গুৱাহাটী
আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰৰ মেট্ৰিক পৰীক্ষাত মুঠ ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৬৩.৯৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে ৬৭.৫৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।
এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১গৰাকী শিক্ষাৰ্থী, ইয়াৰ ভিতৰত ৫,৩৩৬গৰাকীয়ে ডিষ্টংছন লাভ কৰিছে, ১৬,৫১৭গৰাকীয়ে লাভ কৰিছে। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৩৫,৫৬৮গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৫,৮৬২গৰাকী।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত লাভ কৰিছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অমিশী শইকীয়াই। অমিশী শইকীয়াই মুঠ ৫৯১ নম্বৰ লাভ কৰিছে। দ্বিতীয় স্থানত আছে অসম জাতীয় বিদ্যালয়ৰ নুনমাটিৰ সপ্তৰ্শ বৰদলৈ। সপ্তৰ্শ বৰদলৈয়ে লাভ কৰিছে মুঠ ৫৯০ নম্বৰ আৰু তৃতীয় স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমীৰ অনিৰ্বাণ বৰগোহাঁই। অনিৰ্বাণে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ।
সকলো পৰীক্ষাৰ্থীয়ে ফলাফল ঘোষণা কৰা ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব ডিজিটেল মাৰ্কশ্বীট। ডিজিটেল মাৰ্কশ্বীট ডাউনলোড কৰিবলৈ শিক্ষাৰ্থীয়ে ৱেবছাইটত ROLL আৰু NO দাখিল কৰিব লাগিব। ইয়াৰ পিছতে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট।
এইবাৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত ৪,২২,৭৩৭ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৮৭,৭৫২ জন ছাত্ৰ, ২,৩৪,৯৮৫ গৰাকী ছাত্ৰী। বিগত বৰ্ষতকৈ ৪৮,১৪২গৰাকী ছাত্ৰী বৃদ্ধি হৈছিল। বিগত বৰ্ষতকৈ ৩১টা পৰীক্ষা কেন্দ্ৰও বৃদ্ধি কৰা হৈছিল ৰাজ্যত। বিগত বৰ্ষতকৈ ৮,৭২০ পৰীক্ষাৰ্থী বৃদ্ধি। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল পৰীক্ষা।