ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰৱৰ্তী সভাপতি হব অভিনেতা আৰ মাধৱন

Story by  atv | Posted by  Munni Begum • 10 Months ago
অভিনেতা আৰ মাধৱন
অভিনেতা আৰ মাধৱন
 
নতুন দিল্লী
 
ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হৈছে অভিনেতা আৰ মাধৱন। ২০২০ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈকে এই পদত অধিষ্ঠিত হৈ থকা পৰিচালক শেখৰ কাপুৰৰ পিছত মাধৱনে এই পদৰ বাবে নিৰ্বাচিত হৈছে।  
 
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে নিজৰ এক্স একাউণ্ট (পূৰ্বৰ টুইটাৰ)ত এই বিষয়ে ঘোষণা কৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীলৈ তেওঁৰ উষ্ম আদৰণি জনাইছে। 
 
তেওঁ লিখিছে, "এফ টি আই আই অফিচিয়েলৰ সভাপতি আৰু গভৰ্নিং কাউন্সিলৰ অধ্যক্ষ হিচাপে মনোনীত হোৱাৰ বাবে অভিনেতা মাধৱনলৈ আন্তৰিক অভিনন্দন। মই নিশ্চিত যে আপোনাৰ বিশাল অভিজ্ঞতা আৰু শক্তিশালী নৈতিকতাই এই প্ৰতিষ্ঠানটোক সমৃদ্ধ কৰিব আৰু ইতিবাচক পৰিৱৰ্তন আনিব আৰু ইয়াক উচ্চ পৰ্যায়লৈ লৈ যাব। আপোনালৈ মোৰ শুভেচ্ছা থাকিল।" 
 
এক্সত দিয়া সঁহাৰিত মাধৱনে মন্ত্ৰী অনুৰাগ ঠাকুৰৰ টুইটটো পুনৰ পোষ্ট কৰি লিখিছে, "সন্মান আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। ম‍ই অনুৰাগ ঠাকুৰ ডাঙৰীয়াৰ সকলো আশা পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।"
 
১৯৬০ চনত প্ৰতিষ্ঠা হোৱা মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত এই এফ টি আই আইয়ে অভিনয়, পৰিচালনা, চিনেমাট’গ্ৰাফী, সম্পাদনাৰ পাঠ্যক্ৰম আগবঢ়ায় আহিছে। 
 
২০০০ চনত মণিৰত্নমে পৰিচালনা কৰা ৰোমাঞ্চ ছবি 'আলাইপায়ুথেই' তামিল চিনেমাত মাধৱনৰ আত্মপ্ৰকাশ ঘটাইছিল। পিছৰ বছৰত তেওঁ বলীউডত 'ৰেহনা হায় টেৰে দিল মেইন'ৰ জৰিয়তে গৌতম বাছুদেৱ মেননৰ পৰিচালনাত নিৰ্মিত ৰোমান্টিক ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল, এই ছবি খনত তেওঁৰ সৈতে অভিনীত আছিল দিয়া মিৰ্জা। 
 
ইছৰোৰ প্ৰাক্তন বিজ্ঞানী এছ নম্বি নাৰায়ণনৰ জীৱনৰ ওপৰত আধাৰিত জীৱনীমূলক নাটক 'ৰকেট্ৰি: দ্য নাম্বি ইফেক্টে' ২৪ আগষ্টত অনুষ্ঠিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু অভিনেতাগৰাকীয়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ সন্মান লাভ কৰে। শশীকান্তৰ আগন্তুক ছবি 'টেষ্ট'ত মুখ্য চৰিত্ৰত অভিনয় কৰিব আৰ মাধৱনে। খবৰ অনুসৰি এই ছবিখনত মাধৱনে অভিনয় কৰিছে আৰু ছবিখন ক্ৰিকেট উদ্যোগৰ ওপৰত আধাৰিত।