ৰিক্সাচালকৰ জীয়ৰী শ্বামা পাৰবীনৰ বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত গণিত বিভাগত সোণৰ পদক অৰ্জন

Story by  atv | Posted by  Munni Begum • 1 Years ago
B.Sc পাঠ্যক্ৰমত গণিতৰ শীৰ্ষস্থান দখল কৰাৰ বাবে সোণৰ পদক লাভ কৰাৰ শ্বামা পাৰবীনৰ সৈতে তেওঁৰ পিতৃ য়ানুন খান আৰু  আত্মীয়
B.Sc পাঠ্যক্ৰমত গণিতৰ শীৰ্ষস্থান দখল কৰাৰ বাবে সোণৰ পদক লাভ কৰাৰ শ্বামা পাৰবীনৰ সৈতে তেওঁৰ পিতৃ য়ানুন খান আৰু আত্মীয়
 
ওনিকা মহেশ্বৰী / নতুন দিল্লী
 
যেতিয়া ৰাজ্যপাল আনন্দীবেনে সমাৱৰ্তন অনুষ্ঠানত বি এছচি গণিতত বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থান প্ৰাপক শ্বামা পাৰবীনক সোণৰ পদক প্ৰদান কৰিছিল, তেতিয়া শ্বামা পাৰবীনৰ দুগালেৰে দুধাৰি  চকুলো নিগৰিছিল। আৰ্থিক আৰু ব্যক্তিগত দুয়ো ক্ষেত্ৰত সন্মূখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান নেউচি লাভ কৰা সাফল্যৰ বাবে বৈ যোৱা এই চকুলো আছিল আনন্দ আৰু কৃতজ্ঞতাৰ চিন।
 
শ্বামা উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ বাসিন্দা আৰু তেওঁ চূড়ান্ত পৰীক্ষাত বিষয়টোত ৮৯.৮০% নম্বৰ ৰ সৈতে মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ত বি এছচি গণিতত শীৰ্ষস্থান দখল কৰিছে।
 
শ্বামা পাৰবীনে তেওঁৰ কঠিন জীৱনৰ স্মৃতিত আৱেগিক হৈ কৈছিল যে, তেওঁ এজন ৰিক্সাচালকৰ ছোৱালী।  তেওঁৰ পিতৃৰ সামান্য উপাৰ্জনেৰে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছে।  
 
অৱশ্যে, তেওঁৰ  পিতৃ য়ুনুন খানে তেওঁৰ কন্যা শ্বামা পাৰবীনক স্কুল আৰু পিছত কলেজলৈ যোৱাটো নিশ্চিত কৰিছিল আৰু  শ্বামাইও তেওঁক নিৰাশ কৰা নাছিল। 
 
শ্বামা পাৰবীনে কয় যে দেউতাকে তাইক   সৎ আৰু নিষ্ঠাৰে কাম কৰিবলৈ শিকাইছিল। স্থানীয় সংবাদ মাধ্যমৰ আগত  শ্বামাই কয়, “মোৰ মাচুল দিবলৈ ধন সংগ্ৰহ কৰিবলৈ তেওঁ নিজৰ বস্তুবোৰ বন্ধকত ৰাখিছিল। দেউতাই মোৰ ওপৰত বহুত আশা আছিল। আজি তেওঁৰ আশা পূৰণ কৰিবলৈ মই সক্ষম হৈছো।"
 
শ্বামাৰ পিতৃ য়ুনুন খানে কয় যে শ্বামাৰ বয়স এবছৰ হোৱাৰ পিছত হঠাতে শ্বামাৰ এটা চকুৰ দৃষ্টিশক্তি ম্লান হ’বলৈ আৰম্ভ কৰিছিল আৰু ডাঙৰ হোৱাৰ লগে লগে দৃষ্টিশক্তি কমি আহিছিল। তেওঁ কয় যে ওচৰ-চুবুৰীয়া আৰু আত্মীয়ই তেওঁৰ ছোৱালীক ঠাট্টা কৰিছিল আৰু শ্বামাক লৈ অদাতব্য মন্তব্য কৰিছিল।
 
শ্বামা পাৰবীন
 
য়ুনুন খানে কয়, "মই কেতিয়াও তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়া নাছিলো আৰু লগতে মোৰ ছোৱালীকো একে কাম কৰিবলৈ শিকাইছিলো। ইয়াৰ বিপৰীতে মই শ্বামাক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিছিলো।" 
 
শ্বামাই ভাল নম্বৰেৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল। শ্বামাই চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ মীৰুটত বি এছ চি গণিতত নামভৰ্তি লাভ কৰিছিল।
 
শ্বামাৰ পিতৃয়ে  শ্বামাক সহায় কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰিছিল আৰু শ্বামাৰ সফলতাই আছিল য়ুনুন  খনে কন্যাৰ বাবে আৰম্ভ কৰা অভিযানৰ এক সুন্দৰ পৰিণতি।
 
জিলা পৰ্যায়ৰ পৰীক্ষাত বহুবাৰ শীৰ্ষস্থান দখল কৰিছে শ্বামা পাৰবীনে। শ্বামা এতিয়া আই এ এছ অফিচাৰ হ’ব বিচাৰিছে।
 
অৱশ্যে ভাতৃ-ভগ্নীৰ ভিতৰত জ্যেষ্ঠ হোৱাৰ বাবে শ্বামাই কয় যে বৰ্তমান তাই দেউতাকক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে কাৰণ তাই নিজৰ ভাতৃ-ভগ্নীৰ প্ৰতি দায়িত্বশীল অনুভৱ কৰে।
 
শ্বামাই কয় যে প্ৰতিজন অভিভাৱকে নিজৰ কন্যা সন্তানক উচ্চ শিক্ষা গ্ৰহন কৰাৰ ব্যৱস্থা কৰি দিব লাগে। শিক্ষাই একমাত্ৰ অস্ত্ৰ যিয়ে মানুহক সন্মানেৰে জীৱনটো জীয়াই তুলিব পাৰে।