দিল্লী বিশ্ববিদ্যালয়ৰ এম আই এলত অসমীয়া আৰু বড়ো ভাষা অধ্যয়ন বাধ্যতামূলক

Story by  atv | Posted by  Munni Begum • 1 Years ago
দিল্লী বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয়
 
নতুন দিল্লী 
 
দিল্লী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বাধ্যতামূলক কৰা হৈছে সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃত ভাষাসমূহ। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা পাঠ্যক্ৰমত সংবিধান স্বীকৃত ২২ টা ভাৰতীয় ভাষাৰ ক্ষমতা বৃদ্ধি পাঠ্যক্ৰমত আধুনিক ভাৰতীয় ভাষাসমূহৰ যিকোনো এটা ভাষাত শিক্ষা লোৱাটো বাধ্যতামূলক কৰিছে দিল্লী বিশ্ববিদ্যালয়ে। 
 
অসমৰ অসমীয়া আৰু বড়ো ভাষাৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষমতা বৃদ্ধি পাঠ্যক্ৰমত অসমীয়া আৰু বড়ো পঢ়িবলৈ সুযোগ পাব। নতুন শিক্ষা নীতি অনুসৰি এইক্ষেত্ৰত ভাৰতৰ আটাইবোৰ বিশ্ববিদ্যালয়ৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়ে সর্বপ্রথম এই পদক্ষেপ হাতত লৈছে আৰু আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগে প্ৰথমবাৰৰ বাবে ১৮ টা ভাৰতীয় ভাষাত পাঠদান কৰিবলৈ সাজু হৈছে। 
 
হিন্দী, সংস্কৃত, উর্দু আৰু পাঞ্জাবী ভাষাৰ নিজা বিভাগ আছে বাবে এই ভাষাসমূহৰ শিক্ষাদান দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত হ'ব। দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপিকা মিতালী বৰ্মনে দিল্লী বিশ্ববিদ্যালয়ে গ্রহণ কৰা এই পদক্ষেপক আদৰণি জনায় আৰু বিভাগৰ ন'ডেল অফিচাৰ হিচাপে কয় যে এই ক্ষমতা বৃদ্ধি পাঠ্যক্রমে ছাত্র-ছাত্রীসকলক বহু উপকাৰ কৰিব।