ্টিহীনসকলৰ বাবে আশাৰ নতুন জ্যোতি হৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষে গঢ়িলে বিশ্ব ৰেকৰ্ড। বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্ৰেইল অভিধান গীনিজ বুক অব্ ৰেকৰ্ডছে অনন্য এই অভিধানখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে।
উল্লেখ্য যে যোৱা ২০২২বৰ্ষৰ ১৬ ছেপ্টেম্বৰত এই অভিধানখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিচত একেটা বৰ্ষৰে ২১ ছেপ্টেম্বৰত দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন দ্বিভাষিক পূর্ণাংগ অভিধান প্রধানমন্ত্রীক অৰ্পণ কৰিছিল সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী, অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।
নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত এক সৌহার্দ্যমূলক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্বৰবৰ্ণ পৰ্বৰ ৫টা খণ্ড অৰ্পণ কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত। জয়ন্ত বৰুৱাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষৰ অসমৰ ভাষা- সাহিত্যলৈ অনবদ্য অবদান আৰু ব্ৰেইল সংস্কৰণ প্ৰকাশৰ আঁৰৰ ভিন্ন দিশৰ বিষয়ে প্রধানমন্ত্রীক অবগত কৰিছিল।
প্ৰধানমন্ত্রী নৰেন্দ্র মোডীয়ে হেমকোষৰ ব্ৰেইল সংস্কৰণ হাতত লৈ আনন্দিত হোৱাই নহয়, দৃষ্টিহীনসকলৰ শিক্ষা-ভবিষ্যতৰ বাবে নতুন দুৱাৰ মুকলি কৰি দিয়া জয়ন্ত বৰুৱাক প্রশংসা কৰাৰ লগতে কৈছিল যে আজিকালি দ্বিতীয় প্রজন্মই সাধাৰণতে পূর্বছৰ কাম-কাজক পাহৰি যায়। পূৰ্বভাৰ কৃতিক যুগমীয়া কৰাৰ ক্ষেত্ৰত পিঠি দিয়ে। কিন্তু জয়ন্ত বৰুৱাৰ পৰিয়ালে ঊনবিংশ শতিকাতে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ উন্নয়নৰ বাবে দি থৈ যোৱা সৃষ্টিৰাজিক অমৰ কৰাৰ ক্ষেত্ৰত আজিও নিবচ্ছিন্ন কাম কৰি গৈছে। এই অভিধানে সমাজৰ হিত সাধন কৰাই নহয়, 'ভাষা-সাহিত্যৰ ইতিহাসতো এয়া মহৎ কার্য হিচাপে চিহ্নিত হৈ ৰ'ব।
উল্লেখযোগ্য যে ২০ মিনিটতকৈ অধিক সময় ধৰি প্ৰধানমন্ত্ৰীৰে আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰী শর্মা, কেন্দ্রীয় মন্ত্রী সোণোৱাল, জয়ন্ত বৰুৱা, তেওঁৰ পত্নী ৰুবী বৰুৱা আৰু ভগ্নী অজন্তা গোস্বামী। ইয়াৰ পিচত প্রধানমন্ত্ৰীয়ে টুইটাৰৰ জৰিয়তেও হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰশংসা কৰি কৈছিল, "ঊনবিংশ শতিকাৰ অসমীয়া অভিধানসমূহৰ অন্যতম "হেমকোষৰ ব্ৰেইল সংস্কৰণৰ এটা প্ৰতিলিপি পাই আনন্দিত হৈছো। ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে শ্ৰীযুত জয়ন্ত বৰুৱা আৰু তেওঁৰ দলক এই প্ৰচেষ্টাৰ বাবে মই প্রশংসা জনাইছো।"
উল্লেখযোগ্য যে, জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণ বিভিন্ন শিক্ষানুষ্ঠানক সম্পূর্ণ বিনামূলীয়াকৈ বিতৰণ কৰিছিল। এইবোৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, মৰাণ অন্ধ বিদ্যালয়, যোৰহাট অন্ধ বিদ্যালয়, নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ অন্ধ বিদ্যালয়, বিহপুৰীয়া অন্ধ বিদ্যালয়, গুৱাহাটীৰ সাতগাঁৱত থকা অন্ধ বিদ্যালয়, বশিষ্ঠত থকা চৰকাৰী অন্ধ বিদ্যালয় আছে। ইয়াৰ বাহিৰেও ৰাজ্যিক পুথিভঁৰালত অভিধানখন দিয়া হৈছিল। পৰৱৰ্তী সময়ত নেচনেল মিউজিয়ামতো হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আনকি উৰিষ্যা চৰকাৰেও তেওঁলোকৰ বাবে অভিধানখনৰ প্ৰতিলিপি বিচাৰিছে। হেমকোষ প্রতিষ্ঠানৰ তৰফৰ পৰা এই কাম শীঘ্ৰেই সম্পন্ন কৰা হ'ব।