আৱাজ-দ্য ভইচ অসম ব্যুৰো
ভাৰতীয় কৌতুক অভিনেতা জাকিৰ খানে তেওঁৰ অনুষ্ঠান 'জাকিৰ খান লাইভ'ৰ জৰিয়তে ৰয়েল এলবাৰ্ট হলত আত্মপ্ৰকাশ কৰিব। যিটো খানৰ কৰ্ম জীৱনৰ এক উল্লেখযোগ্য কৃতিত্ব হিচাপে পৰিগণিত হৈছে। কাৰণ তেওঁ এই ঐতিহাসিক স্থানত অনুষ্ঠান পৰিৱেশন কৰা আৰু বিশ্বৰ বহু প্ৰখ্যাত সৃষ্টিশীল প্ৰতিভাৰ ঐতিহ্যৰ সৈতে যোগ দি এই উচ্চমানৰ মঞ্চখনত শোভা বঢ়োৱা প্ৰথমগৰাকী ভাৰতীয় কন্টেন্ট ক্ৰিয়েটৰ আৰু কৌতুক অভিনেতা হিচাপে পৰিগণিত হৈছে।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ সন্দৰ্ভত জাকিৰ খানে কয়, "ৰয়েল এলবাৰ্ট হলৰ সৈতে মোৰ পৰিচয় গুলাম আলী আৰু লতা মংগেশকাৰৰ দৰে শিল্পীৰ লাইভ প্ৰদৰ্শনৰ জৰিয়তে হৈছিল। মই আগতে এই সন্মানীয় স্থানত তেওঁলোকৰ অনুষ্ঠানৰ কেছেট ক্ৰয় কৰিছিলোঁ। কিন্তু ২০১৫ চনত ৰয়েল এলবাৰ্ট হলত এডেলৰ লাইভ প্ৰদৰ্শনৰ ভিডিঅ'ৰ প্ৰতি আকৰ্ষিত হৈছিলো। এই সুযোগ মোৰ দৰে শিল্পীসকলৰ বাবে এক প্ৰকৃত আশীৰ্বাদ, যিয়ে ভাৰতৰ সৃষ্টিশীল উৎকৰ্ষতাক বিশ্বব্যাপী অত্যাধুনিক ধৰণেৰে মঞ্চত প্ৰদৰ্শন কৰাৰ আকাংক্ষা কৰে।"
এক অনুষ্ঠানত জাকিৰ খান
এই সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি খানে লগতে কয়, "এই সুযোগ লাভ কৰি মই আপ্লুত আৰু উল্লাসিত হৈছো আৰু মোৰ অভিনয়ৰ যাত্ৰাই মোক সমগ্ৰ বিশ্বৰ সন্মুখলৈ লৈ যোৱাটো প্ৰায় অতিবাস্তৱ যেন লাগিছে। সৰ্বশক্তিমানৰ আশীৰ্বাদ আৰু মোৰ দৰ্শকৰ মৰমৰ বাবে মই দীৰ্ঘদিনীয়া দৃষ্টিভংগীক বাস্তৱ কৰি তুলিবলৈ সক্ষম হৈছো। এই অনুষ্ঠানটোৱে মোৰ বাবে অপৰিসীম তাৎপৰ্য বহন কৰিছে। অ'এমএল আৰু ইউটিএৰ নিষ্ঠাবান প্ৰচেষ্টাৰ বাবে প্ৰচেষ্টাৰ অবিহনে সম্ভৱ নহ'লহেঁতেন। মই ক'ব বিচাৰো যে এই কীৰ্তিচিহ্নস্বৰূপ মুহূৰ্তৰ অংশ হোৱাটো মোৰ বাবে সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা হ'ব।"
অনলি মাচ লাউডাৰৰ চিইঅ’ গুঞ্জন আৰিয়াই কয়, "গোলকীয় মঞ্চক আকোৱালি লৈ আমি গৌৰৱেৰে ভাৰতীয় মনোৰঞ্জনৰ নতুন যুগৰ আৰম্ভণিৰ সাক্ষী হবলৈ উলাইছো। কিয়নো জাকিৰ খানে ৰয়েল এলবাৰ্টৰ পবিত্ৰ হলৰ মঞ্চৰ শোভা বঢ়াবলৈ সাজু। ইয়াৰ প্ৰমাণ তেখেতৰ সীমাহীন প্ৰতিভা আৰু দৃঢ়তাৰ।
১৮৭১ চনত ৰাণী ভিক্টোৰিয়াই তেওঁৰ প্ৰয়াত স্বামী প্ৰিন্স এলবাৰ্টৰ স্মৃতিত উদ্বোধন হোৱা ৰয়েল এলবাৰ্ট হলটো ব্ৰিটেইনৰ অন্যতম প্ৰধান কনচাৰ্ট ভেন্যু হিচাপে এক চহকী ইতিহাস আছে। য’ত লতা মংগেশকাৰ, গুৰদাস মান, নুছৰত ফাতেহ আলী খান, এ আৰ ৰহমান, ৰবি শংকৰ, গুলাম আলী, জাকিৰ হুছেইনকে ধৰি কিংবদন্তি শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিছে। ছিডনী অপেৰা হাউচ আৰু পেলেছ থিয়েটাৰৰ দৰে সন্মানীয় স্থানত খানৰ আগন্তুক অভিনয়ে বিশ্ব মঞ্চত ভাৰতৰ অন্যতম সন্মানীয় আৰু আকাংক্ষিত কৌতুক অভিনেতা হিচাপে তেওঁৰ মৰ্যাদাক আৰু অধিক দৃঢ় কৰি তুলিছে।
খানে চলিত বৰ্ষৰ শেষৰ ফালে ছিডনী অপেৰা আৰু পেলেছ থিয়েটাৰৰ দৰে সন্মানীয় স্থানত অনুষ্ঠান পৰিৱেশন কৰিব। যাৰ ফলত তেওঁ শেহতীয়াকৈ ভাৰতৰ বাহিৰত অন্যতম আকাংক্ষিত কৌতুক অভিনেতা হিচাপে পৰিগণিত হ’ব।
কৌতুক অভিনেতা জাকিৰ খান তেওঁৰ পিতৃ-মাতৃৰ সৈতে
প্ৰায় সম্পূৰ্ণৰূপে হিন্দী ভাষাত ষ্টেণ্ড আপ কৰা কেইজনমান কৌতুক অভিনেতাৰ ভিতৰত অন্যতম খানে গোলকীয় মঞ্চ ক্ৰমে ছ’হো থিয়েটাৰ, ডুবাই অপেৰা, দ্য বিকন থিয়েটাৰ ইত্যাদিত সমূহ দৰ্শকক সম্পূৰ্ণৰূপে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ১,০০,০০০ তকৈও অধিক টিকট বিক্ৰী হোৱা 'তাথাষ্টু'ৰ সমৰ্থনত তেওঁক শেহতীয়াকৈ আমেৰিকা যুক্তৰাজ্য, ছিংগাপুৰ, কানাডা, ডুবাই আৰু অষ্ট্ৰেলিয়াত ভ্ৰমণ কৰা দেখা গৈছিল। এতিয়া তেওঁ অহা কেইমাহমানৰ ভিতৰত ছিংগাপুৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়ালৈ কেইবাটাও সম্পূৰ্ণ নতুন হেডলাইনিং শ্ব' আৰম্ভ কৰিছে।
ভাৰতীয় কৌতুক জগতত খানৰ যাত্ৰা আৰম্ভ হৈছিল ২০১২ চনত। যেতিয়া তেওঁ কমেডী চেণ্ট্ৰেলৰ উদ্যোগত আয়োজিত কৌতুক প্ৰতিযোগিতাত ‘ভাৰতৰ শ্ৰেষ্ঠ ষ্টেণ্ড আপ’ খিতাপ লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ আমাজন প্ৰাইম ভিডিঅ’ত তেওঁৰ তিনিখন ষ্টেণ্ডআপ ছিৰিজ ‘হক ছে চিংগল’ (২০১৭), ‘কক্ষ গ্যাৰৱী’ (২০১৮), আৰু ‘তথাষ্টু’ (২০২২)-য়ে বহুলভাৱে প্ৰশংসা লাভ কৰিছিল। বৰ্তমান লাইভ এৰিনা চাৰ্কিটত আধিপত্য বিস্তাৰ কৰি আছে।
দৈনন্দিন জীৱনত কৌতুক উপাদানবোৰ আলোকপাত কৰাৰ ক্ষমতাৰ বাবে প্ৰসিদ্ধ, জাকিৰৰ অনন্য ভাৰতীয় কৌতুক শৈলীত তেওঁ প্ৰতিটো ভাৰতীয় পৰিয়ালৰ সাধাৰণ আৱেগক প্ৰদৰ্শিত কৰি আহিছে। সমগ্ৰ বিশ্বৰ দৰ্শকৰ পৰা ব্যপক প্ৰশংসা লাভ কৰি অহা জাকিৰ খানে নিজকে দক্ষিণ এছিয়াৰ ষ্টেণ্ড-আপ কৌতুক অভিনেতাৰ অন্যতম ভেটি স্থাপন কৰিছে।