গুৱাহাটী
গুৱাহাটীস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম (Directorate of Elementary Education)ৰ কাৰ্যালয়ত কৰ্মব্যস্ততাৰ মাজতে সাংস্কৃতিক, সামাজিক তথা বৌদ্ধিক কাৰ্যসূচীসমূহ অব্যাহত আছে। সময়ে সময়ে বিভিন্ন উৎসৱ-পাৰ্বণ আৰু গুৰুত্বপূৰ্ণ দিৱস পালনেৰে কাৰ্যালয়ত সৃষ্টিশীল সাংস্কৃতিক পৰিবেশ গঢ়ি তোলা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় আন এক আটকধুনীয়া অনুষ্ঠান।
প্ৰাথমিক শিক্ষা সঞ্চালকালয় চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে কাৰ্যালয়ৰ কৰ্মচাৰী তথা প্ৰতিভাৱান সংগীত শিল্পী হিমন্ত গগৈৰ প্ৰথমটো মিউজিক ভিডিঅ' “বুলি ভাবিছো” উন্মোচন কৰে।
অনুষ্ঠানত উপ-সঞ্চালক টিটু গগৈৰ লগতে সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত গীতটো মুকলি কৰি সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে কাৰ্যালয়ৰ ব্যস্ততাৰ মাজতেই হিমন্ত গগৈৰ সাংস্কৃতিক যাত্ৰাৰ প্ৰশংসা কৰে আৰু সংগীতৰ ক্ষেত্ৰখনত অধিক আগুৱাই যাবলৈ তেওঁক উদগনি যোগায়।
উল্লেখ্য যে, গানটোৰ কথা, সুৰ আৰু কণ্ঠ হিমন্ত গগৈৰ। মিউজিক ভিডিঅ'টোত অভিনয় কৰিছে নৱীন দেউৰী, শিৱানী বৈশ্য আৰু সংগীবৃন্দই। সংগীত ব্যৱস্থাপনা দীপকেশ বুঢ়াগোহাইৰ, পৰিচালনা তিলক ৰঞ্জন হাজৰিকা আৰু কৰিঅ’গ্ৰাফি জিতুল তিমুঙৰ। চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশত গানটোৰ চিত্ৰায়ণ কৰা হৈছে।
গুৱাহাটীস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত এটি সৃষ্টিশীল সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা ১৯৯৯ বৰ্ষৰ এচিএছ (ACS) বিষয়া সুৰঞ্জনা সেনাপতি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক নিযুক্ত হোৱাৰ পূৰ্বে ছেবাৰ সচিব আৰু কামৰূপ (ম)ৰ অতিৰিক্ত উপায়ুক্ত ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ছেবাৰ প্ৰথমগৰাকী মহিলা সচিব।
এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা সেনাপতিৰ মাতৃ আছিল কেইবাটাও চিৰসেউজ অসমীয়া গানৰ গায়িকা তুলিকা সেনাপতি। পঞ্চাশ আৰু ষাঠীৰ দশকত সুমধুৰ কন্ঠেৰে অসমীয়া সংগীত জগতক বিশেষ মাত্ৰা প্ৰদান কৰা তুলিকা সেনাপতিৰ চিৰসেউজ গানসমূহৰ ভিতৰত আছেঃ সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে, চিঠি পালোঁ পঢ়ি চালোঁ, দেখি গগনৰ চপৰা ডাৱৰ, অ’ ফুল অ’ ফুল নুফুল কিয়, বগলী এ সবাহলৈ নগলি কিয় ইত্যাদি৷ তেওঁ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইবাটাও গীতত কণ্ঠ নিগৰাই শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰিছিল।