শিক্ষকতা কেৱল এক বৃত্তি নহয়, ই সু-নাগৰিক গঢ়া কাৰিকৰঃ কৃতি শিক্ষক মাইনুল হক চৌধুৰী

Story by  atv | Posted by  Munni Begum • 1 Years ago
শিক্ষক দিৱসৰ এক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰিছে কৃতি শিক্ষক মাইনুল হক চৌধুৰী
শিক্ষক দিৱসৰ এক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰিছে কৃতি শিক্ষক মাইনুল হক চৌধুৰী
 
চাইজুৰ ৰহমান / বৰপেটা
 
মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এগৰাকী শিক্ষকৰ ভূমিকা অপৰিসীম। শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলিও কোৱা হয়। তেনে এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰ হৈছে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ হৰিপুৰ গাঁও নিবাসী কৃতি শিক্ষক মাইনুল হক চৌধুৰী। শিক্ষাদানেৰে বহৰি অঞ্চলত মানৱ সম্পদ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা শিক্ষক মাইনুল হক চৌধুৰীক ২০২১ বৰ্ষৰ শিক্ষক দিৱসৰ দিনা বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে জিলা কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছিল।
 
তদানীন্তন বৰপেটা জিলা উপায়ুক্ত তেজপ্ৰসাদ ভুষালৰ পৌৰহিত্যত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত আছিল শিক্ষা বিভাগৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতি, বি এইচ কলেজৰ অধ্যক্ষ ডঃ ভুষণ চন্দ্ৰ পাঠক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
 
শিক্ষক দিৱস উপলক্ষে এই কৃতী শিক্ষকজনৰ সৈতে আৱাজ-দ্য ভইচ অসম-এ গ্ৰহণ কৰা সাক্ষাত্‍কাৰৰ লিখিত ৰূপ আগবঢ়োৱা হ'লঃ
 
কৃতি শিক্ষক মাইনুল হক চৌধুৰী শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
 
প্ৰশ্নঃ আপুনি কেতিয়াৰ পৰা শিক্ষকতা কৰি আহিছে আৰু কোন কোন বিদ্যালয়ত আপুনি শিক্ষকতা কৰিছে ?
 
উত্তৰ: মই ১৯৯৩ চনৰ ২৪ চেপ্তম্বৰৰ পৰা বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত গোমাফুলবাৰী এমই মাদ্ৰাছাত শিক্ষকতা কৰি আহিছোঁ। শিক্ষকতাৰ বৃত্তিত যোগদান কৰাৰ দিনৰে পৰা মই সেই একেখন বিদ্যালয়তে বিগত ৩০ বছৰে শিক্ষকতাৰ সেৱা আগবঢ়াই অহাৰ সুযোগ লাভ কৰিছিলোঁ। অৱশ্যে যোৱা এক মাহ ধৰি আমাৰ বিদ্যালয়খন ১৯৪২ চনত স্থাপিত গোমাফুলবাৰী হাইস্কুলৰ লগত সংলগ্ন ( amalgamation) হোৱাত এতিয়া এমাহ ধৰি মই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৈ আছো।
 
প্ৰশ্নঃ শিক্ষক বৃত্তিটোক আপুনি কেনেদৰে চায় ? শিক্ষকতা আৰু বেলেগ বৃত্তিৰ মাজত পাৰ্থক্য থকা বুলি আপুনি ভাবে নেকি?
 
উত্তৰ: হয়, শিক্ষকতাৰ বৃত্তিটোক মই জাতি এটা নিৰ্মাণৰ উদ্দেশ্যে কৰা এক পবিত্ৰ সেৱা বুলি ভাবোঁ। এনে পবিত্ৰ সেৱা কৰাৰ সৌভাগ্য সকলোৰে নহয়। শিক্ষকতাৰ দৰে বৃত্তিত সেৱা কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি ভাবোঁ। মানুহ নিৰ্মাণৰ দৰে এক পবিত্ৰ বৃত্তিত সেৱা কৰিবলৈ সুযোগ দিয়া বাবে ঈশ্বৰৰ প্ৰতিও মই কৃতজ্ঞ হৈ থাকিম। 
 
নিশ্চয়, পৃথিৱীৰ আন সকলো বৃত্তিতকৈ শিক্ষকতাৰ বৃত্তিটো ভিন্ন। এই বৃত্তিৰ সৈতে আন কোনো বৃত্তিৰ লগত তুলনা নহয়। কাৰণ শিক্ষকতাৰ বৃত্তিটো মানুহ নিৰ্মাণৰ সৈতে জড়িত। ভাল মানুহ নিৰ্মাণ নহ'লে ভাল জাতি নিৰ্মাণ  নহয়। ভাল জাতি এটা নিৰ্মাণৰ গুৰু  দায়িত্বত থাকে এই মহান শিক্ষকসকল। সেয়ে শিক্ষকতাৰ বৃত্তিটো ইমানে মহান , নমস্য আৰু  গুৰুত্বপূৰ্ণ যে শিক্ষকৰ ওচৰত সকলোৱে শিৰ নত কৰিবলৈ বাধ্য। কাৰণ পৃথিৱীৰ সকলো মানুহেই এই শিক্ষকৰ পৰাই জীৱনৰ আদিপাঠ গ্ৰহণ কৰে। শিক্ষকৰ ওচৰলৈ নোযোৱাকৈ মানুহৰ হাতত প্ৰকৃত মানুহ হোৱাৰ  কোনো বিকল্প নাই বুলি মই ভাবো। সেয়ে, শিক্ষকসকল অনন্য আৰু এই বৃত্তিৰ  সৈতে কাৰোৰে তুলনা নহয়।
 
প্ৰশ্নঃ আপুনি নিশ্চয় বিশ্বাস কৰে যে শিক্ষকতা কেবল মাহৰ শেষত দৰমহা লোৱা এটা বৃত্তি নহয়, ই হৈছে দেশৰ ভবিষ্যত মানৱ সম্পদ গঢ়া বৃত্তি। আপোনাৰ মতামত কি?
 
উত্তৰ: শিক্ষকতাক বৃত্তি বুলি নধৰি, ইয়াক মানুহ নিৰ্মাণৰ কাৰিকৰ বুলি ক'লে, ইয়াৰ  উপযুক্ত অৰ্থ বহন কৰে। শিক্ষকতাৰ বৃত্তিত শিক্ষক, ছাত্ৰ আৰু শিক্ষানুষ্ঠানৰ এক আত্মাৰ সম্পৰ্ক জড়িত থাকে। শিক্ষক-ছাত্ৰ আৰু  শিক্ষানুষ্ঠানৰ মাজত আত্মা জড়িত নহ'লেই, শিক্ষকতাৰ বৃত্তিটো মাহেকৰ শেষত দৰমহা লোৱা বৃত্তিলৈ ৰূপান্তৰ হয়। এনে ৰূপান্তৰে শিক্ষক-ছাত্ৰ আৰু  বিদ্যালয়ৰ সম্পৰ্কৰ আত্মাক হত্যা কৰে আৰু মানৱ সম্পদ নিৰ্মাণত শিক্ষক বিফল হয়। 
 
শিক্ষক দিৱসৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিছে কৃতি শিক্ষক মইনুল হক চৌধুৰীয়ে
 
মোৰ মতে শিক্ষক-ছাত্ৰ আৰু বিদ্যালয়ৰ মাজত থকা আত্মাই ছাত্ৰ আৰু শিক্ষকক বিদ্যালয়লৈ টানি আনে। আৰু তেনে আত্মা জড়িত শিক্ষকৰ বিদ্যালয়ত ছাত্ৰ মানৱ সম্পদ হিচাপে গঢ় লয়। মই মোৰ শ্ৰেণীকোঠাত কিতাপৰ বিষয়বস্তুৰ সৈতে সমাজক জড়িত কৰাই ছাত্ৰ-ছাত্ৰীক সমস্যাৰ বাস্তবতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ যত্ন লও। প্ৰত্যেক ছাত্ৰ -ছাত্ৰীয়ে ভোগ কৰি অহা বা দেখি অহা ৰূঢ় বাস্তবতাৰ সৈতে শ্ৰেণীকোঠাত শিক্ষকৰ আলোচনাই গুৰুত্ব পালে গম নোপোৱাকৈয়ে ছাত্ৰ -শিক্ষকৰ মাজত আত্মাৰ সম্পৰ্ক গঢ়ি উঠে। এনে গভীৰ আত্মাৰ সম্পৰ্কত মানৱ সম্পদ সৃষ্টিত সফল হয়।
 
প্ৰশ্নঃ আপোনাক ২০২১ চনত কৃতী শিক্ষকৰ বঁটা দিয়া হৈছিল, গতিকে আমি ভাবো যে আপুনি এজন সাধাৰণ শিক্ষক নহয়। এই ক্ষেত্ৰত আপুনি কি ক'ব?
 
উত্তৰঃ  হয়, ২০২১ চনত বৰপেটা জিলা প্ৰশাসনে মোক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰিছিল। অগতানুগতিক শিক্ষক হিচাবে মোক শিক্ষক বঁটা দিছে যদিও, মই তাক ভালকৈ নাজানিম। তাক ভালদৰে জানিব মোৰ ছাত্ৰ -ছাত্ৰী, অভিভাবক, স্থানীয় ৰাইজ আৰু শিক্ষা বিভাগে। অৱশ্যে উক্ত কৃতী শিক্ষকৰ বঁটাটোৱে মোক আগতকৈ বেছি দায়িত্বশীল কৰি তুলিছিল। তিনিটা শ্ৰেণী থকা গোমাফুলবাৰী এম.ই মাদ্ৰাছাখনত ২০২০ চনত মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ সময়ত ১২৫ গৰাকী ছাত্ৰ -ছাত্ৰী আছিল। ২০২২ চনত এই সংখ্যা ২২০ জনলৈ বৃদ্ধি পাইছিল। বিদ্যালয়ৰ সামগ্ৰিক আন্তগাঁথনিয়ে নতুন ৰূপ লৈছিল। পাঠদানত শিক্ষক-শিক্ষয়িত্ৰীৰ অংশ গ্ৰহণ ইতিবাচক আছিল। বিদ্যালয়ৰ পৰিবেশ, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম,ছাত্ৰ -ছাত্ৰীৰ স্কলাৰশ্বিপ, পাঠদান, পৰীক্ষা ব্যবস্থা আৰু  গুণোৎসৱৰ ফলাফল সকলোতে পৰিবৰ্তন অনাত যত্নৰ ত্ৰুটি কৰা নাছিলোঁ।
 
প্ৰশ্নঃ আপুনি ভাবে নেকি চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে। যদি হৈছে ইয়াক কেনেদৰে অন্ত কৰিব পাৰি?
 
উত্তৰ: শিক্ষক সমাজৰ বাবে কিছু অপ্ৰিয় হ'লেও কথাটো কিন্তু সঁচা যে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড নিম্নগামী হৈছে। তাকে ন'হলে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস নাপালেহেঁতেন। তদুপৰি ইমানবোৰ বিদ্যালয় বন্ধ কৰি দি আন বিদ্যালয়ৰ লগত চামিলকৰণ বা সংলগ্নকৰণ কৰিবলৈ চৰকাৰে সুযোগ নাপালেহেঁতেন। 
 
অৱশ্যে নিম্ন মানদণ্ড হোৱা বিদ্যালয়ৰ বিপৰীতে আন বহুতো চৰকাৰী বিদ্যালয় আছে, যিবোৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে আজিও অভিভাৱকে দুই/তিনিদিন আগৰে পৰা শাৰী পাতি থাকিব লগাত পৰে। আন বহুতো বিদ্যালয়ত আবেদনৰ সংখ্যা বেছি হোৱা বাবে শিক্ষাৰ অধিকাৰ আইন ভাঙি হ'লেও বাছনি পৰীক্ষা পাতি নাম ভৰ্তি কৰাব লগাও হৈ আছে। 
 
এনে ক্ষেত্ৰত চৰকাৰী বিদ্যালয় নিম্ন মানদণ্ডলৈ গতি কৰাত চৰকাৰ আৰু বিয়াগোম শিক্ষা বিভাগ নিজেই মূলত জগৰীয়া। কাৰণ পূৰ্বৰ চৰকাৰসমুহৰ ভুল শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, দীৰ্ঘ দিনলৈ বিদ্যালয়বোৰত শিক্ষক নিযুক্তি নিদি বিদ্যালয়সমূহ শিক্ষকহীন কৰাৰ চৰকাৰৰ কু-চক্ৰান্ত আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ বিদ্যালয় পৰিদৰ্শন নকৰা আদি নেতিবাচক চিন্তাই চৰকাৰী বিদ্যালয়সমূহ দূৰ্বল কৰি পেলাইছে। ফলশ্ৰুতিত চৰকাৰী  বিদ্যালয়ৰ শিক্ষককে ধৰি আন সচেতন অভিভাবকসকলৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহ ভংগ হয়। সমান্তৰালভাবে তেওঁলোকৰ উদ্যোগতে সকলো ঠাইতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাঠফূলাৰ দৰে গঢ়ি উঠে। অৱশ্যে বিগত প্ৰায় এক দশক ধৰি চৰকাৰে বিদ্যালয়সমূহৰ আন্ত:গাঁথনিৰ উন্নয়নকে ধৰি শিক্ষক নিযুক্তিৰ আমূল পৰিবৰ্তন কৰিছে। মেধাৰ ভিত্তিত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।
 
শিক্ষক মইনুল হক চৌধুৰীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই থকা এক মূহুৰ্ত
 
জাতি এটাৰ শিক্ষাৰ এনে সংকট কালত আমি শিক্ষক সমাজ দেশ এখনৰ মেৰুদণ্ড হিচাপে জাতিটোৰ ভবিষ্যত প্ৰজন্মৰ শিক্ষাৰ বাট খোলা ৰাখিবলৈ চৰকাৰী বিদ্যালয়ক জীয়াই ৰখাৰ সংগ্ৰামত নামি পৰিব লাগিব। কাৰণ চৰকাৰী বিদ্যালয় এনেদৰে বন্ধ হৈ গৈ থাকিলে দেশৰ গৰিষ্ঠ সংখ্যাক দৰিদ্ৰ  শিশু বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব।
 
সেয়ে আগলৈ চৰকাৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি অব্যাহত ৰাখিব লাগিব। বিদ্যালয়ৰ আন্ত:গাঁথনি আৰু বেছি ধুনীয়া কৰিব লাগিব। শিক্ষা বিষয়াসকলক বিদ্যালয় পৰিদৰ্শন নিয়মীয়া কৰিবলৈ চৰকাৰ অধিক কঠিন হ'ব লাগিব। চহৰ-গাঁৱ-পাহাৰ-ভৈয়াম-চৰ আদি অঞ্চলৰ বিদ্যালয়ত ছাত্ৰ-শিক্ষকৰ অনুপাত সমান কৰিবলৈ rationalisationত চৰকাৰ অধিক কঠিন আৰু সম্পূৰ্ণ পক্ষপাতহীন হ'ব লাগিব।
 
প্ৰশ্নঃ শ্ৰেণীকোঠাৰ পাঠদান আপোনাৰ দৃষ্টিত ছাত্ৰ -ছাত্ৰীৰ বাবে কেনেদৰে আমোদজনক কৰি তুলিব পাৰি ?
 
উত্তৰ: পিতৃ-মাতৃৰ পিছতে আমি শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয়জন অভিভাৱক। তেনে এক পবিত্ৰ সম্পৰ্ক আৰু আত্মবিশ্বাসৰ ঠাই হ'ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। বিদ্যালয়ৰ শ্ৰেণীকোঠাত ধনী- দুখীয়া, জ্ঞানী-অজ্ঞানী সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰী থাকে। আমি শিক্ষকসকলে সকলোস্তৰৰ ছাত্ৰ-ছাত্ৰীকে সমদৃষ্টিৰে চাব পাৰিলেই শ্ৰেণীকোঠাৰ পাঠদান আমোদজনক হৈ উঠে। শিক্ষক বৃত্তিটোক আমি মানুহ গঢ়াৰ কাৰখানা হিচাপে ধৰি লৈ আমাৰ ভবিষ্যত প্ৰজন্মক নিৰ্মাণ কৰাৰ দায়িত্বত নিজকে আত্মনিয়োগ কৰি পাঠদান কৰিলেই শ্ৰেণীকোঠা বিৰক্তকৰ নহৈ আমোদজনক হৈ উঠে। দূৰ্বল/সবল সকলো ছাত্ৰ-ছাত্ৰীকে আমি শিক্ষকসকলে ভবিষ্যতৰ ভাল সপোন দেখুৱাব পাৰিব লাগে। 
 
প্ৰশ্নঃ শিক্ষকতাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?
 
উত্তৰ: মই শিক্ষকতা কৰা বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যাক ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু গৰাখহনীয়াৰ কৱলত পৰা পৰিয়ালৰ ল'ৰা -ছোৱালী। সিহঁতবোৰৰ নিশকতীয়া চেহেৰাবোৰে প্ৰতিটো মুহূৰ্ততে আমাক উপলব্ধি কৰাই যে মানুহৰ জীৱনবোৰ কিমান যে কষ্টকৰ হ'ব পাৰে। মুঠতে বিদ্যালয়ৰ শ্ৰেণী কোঠাত ধনী-দুখীয়া, জ্ঞানী-অজ্ঞানী সকলো শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীকে কোনো বৈষম্য নৰখাকৈ ভবিষ্যতৰ সুন্দৰ সপোন দেখুৱাব পৰাটো  শিক্ষকসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। উপযুক্ত প্ৰশিক্ষণ নথকা, শিশু শিক্ষাৰ ওপৰত গভীৰ অধ্যয়ন নথকা আৰু সমাজ তথা দেশৰ প্ৰতি দায়িত্ব-জ্ঞান নথকা শিক্ষকসকলক লগত লৈ বিদ্যালয় এখনক আগবঢ়াই নিয়াটো অতি কষ্টসাধ্য কাম। 
 
২০২০ ৰ পৰা মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈ নিজৰ বিদ্যালয়খনক এখন ধুনীয়া বিদ্যালয় কৰিবলৈ গৈয়ো বহুতো প্ৰত্যাহ্বানৰ মুখামুখি হৈছোঁ। এই সময়ছোৱাত ছাত্ৰৰ সংখ্যা দুগুণ হ'ল, বিদ্যালয়ৰ চেহেৰা সলনি হৈ ছাত্ৰৰ আকৰ্ষণ বৃদ্ধি পালে, শিক্ষক বঁটাও পালোঁ, তথাপি সমাজৰ মুখীয়ালসকলৰ পৰা কোনো উৎসাহমূলক কথা শুনিবলৈ নাপালোঁ। কাৰণ আমাৰ দৰে অ-ৰাজনৈতিক শিক্ষকসকল সমাজত ৰাজনৈতিকভাৱে একেবাৰে গুৰুত্বহীন মানুহ। ৰাজনৈতিক ভাবে বিচৰা ধৰণে সহায় কৰিব নোৱাৰা বাবেই আমি গুৰুত্বহীন হৈ পৰোঁ। হয়তো কাৰোঁবাক ছাত্ৰ -ছাত্ৰীৰ ইউনিফৰ্মৰ ঠিকা দিব পৰা নাই, কাৰণ জোখ-মাপহীন কলকতীয়া ঠিকাদাৰে যোগান ধৰা কাপোৰ আজি কালিৰ ছাত্ৰ- ছাত্ৰীয়ে নিপিন্ধে। দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মূখলৈ চাই আৰু বিদ্যালয়ৰ স্বাৰ্থ চিন্তা আগত ৰাখি সেই প্ৰত্যাহ্বানকো অৱশ্যে গ্ৰহণ কৰিছোঁ আৰু থলোৱা ঠিকাদাৰক দি জোখ-মাপ লৈ ছাত্ৰ-ছাত্ৰীক কাপোৰ যোগান ধৰিছোঁ।
 
ছাত্ৰ-ছাত্ৰীৰে ভৰা এটা শ্ৰেণীকোঠা
 
মধ্যাহ্ন ভোজনৰ দায়িত্বই প্ৰধান শিক্ষকৰ মৰ্যদা সমাজত বহুলাংশে হ্ৰাস কৰিছে। ইয়াৰ নেতিবাচক প্ৰভাব বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰতো পৰিছে। মধ্যাহ্ন ভোজন যোগান প্ৰধান শিক্ষকৰ পৰা আঁতৰাই নি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিলে ছাত্ৰ-শিক্ষক উভয়ৰে মংগল হ'ব। বিদ্যালয় এখনৰ পৰিচালনা সমিতিৰ সভাপতিজন অতি কমেও এগৰাকী অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক হ'ব লাগে আৰু সদস্যসকল জনা-বুজা হ'লে ভাল। নহ'লে বিদ্যালয়ৰ উন্নয়নত নেতিবাচক প্ৰভাব পৰে।
 
প্ৰশ্নঃ এগৰাকী শিক্ষক হিচাবে আপোনাৰ ভবিষ্যত কাৰ্যপন্থা কি?
 
উত্তৰঃ আগতে মই এখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ থাকোতে মোৰ দায়িত্বৰ পৰিসৰ কম আছিল। মই এতিয়া এখন হাইস্কুলৰ শিক্ষক হোৱাত মোৰ দায়িত্বৰ পৰিসৰ আগতকৈ বৃদ্ধি পাইছে। অহা দুই / তিনি বছৰৰ ভিতৰত আমাৰ এই নতুন বিদ্যালয়খনক অঞ্চলটোৰ এখন আদৰ্শ বিদ্যালয়লৈ গঢ় দিয়াৰ সপোন মনৰ ভিতৰত পুহি ৰাখিছোঁ। এই পৰিকল্পনাৰ কথা ভাৰপ্ৰাপ্ত প্ৰধানজনৰ লগতে সহকৰ্মী শিক্ষক - শিক্ষয়িত্ৰী সকলকো কোৱা হৈছে। সকলোকে লগতলৈ এই কাম সিদ্ধি কৰাৰ চিন্তা কৰা হৈছে।
 
তদুপৰি মই এগৰাকী লেখা-মেলাৰ সৈতে জড়িত শিক্ষক হিচাবে অহা বছৰটোৰ প্ৰথম ভাগতে নিজৰ দুখনকৈ কিতাপ ছপা কৰি উলিওৱাৰ পৰিকল্পনা কৰিছোঁ।