চলিত মাহ প্রকাশ পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চলিত মাহৰ শেষভাগত প্রকাশ পাব। এই সম্ভাৱনা ব্যক্ত কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে। 
 
ছেবাৰ অধীনত যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰ ৰাজ্যখনৰ ৯১৩টা কেন্দ্রত অনুষ্ঠিত পৰীক্ষাত মুঠ ৪,২৫,৯৬৬গৰাকী পৰীক্ষার্থী অৱতীৰ্ণ হৈছে। 
 
ছেবাৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে, পৰীক্ষাৰ ফলাফল যিমান পাৰি সিমান সোনকালে দিবলৈ ছেবাই যাৱতীয় কাম-কাজ প্রায় সম্পূর্ণ কৰিছে। ফলাফল ঘোষণাৰ দিন ধাৰ্য কৰা নাই যদিও এই প্রক্রিয়া চূড়ান্ত পর্যায়ত আছে। 
 
উল্লেখ্য যে, ছেবাই প্রথমবাৰৰ কাৰণে ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত অ' এম আৰ শ্বিটত প্রশ্নোত্তৰ লিখাৰ ব্যৱস্থা কৰিছে। পৰীক্ষাৰ বহীসমূহৰ মূল্যায়নৰ বাবে ৪০টা কেন্দ্ৰ স্থাপন কৰিছে ছেবাই।