মুম্বাই
দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ আজি ৪৩ সংখ্যক জন্মদিন। পুষ্প ২ ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰা অভিনেতা গৰাকীয়ে নিজৰ জন্মদিনটোত প্ৰতিবছৰেই এক মহৎ কাম সম্পাদন কৰি আহিছে।
জন্মদিনটোত ৰক্তদান কৰা অভিনেতাসকলৰ ভিতৰত আল্লু অৰ্জুন অন্যতম। প্ৰতি বছৰে জন্মদিনত আল্লু অৰ্জুনে ৰক্তদান কৰাৰ লগতে ৰক্তদান শিবিৰৰো আয়োজন কৰে, য'ত তেওঁৰ অনুৰাগীসকলেও ৰক্তদান কৰিবলৈ আহে।
তেওঁ পৰিয়াল আৰু সন্তানৰ সৈতে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। এই দিনটোক আৰু বিশেষ কৰি তুলিবলৈ তেওঁ ঘৰতে নিজৰ জন্মদিন পালন কৰে পৰিয়ালৰ সৈতে।
দক্ষিণৰ অন্যতম ধনী অভিনেতা সকলৰ মাজৰ এজন হৈছে আল্লু অৰ্জুন। 'পুষ্পা' অভিনেতাগৰাকীক ষ্টাইলিছ ষ্টাৰ বুলিও জনা যায়। ২০০৩ চনত অৰ্জুনে 'গংগোত্ৰী' ছবিত অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
তাৰকাগৰাকীৰ সমগ্ৰ বিশ্বতে বিপুল অনুৰাগী আছে। বহু ছবিত বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰকে ধৰি বহু বঁটা লাভ কৰিছে। অভিনেতাগৰাকীয়ে তেওঁৰ এখন ছবিৰ বাবে ১৫০ৰ পৰা ২০০ কোটি টকা লয়।
প্ৰথম অৱস্থাত অভিনেতাজনে এনিমেটৰ হিচাপে কাম কৰিছিল, যাৰ বাবে তেওঁ তিনি হাজাৰ টকা পাইছিল। আজি তেওঁৰ সম্পত্তি হৈছে ৪৬০ কোটি টকা।
উল্লেখ্য যে, অভিনেতাৰ জন্মদিনটোতে ছান পিকচাৰ্ছৰ প্ৰডাকশ্যন কোম্পানীয়ে ডাঙৰ ঘোষণা কৰিছে। আটলীৰ সৈতে আল্লু অৰ্জুনে নতুন ছবিৰ কথা ছচিয়েল মিডিয়াত ঘোষণা কৰিছে। আজি ছবিখনৰ টিজাৰো মুকলি কৰিছে নিৰ্মাতাই।
জোৱান খ্যাত পৰিচালক গৰাকীয়ে এতিয়া নিৰ্মাণ কৰিবলৈ ওলাইছে কল্পবিজ্ঞান ভিত্তিক এখন একশ্যন ছবি। 'পুষ্পা' খ্যাত আল্লু অৰ্জুনক নিশ্চয়কৈ এইবাৰ ছুপাৰহিৰোৰ সাজ-পোছাকত দেখা যাব৷
মঙলবাৰে ছান পিকচাৰ্ছে ঘোষণা কৰে যে, "আল্লুৱে এটলীৰ সৈতে নিজৰ কেৰিয়াৰৰ ২২ সংখ্যক ছবিখন কৰিবলৈ ওলাইছে। আনহাতে, পৰিচালক হিচাপে এটলীৰ এইখন ৬ সংখ্যক ছবি হ’ব।"