গুৱাহাটী
হিন্দী ভাষা দেশজুৰি যোগাযোগৰ ভাষা হোৱা উচিত বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিভিন্ন ৰাজ্যৰ লোক পৰস্পৰৰ সৈতে হিন্দীতে কথা পতা উচিত। দেশৰ বেছিভাগ অঞ্চলত যোগাযোগৰ ভাষাৰূপে চলি থকা ইংৰাজীৰ বিকল্প হিচাপেহে হিন্দী ব্যৱহাৰত গুৰুত্ব দিব খোজা হৈছে, আঞ্চলিক ভাষাক হিন্দীয়ে কোনো ক্ষতি নকৰে।
সংসদীয় চৰকাৰী ভাষা কমিটীৰ ৩৭ সংখ্যক বৈঠকত শুকুৰবাৰে গৃহমন্ত্ৰী শ্বাহে কয়, "চৰকাৰ পৰিচালনাৰ সমস্ত কাম-কাজ যাতে হিন্দীত হয়, তাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে গুৰুত্ব দিছে। আঞ্চলিক ভাষাৰ শব্দ সংযোজনেৰে হিন্দীক অধিক নমনীয় আৰু গ্রহণযোগ্য কৰি তুলিব লাগে। সমগ্র দেশত এটা সংযোগী ভাষা প্ৰচলনৰ সময় আহি পৰিছে আৰু দেশক একেডাল সুতাৰে বন্ধাৰ ক্ষমতা হিন্দী ভাষাৰ আছে। ইয়াৰ বাবে সমগ্ৰ দেশতে নৱম শ্রেণী পর্যন্ত হিন্দীক বাধ্যতামূলক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে।"
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগত শ্বাহে কয়, "অঞ্চলটোত হিন্দী শিক্ষাৰ প্ৰসাৰৰ বাবে ৮ খন ৰাজ্যত ২২ হেজাৰ হিন্দী শিক্ষকক নিযুক্তি দিয়া হৈছে। উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জনজাতিসকলে নিজৰ ভাষাক দেৱনাগৰী লিপিত লিখাৰ পৰিপ্ৰেক্ষিতত এই ৰাজ্য কেইখনৰ চৰকাৰী কাম-কাজত হিন্দী ভাষাৰ ব্যৱহাৰ হব লাগে। ৰাজ্যকেইখনে ইতিমধ্যে হিন্দীক দশম শ্রেণী পর্যন্ত বাধ্যতামূলক বিষয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।"
কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত 'এক জাতি এক ভাষা নীতিত জোৰ দি কৈছিল যে ভিন্ন ভাষাৰ সমন্বিত দেশ ভাৰতত প্ৰতিটো ভাষাৰে পৃথক গুৰুত্ব আছে। কিন্তু বিশ্বৰ প্ৰেক্ষাপটত দেশ আৰু জাতিৰ পৰিচয় হিচাপে হিন্দী ভাষাত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছিল। এই নীতিত হিন্দীক ৰাষ্ট্ৰ ভাষা কৰাৰ কথাও কোৱা হৈছিল।
ইফালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সংসদত অসম তথা উত্তৰ পূর্বাঞ্চলত দশম শ্রেণী পর্যন্ত হিন্দী ভাষা শিক্ষা বাধ্যতামূলক কৰা হ'ব বুলি কৰা ঘোষণাত জাঙুৰ খাই উঠিছে ছাত্র মুক্তি সংগ্ৰাম সমিতি। জোৰ জবৰদস্তিভাৱে হিন্দী ভাষা জাপি দিলে মানি লোৱা নহ'ব বুলি সকীয়াই দি ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে।
এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সংগঠনটোৰ নেতৃবৰ্গই অভিযোগ কৰামতে কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু ৰাজ্যত হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিচৰে পৰা প্ৰতিদিনে অসমীয়া ভাষাক জলাঞ্জলি দিয়াৰ নীতি প্ৰৱৰ্তন কৰা দেখা গৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত নোহোৱা কৰাৰ পৰা আৰম্ভ কৰি অসমৰ স্কুল সমূহত বহিৰাগত হিন্দীভাষী প্রার্থীক চাকৰি প্ৰদান কৰালৈ সকলো ক্ষেত্রতে অসমীয়া ভাষা আৰু অসমীয়া যুৱক-যুৱতীক অৱহেলা কৰা হৈছে ।
ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি মানস কোঁৱৰ, দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, পাপু দত্ত, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা আৰু ৰাহুল চেত্ৰীয়ে কয় যে কোনো কাৰণতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত হিন্দী ভাষা জাপিবলৈ দিয়া নহ'ব। যি সময়ত কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতিৰ আধাৰত স্থানীয় ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে, সেই সময়ত আকৌ মাতৃভাষাক জলাঞ্জলি দি হিন্দী ভাষাৰ শিক্ষা প্ৰদান কৰাৰ দুমুখীয়া নীতি ছাত্র মুক্তি সংগ্রাম সমিতিয়ে কেতিয়াও মানি ল'ব নোৱাৰে।
সংগঠনটোৰ নেতৃবর্গই কয়, "অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ গিনিপিগ সজাই চৰকাৰী গৱেষণাৰ স্থল হিচাপে ব্যৱহাৰ কৰি আহিছে। যি সময়ত অসমৰ সকলো জাতীয় সংগঠনে অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাক বাধ্যতামূলক কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে, সেই সময়ত ষড়যন্ত্রমূলকভাৱে হিন্দী ভাষা জাপি দিয়াৰ কু-চক্রান্ত চলাই সমগ্ৰ অসমীয়া জাতিটোকে অপমান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত কোনোপধ্যে অসমত কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব আৰু ইয়াৰ বিৰুদ্ধে তীব্র আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব।"