আজি সৰস্বতীৰ পূজা; বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান

Story by  atv | Posted by  [email protected] • 1 Months ago
আজি সৰস্বতীৰ পূজা; বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান
আজি সৰস্বতীৰ পূজা; বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান
 
গুৱাহাটী
 
আজি সৰস্বতী পূজা। বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে। সজাই-পৰাই তোলা হৈছে বিদ্যালয়-মহাবিদ্যালয় তথা প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই কৰা হৈছে পূজাৰ আয়োজন। 
 
ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকল ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাখনো শৈক্ষিক প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানতে আজি পুৱাৰেপৰা সৰস্বতী পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় আদিত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। 
 
ধুবুৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানও বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা প্ৰস্তুতি চলাই থকা হৈছে। একেদৰে বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। মাজুলীৰ বিভিন্ন স্থানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে।