Sun May 25 2025 7:05:00 PM
  • Follow us on
  • Subcribe

তিনি প্ৰকাৰৰ অনলাইন গেম নিষিদ্ধ কৰিব কেন্দ্ৰই, দেশৰ ডিজিটেল জগতত চকু মোদী চৰকাৰৰ

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

অনলাইন গেমৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা ল’বলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে তিনি ধৰণৰ অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। বেটিং গেমৰ লগতে মানুহৰ বাবে ক্ষতিকাৰক গেম আৰু আসক্ত হৈ পৰাৰ সম্ভাৱনা থকা অনলাইন গেমসমূহ চৰকাৰে নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰি আছে। সোমবাৰে এই কথা সদৰী কৰে তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।
 
উল্লেখ্য যে, প্ৰযুক্তিৰ বাবে দেশত অনলাইন গেমৰ জনপ্ৰিয়তা বাঢ়িছে। বহুতো যুৱক-যুৱতী অনলাইন গেমৰ প্ৰতি আসক্ত হৈ পৰিছে। আকৌ এনে খেলত অংশগ্ৰহণ কৰি বহুতো লোক প্ৰতাৰণাৰ বলি হৈছে। এনে পৰিস্থিতিত চৰকাৰে এইবাৰ অনলাইন গেমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ চিন্তা কৰিছে। 
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোন ধৰণৰ অনলাইন গেমক ৰেহাই দিয়া হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ স্ব-নিয়ন্ত্ৰণকাৰী সংস্থা গঠন কৰা হ’ব। তেওঁ কয় যে অনলাইন গেমৰ সৈতে এইটোৱেই চৰকাৰৰ প্ৰথমটো এনে পদক্ষেপ।
 
অনলাইন গেমৰ সমান্তৰালকৈ কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰো চৰ্চা চলি আছে। যোৱা শুকুৰবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ChatGPTৰ উদ্ভাৱক অ’পেন এআইৰ মূৰব্বী ছেম অল্টমেনৰ সৈতে বৈঠকত মিলিত হৈছিল। সেই বৈঠকৰ অন্তত তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে কয় যে চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বিচাৰে। কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। দেশৰ ডিজিটেল জগতৰ নাগৰিক যাতে কোনো ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই দিশত গুৰুত্ব আৰোপ কৰিছে।