উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ বাছনি পৰীক্ষা অনুষ্ঠিত হব ডিচেম্বৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়
গুৱাহাটী
 
চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্রতিখন শিক্ষানুষ্ঠানে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মংগলবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। 
 
সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা অধিসূচনাখনত এই বুলি উল্লেখ কৰা হয় যে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানে অহা ডিচেম্বৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। তদুপৰি বাছনি পৰীক্ষাত শিক্ষার্থীসকলে বিষয় অনুসৰি লাভ কৰা নম্বৰ অহা ১৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত বিদ্যালয় কর্তৃপক্ষই সংসদৰ পটেলত আপলোড কৰিব লাগিব।
কোনো ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষাৰ নম্বৰ শিক্ষা সংসদৰ প'ৰ্টেলত আপলোড কৰাৰ পৰা যাতে বাদ পৰি নাযায় তাৰ প্ৰতি নজৰ ৰাখিবলৈও বিদ্যালয়সমূহৰ কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে।  
ইফালে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা আন এক অধিসূচনাযোগে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা অহা ফেব্ৰুৱাৰী বা মাৰ্চত অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছে। এই লৈ প্ৰথম বর্ষৰ ছাত্র-ছাত্রীসকলক অনলাইন প্ৰ-পত্র পূৰণ অহা ৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত হ'ব লাগিব বুলিও সংসদে সময়সীমা নির্ধাৰণ কৰি দিছে।