তামিলনাডুৰ ৰাজ্যপালৰ ছাত্ৰ-ছাত্ৰীক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কোৱাত বিতৰ্কৰ সূত্ৰপাত

Story by  atv | Posted by   Imtiaz Ahmed • 11 d ago
আৰ এন ৰবি
আৰ এন ৰবি
চেন্নাই

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে মাদুৰাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত এক অনুষ্ঠানত ভাষণ দি ছাত্ৰ-ছাত্ৰীক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। কম্বা ৰামায়ণ ৰচনা কৰা এগৰাকী প্ৰাচীন কবিক সন্মান জনোৱাৰ উপায় হিচাপে ছাত্ৰ-ছাত্ৰীক এই আহ্বান জনোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে ধ্বনি আওৰাই থকা শুনাত তেওঁ কয় যে, "আজিৰ দিনটোত শ্ৰীৰামৰ মহান ভক্তজনক শ্ৰদ্ধাঞ্জলি জনাওঁ। মই ক’ম আৰু আপুনিও ক’ব জয় শ্ৰী ৰাম।"

ৰাজ্যপাল ৰৱিৰ এই মন্তব্য শাসকীয় ডি এম কেৰ ভাল নালাগিল, যিয়ে তেওঁক আৰ এছ এছৰ মুখপাত্ৰ বুলি অভিহিত কৰে।

ডি এম কেৰ মুখপাত্ৰ ধৰণিধৰণে কয় যে, "এয়া দেশৰ ধৰ্মনিৰপেক্ষ মূল্যবোধৰ বিৰুদ্ধে। ৰাজ্যপালগৰাকীয়ে কিয় বাৰে বাৰে সংবিধান উলংঘা কৰিব বিচাৰে। তেওঁ এতিয়াও কিয় পদত্যাগ কৰা নাই? তেওঁ আৰ এছ এছৰ মুখপাত্ৰ। আমি জানো যে তেওঁ কেনেকৈ দেশৰ ফেডাৰেল নীতি উলংঘা কৰিলে আৰু উচ্চতম ন্যায়ালয়ে তেওঁক কেনেকৈ নিজৰ স্থান দেখুৱাইছে।"
ইফালে কংগ্ৰেছৰ বিধায়ক আছান মৌলানাই ৰাজ্যপাল ৰবিক জয় শ্ৰী ৰাম ধ্বনিৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ এজন ধৰ্মীয় নেতাৰ দৰে “ধৰ্মীয় মতাদৰ্শৰ প্ৰচাৰ কৰিছে”।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "তেওঁ এই দেশৰ অন্যতম উচ্চ পদত আছে। তেওঁ এজন ধৰ্মীয় নেতাৰ দৰে কথা কৈছে, যিয়ে এই দেশলৈ অশান্তি কঢ়িয়াই আনিছে। ভাৰতত বৈচিত্ৰ্যপূৰ্ণ ধৰ্ম, বৈচিত্ৰ্যপূৰ্ণ ভাষা আৰু বৈচিত্ৰ্যপূৰ্ণ সম্প্ৰদায় আছে। ৰাজ্যপালে ছাত্ৰ-ছাত্ৰীসকলক জয় শ্ৰী ৰাম ধ্বনি দিবলৈ কৈছে। ই বৈষম্যক প্ৰসাৰিত কৰিছে।"
"এই কাৰ্য্যই কিছু ধৰ্মীয় মতাদৰ্শৰ প্ৰচাৰ কৰিছে, যিটো ৰাজ্যপালে কৰিব নালাগিছিল। তেওঁ আৰ এছ এছ আৰু বিজেপিৰ অপপ্ৰচাৰৰ মাষ্টৰ হৈ পৰিছে।"

ৰাজ্য বিধানসভাই গৃহীত কৰা ১০খন বিধেয়ক ৰখাই থোৱাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায়দানত “অবৈধ” বুলি ঘোষণা কৰি উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ ৰাজ্যপালগৰাকীক চোঁচৰাই অনাৰ কিছুদিন পিছতে এই বিতৰ্কৰ সৃষ্টি হয়।

শীৰ্ষ আদালতে ঘোষণা কৰে যে ৰাজ্যপালসকলে বিধেয়কসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত অনিৰ্দিষ্টকাললৈ বিলম্ব কৰিব নোৱাৰে, এনে নিষ্ক্ৰিয়তাক অসাংবিধানিক বুলি অভিহিত কৰে। এই ৰায়দানৰ জৰিয়তে ৰাজ্যপাল ৰৱিৰ সৈতে তৰ্কযুদ্ধ চলি থকা ডি এম কে চৰকাৰৰ বাবে এক উল্লেখযোগ্য বিজয়।