১ এপ্ৰিলৰপৰা আৰম্ভ হ'ব নতুন শিক্ষাবর্ষ; শৈক্ষিক দিনপঞ্জী প্ৰকাশ ছেৱাৰ

Story by  atv | Posted by  [email protected] • 29 d ago
শৈক্ষিক দিনপঞ্জী প্ৰকাশ ছেৱাৰ
শৈক্ষিক দিনপঞ্জী প্ৰকাশ ছেৱাৰ
 
গুৱাহাটী
 
অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) আজি ২০২৪-২৫ শিক্ষা বৰ্ষৰ বাবে শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰিছে। অহা ১ এপ্ৰিলৰপৰা আৰম্ভ হ'ব নতুন শিক্ষাবর্ষ। ছেবাৰ শৈক্ষিক দিনপঞ্জী অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিনৰ সংখ্যা ২৫৪। ২০২৪-২৫ বর্ষত বন্ধৰ তালিকাত আছে ১১১ দিন। 
 
 
আনহাতে, ছেবাই প্ৰকাশ কৰা জাননী অনুসৰি, ২০২৪-২৫ বৰ্ষৰপৰা নৱম শ্ৰেণীৰ বাবে 'কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিক্স' শীর্ষক নতুন ঐচ্ছিক বিষয় আৰম্ভ কৰিব। ২০২৫-২৬ৰপৰা এইটো দশম শ্ৰেণীৰো ঐচ্ছিক বিষয় হ'ব। 
 
এইটো বিষয়ৰ কিতাপ মুকলি বজাৰৰপৰা ক্ৰয় কৰাৰ উপৰি ছেবাৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব শিক্ষাৰ্থীসকলে। ছেবাই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত সকলো ব্যৱহাৰিক পাঠদান সমাপ্ত হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে জুলাই মাহত গৰম বন্ধৰ সময়ছোৱাত কৰিবলৈও দিনপঞ্জীৰ জৰিয়তে কাম দিছে ছেবাই। 
 
সেই অনুসৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কৰিবলগীয়া যিকোনো এটা কামৰ ভিতৰত আছে নিজৰ অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ নামৰ এখন তালিকা (বৈজ্ঞানিক নামসহ) প্ৰস্তুত কৰা, ঐতিহাসিক-সামাজিক-সাংস্কৃতিক গুৰুত্ব থকা যিকোনো অঞ্চল ভ্ৰমণ কৰি তাৰ গুৰুত্ব, তাৎপৰ্যৰ বিষয়ে প্রতিবেদন প্ৰস্তুত কৰা, অন্ততঃ দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ অধ্যয়ন কৰি গ্ৰন্থ দুখনৰ বিষয়ে টোকা প্ৰস্তুত কৰা, নিজৰ অঞ্চলটো কিয় গুৰুত্বপূর্ণ সেই বিষয়ে বাতৰি কাকতলৈ লেখা প্ৰেৰণ কৰা আদি। 
 
দশম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলক প্রতিটো বিষয়ৰ একোখনকৈ প্রশ্নকাকত শিক্ষকসকলে যোগান ধৰিব। তেওঁলোকে অভিভাৱকৰ তত্ত্বাৱধানত পৰীক্ষাগৃহত পৰীক্ষা দিয়াৰ দৰে সেই প্ৰশ্নকাকতৰ উত্তৰ লিখিব আৰু গৰম বন্ধ খোলাৰ পাছত অভিভাৱকসকলে শিক্ষকসকলৰ হাতত জমা দিব।